--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অহা ২৫ জুলাইৰ পৰা অসমৰ ৰূপালী পৰ্দাত অসমৰ গৌৰৱগাথাৰ প্ৰতীক হিচাপে উদ্ভাসিত হৈ পৰিব

ডিজিটেল ডেস্ক : বিশ্বৰ বিভিন্ন চলচ্চিত্র মহোৎসৱত জিলিকি উঠাৰ পাছত অসমৰ স্বর্ণিল লোক-কলা ওজাপালি আৰু দেওধনী এইবাৰ অহা ২৫ জুলাইৰ পৰা অসমৰ ৰূপালী পৰ্দাত অসমৰ গৌৰৱগাথাৰ প্ৰতীক হিচাপে উদ্ভাসিত হৈ পৰিব।


উদ্ভাসিত হ'ব অসমৰ লোক-সংস্কৃতিৰ সাধনাত ব্ৰতী পদ্মশ্রী দ্রোণ ভূঞাৰ জীৱন সংগ্ৰামৰ এছোৱা অপ্রকাশিত অধ্যায়। উল্লেখযোগ্য যে অসমৰ লোক- সংস্কৃতি ওজাপালি আৰু দেওধনীক লৈ ৰাজেন দাসৰ পৰিচালনাত নির্মাণ হৈ উঠিছে এক কলাত্মক, গৱেষণাধর্মী চলচ্চিত্র 'আইৰন গাৰ্লছ'। কোনো ধৰণৰ বিত্তশালী প্রযোজক নোহোৱাকৈ একক প্রচেষ্টাৰে পাটাছাৰকুছিস্থিত নির্মল হালৈ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক তথা চলচ্চিত্ৰ পৰিচালক ৰাজেন দাসে চাৰি বছৰজোৰা এক প্ৰচেষ্টাৰ মাজেৰে নিৰ্মাণ কৰিছে 'আইৰন গাৰ্লছ'। অসমৰ লোক-সংস্কৃতিক বিশ্বদৰবাৰত প্ৰসাৰৰ বাবে পৰিচালক ৰাজেন দাসে ছবিখন লৈ গৈছিল বিশ্বৰ প্রান্তে প্রান্তে।


আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিকাগো চহৰত অনুষ্ঠিত হোৱা দক্ষিণ এছিয়া চলচ্চিত্র মহোৎসৱত যোৱা বছৰ 'আইৰন গার্লছ' ছবিখন প্রদর্শন হৈছিল। সেইদৰে নাইজেৰিয়া চৰকাৰৰ সাংস্কৃতিক দপ্তৰৰ আমন্ত্রণত আফ্রিকা মহাদেশৰ হলিউড-স্বৰূপ ৰাজধানী আবুজাৰ চলচ্চিত্ৰগৃহত 'আইৰন গাৰ্লছ' প্রদর্শন হৈছিল। নাইজেৰিয়াৰ সাংস্কৃতিক দপ্তৰৰ চলচ্চিত্র সঞ্চালকালয়ে পৰিচালক ৰাজেন দাসক অসমৰ লোক-সংস্কৃতিৰ এই স্বর্ণিল ৰূপ প্রত্যক্ষ কৰি সন্মানীয় 'জুমা এম্বেছাডৰ' উপাধি প্রদান কৰিছিল। নতুন দিল্লীৰ এন এফ ডি চি চিনেগৃহত ৰাষ্ট্ৰীয় সংবাদপত্র 'দৈনিক জাগৰণ'ৰ উদ্যোগত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শন হৈছিল 'আইৰন গাৰ্লছ'। তদুপৰি হিমাচল প্ৰদেশৰ ৰাজ্যপালে 'আইৰন গাৰ্লছ'ৰ পৰিচালক ৰাজেন দাসৰ হাতত তুলি দিছিল জুৰীৰ শ্ৰেষ্ঠ ছবিৰ সন্মান। এইবাৰ অহা ২৫ জুলাইত মাতৃভূমি অসমত শুভমুক্তিৰ বাবে সাজু হৈছে। চিনেমাখনৰ সন্দৰ্ভত পৰিচালক ৰাজেন দাসে আৱেগিকভাৱে কয়- 'আমাৰ কোনো বিত্তশালী প্রযোজক নাই। নিজৰো ধন-বিত নাই। কিন্তু এক দুঃসাহস লৈ অসমৰ জাতীয় লোক-সংস্কৃতিক জীয়াই ৰখাৰ দুৰন্ত তাড়নাৰ বাবে ছবিখন কৰিছোঁ। এতিয়া অসমৰ ৰাইজে ছবিগৃহলৈ আহি অসমৰ লোক-সংস্কৃতিৰ লগত জড়িত শিল্পীসকলক মৰম দিব লাগিব। আমাৰ জাতিটোৰ এয়া ভাষা- সংস্কৃতিক ৰক্ষাৰ সময়। এয়া আমি সকলোৱে এক জাতীয় দায়বদ্ধতা হিচাপে গ্রহণ কৰিব পাৰোঁ।' আনহাতে, 'আইৰন গাৰ্লছ' সম্পর্কত পদ্মশ্রী দ্রোণ ভূঞাই কয়, 'অসমৰ ওজাপালি আৰু দেওধনীক লৈ ৰাজেন দাসে নিৰ্মাণ কৰা আইৰন গাৰ্লছ ছবিখনত মোৰ জীৱনৰ এক গুৰত্বপূৰ্ণ অংশ উন্মোচিত হৈছে। মই ইয়াত নিজেই অভিনয় কৰিছোঁ। অভিনয় কৰি মই নিজেই আৱেগিক হৈ পৰিছোঁ। অসমৰ ৰাইজে ছবিখনক মৰম দিয়ক আৰু ওজাপালি- দেওধনীক জীয়াই ৰাখক।' পৰিচালকে জানিবলৈ দিয়া মতে, 'আইৰন গাৰ্লছ' অসমৰ লোক-সংস্কৃতিক জীয়াই ৰখাৰ সংগ্ৰামৰ এক জীয়া এপিটাফ।


ছবিখনৰ সহঃ প্রযোজকৰ দায়িত্ব বহন কৰিছে মীনাক্ষি দাসে। অভিনয় কৰিছে পদ্মশ্রী দ্রোণ ভূঞা, আশা বৰদলৈ, মৃদুল বৰুৱা, জেচমিন দাস, দীপান্বিতা দাস, বিশাল স্বর্গীয়াৰী, তৰুণ আজাদ ডেকা, প্রকাশ ঠাকুৰীয়া আদিয়ে। এই ছবিখনত সীমা ডেকা, প্রিয়ংকা দাস, নেহা চহৰীয়া, ময়ূৰী শিৱম নাথ আদি দেওধনী নৃত্যৰ সৈতে প্ৰকৃততেই জড়িত দেওধনী শিল্পীয়ে অভিনয় কৰিছে। দেওধনী নৃত্যক যাতে অবিকৃত ৰূপত ৰাখিব পাৰি তাৰ বাবেই পৰিচালকে এই পদক্ষেপ লোৱা বুলি জনাইছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ