--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইৰান সমৰ্থিত হুথী বিদ্রোহীৰ বিৰুদ্ধে ইজৰাইল-আমেৰিকাই চলাই থকা যুদ্ধখনৰ সবাতোকৈ জ্যেষ্ঠ হুথী নেতাজনেই হৈছে এই প্রধানমন্ত্রীজন।

ডিজিটেল ডেস্কঃ য়েমেনৰ ৰাজধানী ছানাত হুথী বিদ্রোহীৰ নিয়ন্ত্রণাধীন চৰকাৰখনৰ প্রধানমন্ত্রীজন ইজৰাইলৰ বিমান আক্রমণত নিহত হয়। হুথী বিদ্রোহীৰ গোটটোৱে শনিবাৰে এই তথ্য প্রকাশ কৰে।


ইৰান সমৰ্থিত হুথী বিদ্রোহীৰ বিৰুদ্ধে ইজৰাইল-আমেৰিকাই চলাই থকা যুদ্ধখনৰ সবাতোকৈ জ্যেষ্ঠ হুথী নেতাজনেই হৈছে এই প্রধানমন্ত্রীজন। বিদ্রোহী গোটটোৱে এটা বিবৃতিযোগে কয় যে বৃহস্পতিবাৰে ইজৰাইলে চলোৱা এটা ভয়ংকৰ আক্ৰমণত হুথী প্রধানমন্ত্রী আহমেদ আল-বাহায়ীসহ কেইবাজনো মন্ত্রী নিহত হয়।


আনহাতে, হুথী চৰকাৰৰ কেই যেবাজনো মন্ত্রী-বিষয়া এই আক্রমণত আহত হয়। হুথী নিয়ন্ত্রিত চৰকাৰখনে ইয়াৰ কাম-কাজৰ বিষয়ত নিয়মীয়া পর্যালোচনা সভা অনুষ্ঠিত কৰি থকাৰ সময়তে এই আক্রমণ ইজৰাইলে সংঘটিত কৰে।


আনহাতে, গাজাত যুদ্ধৰ শেহতীয়া পৰিস্থিতিৰ শেহতীয়া তথ্য শ্বেয়াৰ কৰি ইজৰাইলৰ বিৰুদ্ধে প্রতিশোধ ল'বলৈ বিদ্রোহী গোটটোৰ নেতা আব্দুল মালিক আল-হুথী চৰকাৰী টেলিভিছনযোগে ভাষণ দিয়াৰ পাছতেই ইজৰাইলে বৃহস্পতিবাৰে নিশা এই আক্ৰমণ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ