--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • তিনিটা গ'লৰ সহায়ত শুকুৰবাৰে নিজৰ প্ৰথম খেলত চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে।

ডিজিটেল ডেস্ক : ভাৰতে এছিয়া কাপ হকীত জয়েৰে অভিযান আৰম্ভ কৰিলে। অধিনায়ক হৰমনপ্রীত সিঙে পেনাল্টি কৰ্ণাৰৰ জৰিয়তে দিয়া তিনিটা গ'লৰ সহায়ত শুকুৰবাৰে নিজৰ প্ৰথম খেলত চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে।


পুল 'এ'ৰ খেলখনত ভাৰতৰ হৈ হৰমনপ্রীতে (২০, ৩৩, ৪৭) হেটত্রিক অৰ্জন কৰাৰ লগতে আনটো গ'ল দিয়ে যোগৰাজ সিঙে ১৮ মিনিটত। চীনে ১২, ৩৫ আৰু ৪২ মিনিটত এটাকৈ গ'ল দিয়ে। প্রথমে এগ'লত পিছ পৰি থকা ভাৰতে দুই মিনিটৰ অন্তৰালত দুটাকৈ গ'ল দি ২-১ ব্যৱধানত অগ্রগতি লাভ কৰে। হৰমনপ্রীতে ৩৩ মিনিটত ব্যৱধান ৩-১ কৰে।


পৰৱৰ্তী সময়ত চীনে প্রত্যাৱর্তন ঘটাই ৩-৩ গ'লত সমতা স্থাপন কৰে। পুনৰ অধিনায়ক হৰমনপ্রীতে ৪৭ মিনিটত আন এক পেনাল্টি কৰ্ণাৰ গ'ললৈ ৰূপান্তৰিত কৰি নিজৰ হেটত্রিক পূৰ কৰাৰ লগতে ভাৰতৰ জয় ৪-৩ ব্যৱধানত নিশ্চিত কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ