--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সংবিধানত উল্লেখ নথকা উপত্যকা শ্ৰেণীৰ জনজাতীয় মৰ্যাদা কোনো কাৰণতে গ্ৰহণ যোগ্যতা নাই। এই প্ৰতিবেদন কেৱল বিজেপি চৰকাৰৰ ২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ কৌশল বুলি মন্তব্য গগৈৰ।

ডিজিটেল ডেস্ক: মন্ত্ৰীগোটৰ প্ৰতিবেদন প্ৰসংগত পুনৰ সৰৱ শিৱসাগৰৰ বিধায়ক অখিল গগৈ। শিৱসাগৰত ৰাইজৰ দলৰ অসম দিৱস উদযাপন। ৫ ডিচেম্বৰৰ পৰা ৰাইজৰ দলৰ গণমুখী কাৰ্য্যসূচী।


৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ। এই প্ৰতিবেদনে আহোমসকলৰ উপৰিও মৰাণ মটকসকলৰো জনজাতিকৰণৰ পথ ৰুদ্ধ কৰিছে বুলি মন্তব্য শিৱসাগৰৰ বিধায়কগৰাকীৰ।


সংবিধানত উল্লেখ নথকা উপত্যকা শ্ৰেণীৰ জনজাতীয় মৰ্যাদা কোনো কাৰণতে গ্ৰহণ যোগ্যতা নাই। এই প্ৰতিবেদন কেৱল বিজেপি চৰকাৰৰ ২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ কৌশল বুলি মন্তব্য গগৈৰ।


জনজাতিকৰণ সন্দৰ্ভত ৰাজ্যসভাত পূৰ্বে গৃহীত হৈ থকা বিধেয়ক লোকসভাৰ অধিৱেশনত উত্থাপন কৰাৰ দাবী অখিল গগৈৰ। শিৱসাগৰৰ যুৱদস প্ৰেক্ষাগৃহত অসম দিৱসত অংশগ্রহণ কৰি সাংবাদিকৰ আগত এইদৰে মত ব্যক্ত শিৱসাগৰৰ বিধায়কগৰাকীৰ।


আনহাতে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৫ ডিচেম্বৰৰ পৰা জনমুখী কাৰ্যসূচী ৰূপায়ণ কৰিব ৰাইজৰ দলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ