--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মুখ্যমন্ত্রী ড° শৰ্মাই ১০৮ সেৱাৰ কৰ্মচাৰীসকলক কালি কামৰ পৰা আঁতৰাই দিয়াৰ ভাবুকিয়েও তেওঁলোকক টলাব পৰা নাই। সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই তেওঁলোকে চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে অন্যান্য প্রাপ্য বিচাৰি আজিৰে পৰা অনির্দিষ্ট কালৰ বাবে চলোৱা ধৰ্মঘট তথা কৰ্মবিৰতিৰ বাবে গাড়ীৰ চাবি গতাই দিছে জিলাসমূহত থকা সংশ্লিষ্ট বিষয়াৰ হাতত।

ডিজিটেল ডেস্ক: 'দুই ম'হৰ যুঁজত বিৰিণাৰ মৰণ'ৰ দৰে অৱস্থা হৈছে ৰাজ্যৰ সাধাৰণ দুখীয়া লোকৰ। কাৰণ আজিৰে পৰা ১০৮ মৃত্যুঞ্জয় সেৱাৰ এখনো গাড়ীৰ চকা ঘূৰা নাই। এনে পৰিস্থিতিত অনিশ্চয়তাৰ সন্মুখীন হ'বলগীয়া হৈছে মৃত্যুঞ্জয় সেৱাৰ লগত জড়িত কৰ্মচাৰীসকল। কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলক উদ্দেশ্যি কৈছিল যে যদি তেওঁলোকে গাড়ী নচলায় তেন্তে আন লোকক নিয়োগ কৰিব। অসমত এতিয়াও বহু নিবনুৱা আছে।


মুখ্যমন্ত্রী ড° শৰ্মাই ১০৮ সেৱাৰ কৰ্মচাৰীসকলক কালি কামৰ পৰা আঁতৰাই দিয়াৰ ভাবুকিয়েও তেওঁলোকক টলাব পৰা নাই। সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই তেওঁলোকে চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে অন্যান্য প্রাপ্য বিচাৰি আজিৰে পৰা অনির্দিষ্ট কালৰ বাবে চলোৱা ধৰ্মঘট তথা কৰ্মবিৰতিৰ বাবে গাড়ীৰ চাবি গতাই দিছে জিলাসমূহত থকা সংশ্লিষ্ট বিষয়াৰ হাতত। তেওঁলোকে প্রাপ্য আদায়ৰ প্ৰতিশ্রুতি নোপোৱা পর্যন্ত ১০৮ মৃত্যুঞ্জয় সেৱাৰ গাড়ী আৰু নচলায়। চালকসকলৰ লগতে ইমাৰজেন্সি ৰেছপনছ চাৰ্ভিছ আৰু ইমাৰজেন্সি মেডিকেল টেকনিচিয়ানৰ প্ৰায় ৩ হাজাৰ কৰ্মচাৰীয়ে আজিৰে পৰা অনির্দিষ্টকালীন কর্মবিৰতি আৰু চচলত অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছে। আজি প্রায় ডেৰ হাজাৰমান কৰ্মচাৰীয়ে কামৰ পৰা আঁতৰি থাকি চচলত অৱস্থান ধর্মঘটত বহিছে যদিও ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা কৰ্মচাৰীসকল আহিয়েই আছে।


উল্লেখযোগ্য যে ১০৮ সেৱা ২০০৮ চনতেই অসমত আৰম্ভ হৈছিল। সেই সময়ৰ পৰা আজিকোপতি অসমত এই সেৱাত জড়িতসকলে বহু সংকটাপন্ন লোকক মৃত্যুৰ দুৱাৰডলিৰ পৰা ওভতাই আনিছে। বহুজনৰ হিতার্থে এই সেৱাৰ লগত জড়িত কৰ্মচাৰীসকলে গর্বিত অনুভৱ কৰে। কিন্তু কিছু বছৰৰ আগৰ পৰা এই কৰ্মচাৰীসকল ক্রমান্বয়ে বিভিন্ন ধৰণে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয়। যাৰ ফলত এই সেৱাৰ কৰ্মচাৰীসকলে বহুবাৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। নিজৰ জীৱন বিপদাপন্ন কৰি হ'লেও, বিভিন্ন প্রতিকূল পৰিস্থিতিৰ মোকাবিলা কৰি হ'লেও আৰ্তজনক সহায় কৰি আহিছে।


বিশেষকৈ ২০০৮ চনৰ ৩০ অক্টোবৰৰ গুৱাহাটী মহানগৰীৰ ধাৰাবাহিক বোমা বিস্ফোৰণত আহতসকলক সেৱা দিয়াৰ পৰা আৰম্ভ কৰি, কভিড পৰিস্থিতিত উৎকট গৰমত পি পি কীট পিন্ধি এ চি নথকা গাড়ীত সেৱা আগবঢ়াইছিল। জৰুৰী সেৱাৰ কৰ্মচাৰী যদিও জৰুৰী সেৱাৰ মৰ্যাদা আজি পর্যন্ত তেওঁলোকে নাপালে। প্রায় ১৭ বছৰ এই সেৱাত নিয়োজিত হোৱাৰ পাছতো আজি পর্যন্ত চাকৰিৰ নিৰাপত্তা নাপালে মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলে। এনে জৰুৰীকালীন সেৱাত কৰ্মৰত হৈ যেতিয়া বিভিন্ন পক্ষৰ কাষ চাপে, তেতিয়া সকলোৰে পৰা মাত্র আশ্বাসহে পায়। সেয়েহে সকলো ধৰণৰ প্ৰতিবাদ কৰিও বিফল আজিৰ পৰা কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে চচলত অৱস্থান ধৰ্মঘট পালন কৰিছে ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীসকলে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ