--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰধানমন্ত্ৰী নেটান্যাহুৱে কয় যে সমগ্র গাজা দখলৰ পৰিৱৰ্তে ইজৰাইলে গাজাৰ ভিতৰত সুৰক্ষাৰ এক নতুন বেষ্টনী স্থাপন কৰাৰ পৰিকল্পনা কৰিছে।

ডিজিটেল ডেস্ক : গাজাৰ পেলেষ্টাইনী অধিকৃত অঞ্চল দখল কৰিবলৈ ইজৰাইলে ইয়াৰ সামৰিক অভিযান বৃদ্ধি কৰিব, কিন্তু সমগ্র গাজা দখল কৰাৰ পৰিকল্পনা ইজৰাইলৰ নাই।


ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৱে ভাৰতীয় সংবাদ মাধ্যম এন ডি টিভিক এই কথা প্রকাশ কৰে। প্ৰধানমন্ত্ৰী নেটান্যাহুৱে কয় যে সমগ্র গাজা দখলৰ পৰিৱৰ্তে ইজৰাইলে গাজাৰ ভিতৰত সুৰক্ষাৰ এক নতুন বেষ্টনী স্থাপন কৰাৰ পৰিকল্পনা কৰিছে।


এন ডি টিভিৰ সাংবাদিকে গাজাত ইজৰাইলৰ সামৰিক অভিযান বৃদ্ধি কৰিলে গাজাত অধিক লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনাৰ বিষয়ত কৰা প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰী নেটান্যাহুৱে কয় যে গাজাৰ পৰা হামাছক নির্মূল কৰাৰ বাবেহে ইজৰাইলে লক্ষ্য নির্ধাৰণ কৰিছে আৰু পণবন্দীসকলক ঘূৰাই অনাৰ ক্ষেত্রত ইজৰাইলে কাৰ্য সম্পাদন কৰি আছে।


প্রধানমন্ত্রী নেটান্যাহুৱে কয় যে নির্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ পাছত গাজাৰ শাসনভাৰ এখন হ্রস্বম্যাদী কর্তৃপক্ষক অর্পণ কৰা হ'ব। আনহাতে, ভৱিষ্যতৰ আগ্রাসন ৰোধ কৰিবলৈ গাজাত নতুন সুৰক্ষা বেষ্টনী স্থাপনৰ পৰিকল্পনা কৰিছে বুলি নেটান্যাহুৱে কয়। নেটান্যাহুৱে কয় যে যদি হামাছে অস্ত্ৰ সম্বৰণ কৰি আত্মসমর্পণ কৰে, তেনেহ'লে গাজাত তাৎক্ষণিকভাবে যুদ্ধৰ অন্ত পেলাৱা হ'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু