--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ট্ৰাম্প আৰু ভাৰতৰ মাজৰ দূৰত্ব আৰু বৃদ্ধি পাবলৈ গৈ আছে। ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ট্ৰাম্প ক্ষুব্ধ হৈ পৰিছে আৰু ইয়াক লৈ তেওঁ অসন্তুষ্টি প্ৰকাশ কৰিছে।

ডিজিটেল ডেস্কঃ ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ২৭ আগষ্টৰ পুৱা ১২.০১ বজাৰ পৰা নতুন শুল্ক ব্যৱস্থা কাৰ্যকৰী কৰা হ’ব বুলি কোৱা হৈছে।


ট্ৰাম্প আৰু ভাৰতৰ মাজৰ দূৰত্ব আৰু বৃদ্ধি পাবলৈ গৈ আছে। ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ট্ৰাম্প ক্ষুব্ধ হৈ পৰিছে আৰু ইয়াক লৈ তেওঁ অসন্তুষ্টি প্ৰকাশ কৰিছে।


ট্ৰাম্প প্ৰশাসনে কয় যে ভাৰতে ৰাছিয়াৰ পৰা অবিৰতভাৱে তেল ক্ৰয় কৰাটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে চিন্তাৰ বিষয়। আমেৰিকাৰ গৃহ নিৰাপত্তা বিভাগে শুল্ক আৰু সীমা সুৰক্ষাৰ জৰিয়তে এই শুল্ক সম্পৰ্কে তথ্য ভাগ-বতৰা কৰিছে। ইয়াৰ জৰিয়তে ভাৰতৰ ওপৰত হেঁচা বৃদ্ধি কৰিব বিচাৰিছে ট্ৰাম্পে। ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল যদিও তাৰ পিছত ৫০ শতাংশলৈ বৃদ্ধি কৰে।


ৰাছিয়াৰ সৈতে ব্যৱসায় কৰাসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে ট্ৰাম্পে


আচলতে ট্ৰাম্পে ৰাছিয়াৰ সৈতে সম্পৰ্ক থকা দেশসমূহৰ ওপৰত হেঁচা বৃদ্ধি কৰিছে। ভাৰত আৰু ৰাছিয়াৰ মাজত বহুত ভাল বন্ধুত্ব আছে আৰু দুয়োৰে মাজত বাণিজ্যও সংঘটিত হয়। ট্ৰাম্পে কয় যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি পৰোক্ষভাৱে ইউক্ৰেইন যুদ্ধৰ বাবে ধন আগবঢ়াইছে। দীৰ্ঘদিন ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে। ইয়াৰ অন্ত পেলাবলৈ ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতেও বৈঠকত মিলিত হয়।


আমেৰিকাৰ শুল্কক লৈ ভাৰতৰ সঁহাৰি কি আছিল?


ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে ৫০ শতাংশ শুল্কক ভুল বুলি অভিহিত কৰিছিল।শক্তিৰ প্ৰয়োজনীয়তা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিছে বুলি কয়। লগতে কোৱা হৈছে যে য’ৰ পৰাই তেল সস্তাত পোৱা যাব তাতেই তেল কিনা হ’ব।


ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যৰ কোনো চুক্তি নহয়


ট্ৰাম্পৰ হঠকাৰীতাৰ বাবে আবদ্ধ হৈ থকা ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তি হ’বলৈ ওলাইছিল। ট্ৰাম্পে বিচাৰে ভাৰতে কৃষি আৰু দুগ্ধ খণ্ড সম্পূৰ্ণৰূপে মুকলি কৰক, কিন্তু ভাৰত ইয়াৰ বাবে সাজু নহয়। এই বিষয়ত ভাৰতে কয় কৃষকৰ সৈতে জড়িত বিষয়ত আপোচ কৰিব নোৱাৰি।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ