--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইৰান সমৰ্থিত হুথী বিদ্রোহীৰ বিৰুদ্ধে ইজৰাইল-আমেৰিকাই চলাই থকা যুদ্ধখনৰ সবাতোকৈ জ্যেষ্ঠ হুথী নেতাজনেই হৈছে এই প্রধানমন্ত্রীজন।

ডিজিটেল ডেস্কঃ য়েমেনৰ ৰাজধানী ছানাত হুথী বিদ্রোহীৰ নিয়ন্ত্রণাধীন চৰকাৰখনৰ প্রধানমন্ত্রীজন ইজৰাইলৰ বিমান আক্রমণত নিহত হয়। হুথী বিদ্রোহীৰ গোটটোৱে শনিবাৰে এই তথ্য প্রকাশ কৰে।


ইৰান সমৰ্থিত হুথী বিদ্রোহীৰ বিৰুদ্ধে ইজৰাইল-আমেৰিকাই চলাই থকা যুদ্ধখনৰ সবাতোকৈ জ্যেষ্ঠ হুথী নেতাজনেই হৈছে এই প্রধানমন্ত্রীজন। বিদ্রোহী গোটটোৱে এটা বিবৃতিযোগে কয় যে বৃহস্পতিবাৰে ইজৰাইলে চলোৱা এটা ভয়ংকৰ আক্ৰমণত হুথী প্রধানমন্ত্রী আহমেদ আল-বাহায়ীসহ কেইবাজনো মন্ত্রী নিহত হয়।


আনহাতে, হুথী চৰকাৰৰ কেই যেবাজনো মন্ত্রী-বিষয়া এই আক্রমণত আহত হয়। হুথী নিয়ন্ত্রিত চৰকাৰখনে ইয়াৰ কাম-কাজৰ বিষয়ত নিয়মীয়া পর্যালোচনা সভা অনুষ্ঠিত কৰি থকাৰ সময়তে এই আক্রমণ ইজৰাইলে সংঘটিত কৰে।


আনহাতে, গাজাত যুদ্ধৰ শেহতীয়া পৰিস্থিতিৰ শেহতীয়া তথ্য শ্বেয়াৰ কৰি ইজৰাইলৰ বিৰুদ্ধে প্রতিশোধ ল'বলৈ বিদ্রোহী গোটটোৰ নেতা আব্দুল মালিক আল-হুথী চৰকাৰী টেলিভিছনযোগে ভাষণ দিয়াৰ পাছতেই ইজৰাইলে বৃহস্পতিবাৰে নিশা এই আক্ৰমণ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু