--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অহা ২৫ জুলাইৰ পৰা অসমৰ ৰূপালী পৰ্দাত অসমৰ গৌৰৱগাথাৰ প্ৰতীক হিচাপে উদ্ভাসিত হৈ পৰিব

ডিজিটেল ডেস্ক : বিশ্বৰ বিভিন্ন চলচ্চিত্র মহোৎসৱত জিলিকি উঠাৰ পাছত অসমৰ স্বর্ণিল লোক-কলা ওজাপালি আৰু দেওধনী এইবাৰ অহা ২৫ জুলাইৰ পৰা অসমৰ ৰূপালী পৰ্দাত অসমৰ গৌৰৱগাথাৰ প্ৰতীক হিচাপে উদ্ভাসিত হৈ পৰিব।


উদ্ভাসিত হ'ব অসমৰ লোক-সংস্কৃতিৰ সাধনাত ব্ৰতী পদ্মশ্রী দ্রোণ ভূঞাৰ জীৱন সংগ্ৰামৰ এছোৱা অপ্রকাশিত অধ্যায়। উল্লেখযোগ্য যে অসমৰ লোক- সংস্কৃতি ওজাপালি আৰু দেওধনীক লৈ ৰাজেন দাসৰ পৰিচালনাত নির্মাণ হৈ উঠিছে এক কলাত্মক, গৱেষণাধর্মী চলচ্চিত্র 'আইৰন গাৰ্লছ'। কোনো ধৰণৰ বিত্তশালী প্রযোজক নোহোৱাকৈ একক প্রচেষ্টাৰে পাটাছাৰকুছিস্থিত নির্মল হালৈ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক তথা চলচ্চিত্ৰ পৰিচালক ৰাজেন দাসে চাৰি বছৰজোৰা এক প্ৰচেষ্টাৰ মাজেৰে নিৰ্মাণ কৰিছে 'আইৰন গাৰ্লছ'। অসমৰ লোক-সংস্কৃতিক বিশ্বদৰবাৰত প্ৰসাৰৰ বাবে পৰিচালক ৰাজেন দাসে ছবিখন লৈ গৈছিল বিশ্বৰ প্রান্তে প্রান্তে।


আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিকাগো চহৰত অনুষ্ঠিত হোৱা দক্ষিণ এছিয়া চলচ্চিত্র মহোৎসৱত যোৱা বছৰ 'আইৰন গার্লছ' ছবিখন প্রদর্শন হৈছিল। সেইদৰে নাইজেৰিয়া চৰকাৰৰ সাংস্কৃতিক দপ্তৰৰ আমন্ত্রণত আফ্রিকা মহাদেশৰ হলিউড-স্বৰূপ ৰাজধানী আবুজাৰ চলচ্চিত্ৰগৃহত 'আইৰন গাৰ্লছ' প্রদর্শন হৈছিল। নাইজেৰিয়াৰ সাংস্কৃতিক দপ্তৰৰ চলচ্চিত্র সঞ্চালকালয়ে পৰিচালক ৰাজেন দাসক অসমৰ লোক-সংস্কৃতিৰ এই স্বর্ণিল ৰূপ প্রত্যক্ষ কৰি সন্মানীয় 'জুমা এম্বেছাডৰ' উপাধি প্রদান কৰিছিল। নতুন দিল্লীৰ এন এফ ডি চি চিনেগৃহত ৰাষ্ট্ৰীয় সংবাদপত্র 'দৈনিক জাগৰণ'ৰ উদ্যোগত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শন হৈছিল 'আইৰন গাৰ্লছ'। তদুপৰি হিমাচল প্ৰদেশৰ ৰাজ্যপালে 'আইৰন গাৰ্লছ'ৰ পৰিচালক ৰাজেন দাসৰ হাতত তুলি দিছিল জুৰীৰ শ্ৰেষ্ঠ ছবিৰ সন্মান। এইবাৰ অহা ২৫ জুলাইত মাতৃভূমি অসমত শুভমুক্তিৰ বাবে সাজু হৈছে। চিনেমাখনৰ সন্দৰ্ভত পৰিচালক ৰাজেন দাসে আৱেগিকভাৱে কয়- 'আমাৰ কোনো বিত্তশালী প্রযোজক নাই। নিজৰো ধন-বিত নাই। কিন্তু এক দুঃসাহস লৈ অসমৰ জাতীয় লোক-সংস্কৃতিক জীয়াই ৰখাৰ দুৰন্ত তাড়নাৰ বাবে ছবিখন কৰিছোঁ। এতিয়া অসমৰ ৰাইজে ছবিগৃহলৈ আহি অসমৰ লোক-সংস্কৃতিৰ লগত জড়িত শিল্পীসকলক মৰম দিব লাগিব। আমাৰ জাতিটোৰ এয়া ভাষা- সংস্কৃতিক ৰক্ষাৰ সময়। এয়া আমি সকলোৱে এক জাতীয় দায়বদ্ধতা হিচাপে গ্রহণ কৰিব পাৰোঁ।' আনহাতে, 'আইৰন গাৰ্লছ' সম্পর্কত পদ্মশ্রী দ্রোণ ভূঞাই কয়, 'অসমৰ ওজাপালি আৰু দেওধনীক লৈ ৰাজেন দাসে নিৰ্মাণ কৰা আইৰন গাৰ্লছ ছবিখনত মোৰ জীৱনৰ এক গুৰত্বপূৰ্ণ অংশ উন্মোচিত হৈছে। মই ইয়াত নিজেই অভিনয় কৰিছোঁ। অভিনয় কৰি মই নিজেই আৱেগিক হৈ পৰিছোঁ। অসমৰ ৰাইজে ছবিখনক মৰম দিয়ক আৰু ওজাপালি- দেওধনীক জীয়াই ৰাখক।' পৰিচালকে জানিবলৈ দিয়া মতে, 'আইৰন গাৰ্লছ' অসমৰ লোক-সংস্কৃতিক জীয়াই ৰখাৰ সংগ্ৰামৰ এক জীয়া এপিটাফ।


ছবিখনৰ সহঃ প্রযোজকৰ দায়িত্ব বহন কৰিছে মীনাক্ষি দাসে। অভিনয় কৰিছে পদ্মশ্রী দ্রোণ ভূঞা, আশা বৰদলৈ, মৃদুল বৰুৱা, জেচমিন দাস, দীপান্বিতা দাস, বিশাল স্বর্গীয়াৰী, তৰুণ আজাদ ডেকা, প্রকাশ ঠাকুৰীয়া আদিয়ে। এই ছবিখনত সীমা ডেকা, প্রিয়ংকা দাস, নেহা চহৰীয়া, ময়ূৰী শিৱম নাথ আদি দেওধনী নৃত্যৰ সৈতে প্ৰকৃততেই জড়িত দেওধনী শিল্পীয়ে অভিনয় কৰিছে। দেওধনী নৃত্যক যাতে অবিকৃত ৰূপত ৰাখিব পাৰি তাৰ বাবেই পৰিচালকে এই পদক্ষেপ লোৱা বুলি জনাইছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু