--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বৃহস্পতিবাৰে ৰাজ্য সভাত এক প্রশ্নোত্তৰ কালত ভাৰতৰ ৰাজ্যিক বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্রী কীর্তিবর্ধন সিঙে এই তথ্য প্রকাশ কৰে।

ডিজিটেল ডেস্ক : বিগত ৪ বছৰত বাংলাদেশত সর্বাধিক ৩৫৮২টা, পাকিস্তানত ৩৩৪টা সংখ্যালঘুক উৎপীড়নৰ ঘটনা সংঘটিত হৈছে আৰু ই ৰাষ্ট্ৰদুখনত মানৱ অধিকাৰক ভু-লুণ্ঠিত কৰিছে।


বৃহস্পতিবাৰে ৰাজ্য সভাত এক প্রশ্নোত্তৰ কালত ভাৰতৰ ৰাজ্যিক বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্রী কীর্তিবর্ধন সিঙে এই তথ্য প্রকাশ কৰে। লগতে মন্ত্রী সিঙে কয় যে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানত থকা হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ ওপৰত মানৱ অধিকাৰ উলংঘনমূলক ঘটনাৰ সংখ্যাই সর্বাধিক।


তেওঁ কয়, '২০২১ চনত ভাৰত চৰকাৰে পাকিস্তানত সেই দেশৰ চৰকাৰৰ জ্ঞাতসাৰে ৩৩৪টা গুৰুতৰ সংখ্যালঘু নির্যাতনৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আনে। এই ঘটনাই প্ৰমাণ কৰে যে সেই দেশৰ চৰকাৰে সাংবিধানিক অধিকাৰৰ পৰা সেই দেশৰ সংখ্যালঘু নাগৰিক সকলক বঞ্চিত কৰিছে। লগতে এই ঘটনাই সেই দেশত সংঘটিত মাত্রাধিক হিংসাত্মক ঘটনা, আইনৰ সম বিচাৰ নোহোৱা আৰু ধর্মীয় উৎপীড়নৰ কথাকে প্রকাশ কৰে।' সিঙে পুনৰ কয়, 'ইতিমধ্যে বহু সময়ত ভাৰত চৰকাৰে ৰাষ্ট্ৰসংঘৰ জেনেভাত অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত পাকিস্তানত সংখ্যালঘুৰ ওপৰত সংঘটিত হৈ অহা হিংসাত্মক ঘটনাৰ সন্দৰ্ভত অৱগত কৰি আহিছে।'


আনহাতে পাকিস্তানত সংঘটিত এই সংখ্যালঘু উৎপীড়নৰ সমান্তৰালকৈ ২০২১ বৰ্ষৰ পৰা এতিয়ালৈকে বাংলাদেশতো হিন্দুকে ধৰি অন্যান্য সংখ্যালঘুসকলৰ ওপৰত উৎপীড়ন চলাই অহাৰ তথ্য চৰকাৰীভাৱে প্ৰকাশ পাইছে।আফগানিস্তানতো এই সময়ছোৱাত ৭৪ টা সংখ্যালঘু উৎপীড়নৰ ঘটনা সংঘটিত হৈছে যদিও সেই দেশৰ তালিবান চৰকাৰৰ লগত সংখ্যালঘুৰ নিৰাপত্তাৰ সন্দৰ্ভত আলোচনা কৰা হৈছে বুলি সিঙে কয়। মন্ত্রী সিঙে লগতে কয় যে ইতিমধ্যে বাংলাদেশ চৰকাৰক এই সন্দৰ্ভত তথ্য সহকাৰে অভিযোগ দিয়া হৈছে আৰু আশা কৰা হৈছে যে সেই দেশৰ চৰকাৰে হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলৰ নিৰাপত্তা আৰু কল্যাণৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব। মন্ত্রী সিঙে কয় যে ভাৰত চৰকাৰে সেই দেশসমূহৰ চৰকাৰক সেই দেশৰ নাগৰিকসকলৰ লগতে তাত থকা সংখ্যালঘু নাগৰিকসকলৰো জীৱন, নিৰাপত্তা আৰু অধিকাৰ সন্দৰ্ভত ফলপ্রসূ ব্যৱস্থা গ্ৰহণৰ বাবে বাৰে বাৰে সোঁৱৰাই থকা হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু