--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি অহা ২৫ আগষ্টৰ পৰা ভাৰতৰ পৰা আমেৰিকালৈ অধিকাংশ ডাক সেৱা অস্থায়ীভাৱে বন্ধ কৰা হ'ব।

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ শুল্ক বোমাৰ প্ৰত্যুত্তৰ দি ভাৰত চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি অহা ২৫ আগষ্টৰ পৰা ভাৰতৰ পৰা আমেৰিকালৈ অধিকাংশ ডাক সেৱা অস্থায়ীভাৱে বন্ধ কৰা হ'ব।


ভাৰতীয় ডাক বিভাগে এই পদক্ষেপ গ্রহণ কৰে আমেৰিকা চৰকাৰে যোৱা ৩০ জুলাইত জাৰি কৰা এক আদেশৰ পাছত। ট্রাম্প প্রশাসনে জাৰি কৰা ১৪৩২৪ নম্বৰৰ কাৰ্যকৰী নিৰ্দেশ অনুসৰি ৮০০ ডলাৰ পৰ্যন্ত মূল্যৰ সামগ্ৰীত থকা সীমা শুল্ক ৰেহাই প্রত্যাহাৰ কৰা হৈছে। উল্লেখযোগ্য যে আগতে আমেৰিকালৈ প্ৰেৰণ কৰা কম মূল্যৰ সামগ্ৰীত কোনো ধৰণৰ সীমা শুল্ক আৰোপ কৰা নহৈছিল, কিন্তু ট্রাম্প প্রশাসনৰ শেহতীয়া আদেশত সকলো ধৰণৰ সামগ্ৰীতে এতিয়া সীমা শুল্ক আৰোপ কৰা হৈছে।


অৱশ্যে ১০০ মার্কিন ডলাৰ মূল্যৰ উপহাৰ সামগ্রী, চিঠি-পত্র তথা নথি-পত্ৰৰ ক্ষেত্রত এই নিয়ম কাৰ্যকৰী নহয়। আমেৰিকা চৰকাৰৰ নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা পৰিবহণ কোম্পানীসমূহৰ লগতে আমেৰিকাৰ সীমা শুল্ক আৰু সীমান্ত সুৰক্ষাৰ (চি বিপি) স্বীকৃতিপ্রাপ্ত পক্ষসমূহে আন্তঃৰাষ্ট্ৰীয় ডাক পৰিবহণৰ বাবে শুল্ক জমা দিব লাগিব। চি বি পিয়ে ১৫ আগষ্টত এই নিয়ম প্রকাশ কৰে, কিন্তু স্বীকৃতিপ্রাপ্ত পক্ষক চিনাক্ত কৰা আৰু শুল্ক জমা কৰাৰ প্ৰক্ৰিয়া সম্পর্কে বিতংভাৱে একো জনোৱা নাই। সেয়েহে আমেৰিকালৈ যোৱা আন্তঃৰাষ্ট্ৰীয় মেইল পৰিচালনা কৰা বিমান পৰিবহণ কোম্পানীসমূহে ডাক সামগ্রী গ্রহণ কৰিবলৈ অস্বীকাৰ কৰিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ডাক বিভাগে ২৫ আগষ্টৰ পৰা আমেৰিকালৈ প্ৰেৰণ কৰিবলগীয়া সকলো সামগ্ৰীৰ বুকিং অস্থায়ীভাৱে বন্ধ ৰাখিছে। অৱশ্যে ১০০ ডলাৰ কম মূল্যৰ উপহাৰ সামগ্ৰী, চিঠি তথা নথি-পত্ৰ প্ৰেৰণ কৰিব পাৰিব। ডাক বিভাগে প্রকাশ কৰা অনুসৰি চি বি পি আৰু আমেৰিকাৰ ডাক সেৱাৰ (ইউ এছ পি এছ) পৰা অধিক তথ্য লাভৰ পাছত এই সামগ্ৰীসমূহ প্ৰেৰণ কৰিব পৰা যাব।


 ডাক বিভাগে কয়, '২৯ আগষ্টৰ পৰা আমেৰিকালৈ প্ৰেৰণ কৰিবলগীয়া ডাক সামগ্ৰীত ইণ্টাৰনেশ্যনেল ইমার্জেন্সি ইক'নমী পাৱাৰ এক্টৰ (আই ই ই পি এ) অধীনত সামগ্ৰীৰ মূল্য যিমানেই নহওক, শুল্কৰ গাঁথনি অনুসৰি সীমা শুল্ক ভৰিব লাগিব। অৱশ্যে প্রায় ৮,৭০০ টকা (১০০ ডলাৰ) মূল্যৰ উপহাৰ সামগ্ৰীক সীমা শুল্কৰ পৰা ৰেহাই দিয়া হৈছে। পি আই বিয়ে প্রকাশ কৰা এটা বিবৃতিত কোৱা হৈছে যে যিসকল গ্রাহকে ইতিমধ্যে এনে সামগ্রী বুক কৰিছে তেওঁলোকে নতুন নিয়ম অনুসৰি এই সামগ্রীসমূহ আমেৰিকালৈ প্ৰেৰণ কৰিব নোৱাৰিব। তেওঁলোকে ডাক শুল্ক ঘূৰাই ল'ব পাৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ