--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মাজুলীত এজনী ছোৱালীয়ে দুখ পোৱা জনপ্রিয় গীতটোত ঠাই পোৱা মাজুলীৰ ঐতিহাসিক দৰিয়াডুবিৰ সৌন্দৰ্যত আপোন পাহৰা হৈ দৰিয়া ডুবিৰ পাৰত ডুবিৰ নৈসর্গিক দৃশ্য কেমেৰাত বন্দী কৰিছে প্ৰতিগৰাকী দেশী-বিদেশী পর্যটকে।

ডিজিটেল ডেস্ক: ছেপ্টেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী পর্যন্ত মাজুলীয়ে দেশী-বিদেশী পর্যটকক হাত বাউলি মতাৰ সময়। দেশী-বিদেশী পৰিভ্ৰমী চৰাই কাকলিৰে মুখৰ সোণগুটি চপোৱাৰ এইখিনি সময়ত যেন প্রাণচঞ্চলাজনী হৈ পৰে মাজুলী। কোনোবাই যদি দৰিয়াডুবিৰ সৌন্দৰ্যত মুগ্ধ হৈ গীত ৰচিছে, কোনোবা চিত্ৰকৰে আকৌ মাজুলীৰ বিল-জলাশয়ৰ সৌন্দৰ্যত মুগ্ধ হৈ কেনভাছত তুলি ধৰিছে বিনন্দীয়া মাজুলীৰ চিত্ৰ। কোনোবা বিদেশী পর্যটকে আকৌ মিচিং গাঁৱৰ চাংঘৰত উঠি ঐনিতমৰ সুৰ জুৰিবলৈ চেষ্টা কৰিছে। মুঠতে বাৰিষাৰ দুখ-ভাগৰ নেওচি শৰতৰ ধুনীয়া মাজুলীক লৈ এতিয়া পৰ্যটকসকলৰ অপাৰ আগ্ৰহ পৰিলক্ষিত হৈছে।


প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মাজুলীত এজনী ছোৱালীয়ে দুখ পোৱা জনপ্রিয় গীতটোত ঠাই পোৱা মাজুলীৰ ঐতিহাসিক দৰিয়াডুবিৰ সৌন্দৰ্যত আপোন পাহৰা হৈ দৰিয়া ডুবিৰ পাৰত ডুবিৰ নৈসর্গিক দৃশ্য কেমেৰাত বন্দী কৰিছে প্ৰতিগৰাকী দেশী-বিদেশী পর্যটকে। ইফালে শৰতৰ এই মধুময় সময়ত মাজুলীলৈ আগমন ঘটা প্রতিজন দেশী-বিদেশী পর্যটকৰে মন-প্রাণ উতলা হৈ পৰে।


প্রতিদিনাই এতিয়া দেশী-বিদেশী পর্যটকে দৰ্শন কৰিছে ইখনৰ পাছত সিখন ঐতিহ্যমণ্ডিত সত্র। অভিভূত হৈছে মাজুলীৰ নিৰিবিলি আধ্যাত্মিক, প্রাকৃতিক পৰিৱেশ, শ্ৰীকৃষ্ণৰ বন্দনা, সত্ৰৰ অমিয়া বৰগীত-ভটিমাৰ সুৰত। ইয়াৰ মাজতে আঘোণৰ পথাৰৰ সোণগুটি চপোৱাৰ এই বতৰত মধ্য মাজুলীৰ সাৰজান ন-সত্ৰৰ এখন পথাৰত মিচিং গাভৰুৰ ঐনিতমৰ সুৰত চৌদিশে গুঞ্জৰি উঠা কাচিৰ শব্দত ৰ'ব নোৱাৰি সেই কাচিৰ লয়ত হাত মিলাই পথাৰত ধান কাটি ইজৰাইলৰ পৰ্যটক জহৰ আৰু মিয়াও আপোন পাহৰা হৈ পৰে।


ইফালে মাজুলীৰ ঐতিহ্যমণ্ডিত নতুন চামগুৰি সত্ৰতো মুখা শিল্পৰ দৰ্শনৰ বাবে দেশী-বিদেশী পর্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ বিশিষ্ট মুখাশিল্পী পদ্মশ্রী হেমচন্দ্ৰ গোস্বামীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মুখাৰ অপূৰ্বসম্ভাৰ তথা কলাত অৰুণাচল প্ৰদেশৰ পৰ্যটকো অভিভূত হৈ পৰা পৰিলক্ষিত হ'ল। এয়াই হয়তো মাজুলীৰ ঈশ্বৰ প্ৰদত্ত সৌন্দর্য, শীতল বায়ু, বিশুদ্ধ পৰিৱেশ, সন্ধিয়াৰ সত্ৰৰ পৰা ভাহি অহা গুৰুজনাৰ বৰগীত, নাম প্ৰসংগৰ তান, কাষৰীয়া মিচিং গাঁৱৰ পৰা বতাহৰ ঢালে ঢালে অহা ঐনিতমৰ সুৰ, কেঁচা আপঙৰ গোন্ধ, আঘোণৰ ৰূপোৱালী পথাৰ, পুৱা-গধূলিৰ মাজুলীৰ জলাশয়সমূহত দেশী-বিদেশী পক্ষীৰ জলকেলি, নানা দেশী-বিদেশী বিহংগৰ কলকলনি, যাক পান কৰি হেঁপাহ নপলায় মাজুলীলৈ অহা পৰ্যটকৰ।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু