--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • বৃহস্পতিবাৰে ৰাজ্য সভাত এক প্রশ্নোত্তৰ কালত ভাৰতৰ ৰাজ্যিক বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্রী কীর্তিবর্ধন সিঙে এই তথ্য প্রকাশ কৰে।

ডিজিটেল ডেস্ক : বিগত ৪ বছৰত বাংলাদেশত সর্বাধিক ৩৫৮২টা, পাকিস্তানত ৩৩৪টা সংখ্যালঘুক উৎপীড়নৰ ঘটনা সংঘটিত হৈছে আৰু ই ৰাষ্ট্ৰদুখনত মানৱ অধিকাৰক ভু-লুণ্ঠিত কৰিছে।


বৃহস্পতিবাৰে ৰাজ্য সভাত এক প্রশ্নোত্তৰ কালত ভাৰতৰ ৰাজ্যিক বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্রী কীর্তিবর্ধন সিঙে এই তথ্য প্রকাশ কৰে। লগতে মন্ত্রী সিঙে কয় যে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানত থকা হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ ওপৰত মানৱ অধিকাৰ উলংঘনমূলক ঘটনাৰ সংখ্যাই সর্বাধিক।


তেওঁ কয়, '২০২১ চনত ভাৰত চৰকাৰে পাকিস্তানত সেই দেশৰ চৰকাৰৰ জ্ঞাতসাৰে ৩৩৪টা গুৰুতৰ সংখ্যালঘু নির্যাতনৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আনে। এই ঘটনাই প্ৰমাণ কৰে যে সেই দেশৰ চৰকাৰে সাংবিধানিক অধিকাৰৰ পৰা সেই দেশৰ সংখ্যালঘু নাগৰিক সকলক বঞ্চিত কৰিছে। লগতে এই ঘটনাই সেই দেশত সংঘটিত মাত্রাধিক হিংসাত্মক ঘটনা, আইনৰ সম বিচাৰ নোহোৱা আৰু ধর্মীয় উৎপীড়নৰ কথাকে প্রকাশ কৰে।' সিঙে পুনৰ কয়, 'ইতিমধ্যে বহু সময়ত ভাৰত চৰকাৰে ৰাষ্ট্ৰসংঘৰ জেনেভাত অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত পাকিস্তানত সংখ্যালঘুৰ ওপৰত সংঘটিত হৈ অহা হিংসাত্মক ঘটনাৰ সন্দৰ্ভত অৱগত কৰি আহিছে।'


আনহাতে পাকিস্তানত সংঘটিত এই সংখ্যালঘু উৎপীড়নৰ সমান্তৰালকৈ ২০২১ বৰ্ষৰ পৰা এতিয়ালৈকে বাংলাদেশতো হিন্দুকে ধৰি অন্যান্য সংখ্যালঘুসকলৰ ওপৰত উৎপীড়ন চলাই অহাৰ তথ্য চৰকাৰীভাৱে প্ৰকাশ পাইছে।আফগানিস্তানতো এই সময়ছোৱাত ৭৪ টা সংখ্যালঘু উৎপীড়নৰ ঘটনা সংঘটিত হৈছে যদিও সেই দেশৰ তালিবান চৰকাৰৰ লগত সংখ্যালঘুৰ নিৰাপত্তাৰ সন্দৰ্ভত আলোচনা কৰা হৈছে বুলি সিঙে কয়। মন্ত্রী সিঙে লগতে কয় যে ইতিমধ্যে বাংলাদেশ চৰকাৰক এই সন্দৰ্ভত তথ্য সহকাৰে অভিযোগ দিয়া হৈছে আৰু আশা কৰা হৈছে যে সেই দেশৰ চৰকাৰে হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলৰ নিৰাপত্তা আৰু কল্যাণৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব। মন্ত্রী সিঙে কয় যে ভাৰত চৰকাৰে সেই দেশসমূহৰ চৰকাৰক সেই দেশৰ নাগৰিকসকলৰ লগতে তাত থকা সংখ্যালঘু নাগৰিকসকলৰো জীৱন, নিৰাপত্তা আৰু অধিকাৰ সন্দৰ্ভত ফলপ্রসূ ব্যৱস্থা গ্ৰহণৰ বাবে বাৰে বাৰে সোঁৱৰাই থকা হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement