--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মাজুলীত এজনী ছোৱালীয়ে দুখ পোৱা জনপ্রিয় গীতটোত ঠাই পোৱা মাজুলীৰ ঐতিহাসিক দৰিয়াডুবিৰ সৌন্দৰ্যত আপোন পাহৰা হৈ দৰিয়া ডুবিৰ পাৰত ডুবিৰ নৈসর্গিক দৃশ্য কেমেৰাত বন্দী কৰিছে প্ৰতিগৰাকী দেশী-বিদেশী পর্যটকে।

ডিজিটেল ডেস্ক: ছেপ্টেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী পর্যন্ত মাজুলীয়ে দেশী-বিদেশী পর্যটকক হাত বাউলি মতাৰ সময়। দেশী-বিদেশী পৰিভ্ৰমী চৰাই কাকলিৰে মুখৰ সোণগুটি চপোৱাৰ এইখিনি সময়ত যেন প্রাণচঞ্চলাজনী হৈ পৰে মাজুলী। কোনোবাই যদি দৰিয়াডুবিৰ সৌন্দৰ্যত মুগ্ধ হৈ গীত ৰচিছে, কোনোবা চিত্ৰকৰে আকৌ মাজুলীৰ বিল-জলাশয়ৰ সৌন্দৰ্যত মুগ্ধ হৈ কেনভাছত তুলি ধৰিছে বিনন্দীয়া মাজুলীৰ চিত্ৰ। কোনোবা বিদেশী পর্যটকে আকৌ মিচিং গাঁৱৰ চাংঘৰত উঠি ঐনিতমৰ সুৰ জুৰিবলৈ চেষ্টা কৰিছে। মুঠতে বাৰিষাৰ দুখ-ভাগৰ নেওচি শৰতৰ ধুনীয়া মাজুলীক লৈ এতিয়া পৰ্যটকসকলৰ অপাৰ আগ্ৰহ পৰিলক্ষিত হৈছে।


প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মাজুলীত এজনী ছোৱালীয়ে দুখ পোৱা জনপ্রিয় গীতটোত ঠাই পোৱা মাজুলীৰ ঐতিহাসিক দৰিয়াডুবিৰ সৌন্দৰ্যত আপোন পাহৰা হৈ দৰিয়া ডুবিৰ পাৰত ডুবিৰ নৈসর্গিক দৃশ্য কেমেৰাত বন্দী কৰিছে প্ৰতিগৰাকী দেশী-বিদেশী পর্যটকে। ইফালে শৰতৰ এই মধুময় সময়ত মাজুলীলৈ আগমন ঘটা প্রতিজন দেশী-বিদেশী পর্যটকৰে মন-প্রাণ উতলা হৈ পৰে।


প্রতিদিনাই এতিয়া দেশী-বিদেশী পর্যটকে দৰ্শন কৰিছে ইখনৰ পাছত সিখন ঐতিহ্যমণ্ডিত সত্র। অভিভূত হৈছে মাজুলীৰ নিৰিবিলি আধ্যাত্মিক, প্রাকৃতিক পৰিৱেশ, শ্ৰীকৃষ্ণৰ বন্দনা, সত্ৰৰ অমিয়া বৰগীত-ভটিমাৰ সুৰত। ইয়াৰ মাজতে আঘোণৰ পথাৰৰ সোণগুটি চপোৱাৰ এই বতৰত মধ্য মাজুলীৰ সাৰজান ন-সত্ৰৰ এখন পথাৰত মিচিং গাভৰুৰ ঐনিতমৰ সুৰত চৌদিশে গুঞ্জৰি উঠা কাচিৰ শব্দত ৰ'ব নোৱাৰি সেই কাচিৰ লয়ত হাত মিলাই পথাৰত ধান কাটি ইজৰাইলৰ পৰ্যটক জহৰ আৰু মিয়াও আপোন পাহৰা হৈ পৰে।


ইফালে মাজুলীৰ ঐতিহ্যমণ্ডিত নতুন চামগুৰি সত্ৰতো মুখা শিল্পৰ দৰ্শনৰ বাবে দেশী-বিদেশী পর্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ বিশিষ্ট মুখাশিল্পী পদ্মশ্রী হেমচন্দ্ৰ গোস্বামীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মুখাৰ অপূৰ্বসম্ভাৰ তথা কলাত অৰুণাচল প্ৰদেশৰ পৰ্যটকো অভিভূত হৈ পৰা পৰিলক্ষিত হ'ল। এয়াই হয়তো মাজুলীৰ ঈশ্বৰ প্ৰদত্ত সৌন্দর্য, শীতল বায়ু, বিশুদ্ধ পৰিৱেশ, সন্ধিয়াৰ সত্ৰৰ পৰা ভাহি অহা গুৰুজনাৰ বৰগীত, নাম প্ৰসংগৰ তান, কাষৰীয়া মিচিং গাঁৱৰ পৰা বতাহৰ ঢালে ঢালে অহা ঐনিতমৰ সুৰ, কেঁচা আপঙৰ গোন্ধ, আঘোণৰ ৰূপোৱালী পথাৰ, পুৱা-গধূলিৰ মাজুলীৰ জলাশয়সমূহত দেশী-বিদেশী পক্ষীৰ জলকেলি, নানা দেশী-বিদেশী বিহংগৰ কলকলনি, যাক পান কৰি হেঁপাহ নপলায় মাজুলীলৈ অহা পৰ্যটকৰ।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ