--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰধানমন্ত্ৰী নেটান্যাহুৱে কয় যে সমগ্র গাজা দখলৰ পৰিৱৰ্তে ইজৰাইলে গাজাৰ ভিতৰত সুৰক্ষাৰ এক নতুন বেষ্টনী স্থাপন কৰাৰ পৰিকল্পনা কৰিছে।

ডিজিটেল ডেস্ক : গাজাৰ পেলেষ্টাইনী অধিকৃত অঞ্চল দখল কৰিবলৈ ইজৰাইলে ইয়াৰ সামৰিক অভিযান বৃদ্ধি কৰিব, কিন্তু সমগ্র গাজা দখল কৰাৰ পৰিকল্পনা ইজৰাইলৰ নাই।


ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৱে ভাৰতীয় সংবাদ মাধ্যম এন ডি টিভিক এই কথা প্রকাশ কৰে। প্ৰধানমন্ত্ৰী নেটান্যাহুৱে কয় যে সমগ্র গাজা দখলৰ পৰিৱৰ্তে ইজৰাইলে গাজাৰ ভিতৰত সুৰক্ষাৰ এক নতুন বেষ্টনী স্থাপন কৰাৰ পৰিকল্পনা কৰিছে।


এন ডি টিভিৰ সাংবাদিকে গাজাত ইজৰাইলৰ সামৰিক অভিযান বৃদ্ধি কৰিলে গাজাত অধিক লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনাৰ বিষয়ত কৰা প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰী নেটান্যাহুৱে কয় যে গাজাৰ পৰা হামাছক নির্মূল কৰাৰ বাবেহে ইজৰাইলে লক্ষ্য নির্ধাৰণ কৰিছে আৰু পণবন্দীসকলক ঘূৰাই অনাৰ ক্ষেত্রত ইজৰাইলে কাৰ্য সম্পাদন কৰি আছে।


প্রধানমন্ত্রী নেটান্যাহুৱে কয় যে নির্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ পাছত গাজাৰ শাসনভাৰ এখন হ্রস্বম্যাদী কর্তৃপক্ষক অর্পণ কৰা হ'ব। আনহাতে, ভৱিষ্যতৰ আগ্রাসন ৰোধ কৰিবলৈ গাজাত নতুন সুৰক্ষা বেষ্টনী স্থাপনৰ পৰিকল্পনা কৰিছে বুলি নেটান্যাহুৱে কয়। নেটান্যাহুৱে কয় যে যদি হামাছে অস্ত্ৰ সম্বৰণ কৰি আত্মসমর্পণ কৰে, তেনেহ'লে গাজাত তাৎক্ষণিকভাবে যুদ্ধৰ অন্ত পেলাৱা হ'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ