--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মুখ্যমন্ত্রী ড° শৰ্মাই ১০৮ সেৱাৰ কৰ্মচাৰীসকলক কালি কামৰ পৰা আঁতৰাই দিয়াৰ ভাবুকিয়েও তেওঁলোকক টলাব পৰা নাই। সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই তেওঁলোকে চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে অন্যান্য প্রাপ্য বিচাৰি আজিৰে পৰা অনির্দিষ্ট কালৰ বাবে চলোৱা ধৰ্মঘট তথা কৰ্মবিৰতিৰ বাবে গাড়ীৰ চাবি গতাই দিছে জিলাসমূহত থকা সংশ্লিষ্ট বিষয়াৰ হাতত।

ডিজিটেল ডেস্ক: 'দুই ম'হৰ যুঁজত বিৰিণাৰ মৰণ'ৰ দৰে অৱস্থা হৈছে ৰাজ্যৰ সাধাৰণ দুখীয়া লোকৰ। কাৰণ আজিৰে পৰা ১০৮ মৃত্যুঞ্জয় সেৱাৰ এখনো গাড়ীৰ চকা ঘূৰা নাই। এনে পৰিস্থিতিত অনিশ্চয়তাৰ সন্মুখীন হ'বলগীয়া হৈছে মৃত্যুঞ্জয় সেৱাৰ লগত জড়িত কৰ্মচাৰীসকল। কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলক উদ্দেশ্যি কৈছিল যে যদি তেওঁলোকে গাড়ী নচলায় তেন্তে আন লোকক নিয়োগ কৰিব। অসমত এতিয়াও বহু নিবনুৱা আছে।


মুখ্যমন্ত্রী ড° শৰ্মাই ১০৮ সেৱাৰ কৰ্মচাৰীসকলক কালি কামৰ পৰা আঁতৰাই দিয়াৰ ভাবুকিয়েও তেওঁলোকক টলাব পৰা নাই। সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই তেওঁলোকে চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে অন্যান্য প্রাপ্য বিচাৰি আজিৰে পৰা অনির্দিষ্ট কালৰ বাবে চলোৱা ধৰ্মঘট তথা কৰ্মবিৰতিৰ বাবে গাড়ীৰ চাবি গতাই দিছে জিলাসমূহত থকা সংশ্লিষ্ট বিষয়াৰ হাতত। তেওঁলোকে প্রাপ্য আদায়ৰ প্ৰতিশ্রুতি নোপোৱা পর্যন্ত ১০৮ মৃত্যুঞ্জয় সেৱাৰ গাড়ী আৰু নচলায়। চালকসকলৰ লগতে ইমাৰজেন্সি ৰেছপনছ চাৰ্ভিছ আৰু ইমাৰজেন্সি মেডিকেল টেকনিচিয়ানৰ প্ৰায় ৩ হাজাৰ কৰ্মচাৰীয়ে আজিৰে পৰা অনির্দিষ্টকালীন কর্মবিৰতি আৰু চচলত অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছে। আজি প্রায় ডেৰ হাজাৰমান কৰ্মচাৰীয়ে কামৰ পৰা আঁতৰি থাকি চচলত অৱস্থান ধর্মঘটত বহিছে যদিও ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা কৰ্মচাৰীসকল আহিয়েই আছে।


উল্লেখযোগ্য যে ১০৮ সেৱা ২০০৮ চনতেই অসমত আৰম্ভ হৈছিল। সেই সময়ৰ পৰা আজিকোপতি অসমত এই সেৱাত জড়িতসকলে বহু সংকটাপন্ন লোকক মৃত্যুৰ দুৱাৰডলিৰ পৰা ওভতাই আনিছে। বহুজনৰ হিতার্থে এই সেৱাৰ লগত জড়িত কৰ্মচাৰীসকলে গর্বিত অনুভৱ কৰে। কিন্তু কিছু বছৰৰ আগৰ পৰা এই কৰ্মচাৰীসকল ক্রমান্বয়ে বিভিন্ন ধৰণে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয়। যাৰ ফলত এই সেৱাৰ কৰ্মচাৰীসকলে বহুবাৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। নিজৰ জীৱন বিপদাপন্ন কৰি হ'লেও, বিভিন্ন প্রতিকূল পৰিস্থিতিৰ মোকাবিলা কৰি হ'লেও আৰ্তজনক সহায় কৰি আহিছে।


বিশেষকৈ ২০০৮ চনৰ ৩০ অক্টোবৰৰ গুৱাহাটী মহানগৰীৰ ধাৰাবাহিক বোমা বিস্ফোৰণত আহতসকলক সেৱা দিয়াৰ পৰা আৰম্ভ কৰি, কভিড পৰিস্থিতিত উৎকট গৰমত পি পি কীট পিন্ধি এ চি নথকা গাড়ীত সেৱা আগবঢ়াইছিল। জৰুৰী সেৱাৰ কৰ্মচাৰী যদিও জৰুৰী সেৱাৰ মৰ্যাদা আজি পর্যন্ত তেওঁলোকে নাপালে। প্রায় ১৭ বছৰ এই সেৱাত নিয়োজিত হোৱাৰ পাছতো আজি পর্যন্ত চাকৰিৰ নিৰাপত্তা নাপালে মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলে। এনে জৰুৰীকালীন সেৱাত কৰ্মৰত হৈ যেতিয়া বিভিন্ন পক্ষৰ কাষ চাপে, তেতিয়া সকলোৰে পৰা মাত্র আশ্বাসহে পায়। সেয়েহে সকলো ধৰণৰ প্ৰতিবাদ কৰিও বিফল আজিৰ পৰা কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে চচলত অৱস্থান ধৰ্মঘট পালন কৰিছে ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীসকলে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু