--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ট্ৰাম্প আৰু ভাৰতৰ মাজৰ দূৰত্ব আৰু বৃদ্ধি পাবলৈ গৈ আছে। ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ট্ৰাম্প ক্ষুব্ধ হৈ পৰিছে আৰু ইয়াক লৈ তেওঁ অসন্তুষ্টি প্ৰকাশ কৰিছে।

ডিজিটেল ডেস্কঃ ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ২৭ আগষ্টৰ পুৱা ১২.০১ বজাৰ পৰা নতুন শুল্ক ব্যৱস্থা কাৰ্যকৰী কৰা হ’ব বুলি কোৱা হৈছে।


ট্ৰাম্প আৰু ভাৰতৰ মাজৰ দূৰত্ব আৰু বৃদ্ধি পাবলৈ গৈ আছে। ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ট্ৰাম্প ক্ষুব্ধ হৈ পৰিছে আৰু ইয়াক লৈ তেওঁ অসন্তুষ্টি প্ৰকাশ কৰিছে।


ট্ৰাম্প প্ৰশাসনে কয় যে ভাৰতে ৰাছিয়াৰ পৰা অবিৰতভাৱে তেল ক্ৰয় কৰাটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে চিন্তাৰ বিষয়। আমেৰিকাৰ গৃহ নিৰাপত্তা বিভাগে শুল্ক আৰু সীমা সুৰক্ষাৰ জৰিয়তে এই শুল্ক সম্পৰ্কে তথ্য ভাগ-বতৰা কৰিছে। ইয়াৰ জৰিয়তে ভাৰতৰ ওপৰত হেঁচা বৃদ্ধি কৰিব বিচাৰিছে ট্ৰাম্পে। ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল যদিও তাৰ পিছত ৫০ শতাংশলৈ বৃদ্ধি কৰে।


ৰাছিয়াৰ সৈতে ব্যৱসায় কৰাসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে ট্ৰাম্পে


আচলতে ট্ৰাম্পে ৰাছিয়াৰ সৈতে সম্পৰ্ক থকা দেশসমূহৰ ওপৰত হেঁচা বৃদ্ধি কৰিছে। ভাৰত আৰু ৰাছিয়াৰ মাজত বহুত ভাল বন্ধুত্ব আছে আৰু দুয়োৰে মাজত বাণিজ্যও সংঘটিত হয়। ট্ৰাম্পে কয় যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি পৰোক্ষভাৱে ইউক্ৰেইন যুদ্ধৰ বাবে ধন আগবঢ়াইছে। দীৰ্ঘদিন ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে। ইয়াৰ অন্ত পেলাবলৈ ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতেও বৈঠকত মিলিত হয়।


আমেৰিকাৰ শুল্কক লৈ ভাৰতৰ সঁহাৰি কি আছিল?


ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে ৫০ শতাংশ শুল্কক ভুল বুলি অভিহিত কৰিছিল।শক্তিৰ প্ৰয়োজনীয়তা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিছে বুলি কয়। লগতে কোৱা হৈছে যে য’ৰ পৰাই তেল সস্তাত পোৱা যাব তাতেই তেল কিনা হ’ব।


ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যৰ কোনো চুক্তি নহয়


ট্ৰাম্পৰ হঠকাৰীতাৰ বাবে আবদ্ধ হৈ থকা ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তি হ’বলৈ ওলাইছিল। ট্ৰাম্পে বিচাৰে ভাৰতে কৃষি আৰু দুগ্ধ খণ্ড সম্পূৰ্ণৰূপে মুকলি কৰক, কিন্তু ভাৰত ইয়াৰ বাবে সাজু নহয়। এই বিষয়ত ভাৰতে কয় কৃষকৰ সৈতে জড়িত বিষয়ত আপোচ কৰিব নোৱাৰি।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু