--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসমৰ লোকসংস্কৃতি ওজাপালি আৰু দেওধনীক লৈ ৰাজেন দাসৰ পৰিচালনাত নিৰ্মাণ হৈ উঠিছে এক কলাত্মক, গৱেষণাধর্মী চলচ্চিত্র 'আইৰন গাৰ্লছ'।

ডিজিটেল ডেস্ক : বিশ্ব দৰবাৰত জিলিকি উঠাৰ পিছত অসমৰ স্বর্ণিল লোককলা ওজাপালি আৰু দেওধনী ২৫ জুলাইৰ পৰা অসমৰ ছবিগৃহৰ ৰূপালী পর্দাত উদ্ভাসিত হৈ পৰিব।


কাৰ্যতঃ পৰিচালক ৰাজেন দাসৰ প্ৰচেষ্টাত অসমৰ স্বর্ণিল লোককৃষ্টি ওজাপালি-দেওধনীৰে শুকুৰবাৰৰ পৰা ভাস্বত হৈ পৰিব অসমৰ ছবিগৃহৰ ৰূপালী পর্দা। অসমৰ লোকসংস্কৃতি ওজাপালি আৰু দেওধনীক লৈ ৰাজেন দাসৰ পৰিচালনাত নিৰ্মাণ হৈ উঠিছে এক কলাত্মক, গৱেষণাধর্মী চলচ্চিত্র 'আইৰন গাৰ্লছ'। অধ্যাপক তথা চলচ্চিত্ৰ পৰিচালক ৰাজেন দাসে চাৰি বছৰজোৰা এক সংগ্ৰামৰ মাজেৰে নিৰ্মাণ কৰিছে 'আইৰন গার্লছ'। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত পৰিচালক ৰাজেন দাসে ছবিখনৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ বৰ্ণনা কৰে।


উল্লেখ্য যে অসমৰ লোকসংস্কৃতিৰ বিজয় নিচান উৰুৱাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগ' চহৰত অনুষ্ঠিত হোৱা মৰ্যাদাপূর্ণ দক্ষিণ এছিয়া চলচ্চিত্র মহোৎসৱত যোৱা বছৰ 'আইৰন গার্লছ' ছবিখন প্রদর্শন হৈছিল। সেইদৰে নাইজেৰিয়া চৰকাৰৰ সাংস্কৃতিক দপ্তৰৰ আমন্ত্রণত আফ্রিকা মহাদেশৰ হলিউড স্বৰূপ ৰাজধানী আবুজাৰ চলচ্চিত্র গৃহত আইৰন গাৰ্লছ প্রদর্শন হৈছিল, য'ত উপস্থিত আছিল প্রায় ৪০ খন দেশৰ ৰাষ্ট্ৰদূত, প্ৰতিনিধিৰ লগতে ভাৰতীয় উচ্চায়ুক্তৰ প্ৰতিনিধি। নাইজেৰিয়াৰ সাংস্কৃতিক দপ্তৰৰ চলচ্চিত্র সঞ্চালকালয়ে অসমৰ লোকসংস্কৃতিৰ এই স্বর্ণিল ৰূপ প্ৰত্যক্ষ কৰি পৰিচালকক সন্মানীয় 'জুমা এম্বেছেডৰ' উপাধি প্রদান কৰিছিল। নতুন দিল্লীৰ এন এফ ডি চি চিনেগৃহত ৰাষ্ট্ৰীয় সংবাদপত্র 'দৈনিক জাগৰণ'ৰ উদ্যোগত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত অসমক গৌৰৱান্বিত কৰি 'ভিলেজ ৰকষ্টাৰ-২'ৰ সৈতে একেলগে প্রদর্শন হৈছিল 'আইৰন গাৰ্লছ'। তদুপৰি হিমাচল প্ৰদেশৰ ৰাজ্যপালে 'আইৰন গাৰ্লছ'ৰ পৰিচালক ৰাজেন দাসৰ হাতত তুলি দিছিল জুৰী শ্ৰেষ্ঠ ছবিৰ সন্মান। এই মহোৎসৱত উপস্থিত আছিল অসম তনয়া সীমা বিশ্বাস। এইদৰে বিগত এবছৰ ধৰি 'আইৰন গাৰ্লছ'এ দেশ-বিদেশত অসমৰ লোক কলা কৃষ্টিৰ বিজয় নিচান উৰুওৱাৰ পিছত এইবাৰ অহা ২৫ জুলাইত মাতৃভূমি অসমত শুভমুক্তিৰ বাবে সাজু হৈছে। এই সন্দর্ভত বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলখনত পৰিচালক ৰাজেন দাসে আৱেগিকভাৱে কয়- 'এক দুঃসাহস লৈ অসমৰ জাতীয় লোকসংস্কৃতিক জীয়াই ৰখাৰ দুৰন্ত তাড়নাৰ বাবে ছবিখন কৰিছোঁ। দেশ-বিদেশত এই ছবিখনক ৰাইজে মৰম দিছে। এতিয়া অসমৰ ৰাইজে ছবিগৃহলৈ আহি অসমৰ লোকসংস্কৃতিৰ লগত জড়িত শিল্পীসকলক মৰম দিব লাগিব। আমাৰ জাতিটোৰ সন্মুখত এয়া ভাষা সংস্কৃতি ৰক্ষাৰ সময়। এয়া আমি সকলোৱে এক জাতীয় দায়বদ্ধতা হিচাপে গ্রহণ কৰিব পাৰোঁ।'


আনহাতে 'আইৰন গাৰ্লছ' সম্পর্কত পদ্মশ্রী দ্রোণ ভূঞাই কয়-'অসমৰ ওজাপালি আৰু দেওধনীক লৈ ৰাজেন দাসে নিৰ্মাণ কৰা আইৰন গাৰ্লছ ছবিখনত মোৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ উন্মোচিত হৈছে। মোৰ জীৱনৰ সংগ্রাম প্রতিফলিত হৈছে। মই ইয়াত নিজেই অভিনয় কৰিছোঁ। অভিনয় কৰি মই নিজেই আৱেগিক হৈ পৰিছোঁ। অসমৰ ৰাইজে ছবিখনক মৰম দিয়ক আৰু ওজাপালি দেওধনীক জীয়াই ৰাখক।' উল্লেখ্য যে ওজাপালি আৰু দেওধনী তথা পদ্মশ্রী দ্রোণ ভূঞাৰ জীৱনচর্যাক ৰূপালী পর্দালৈ আনিবলৈ এক দীর্ঘ সংগ্ৰামৰ প্ৰয়োজন হৈছিল। পৰিচালকে জানিবলৈ দিয়া মতে 'আইৰন গাৰ্লছ' অসমৰ লোকসংস্কৃতিক জীয়াই ৰখা সংগ্ৰামৰ এক জীয়া এপিটাফ।


ছবিখনৰ সহঃ প্রযোজকৰ দায়িত্ব বহন কৰিছে মীনাক্ষি দাসে। অভিনয় কৰিছে পদ্মশ্রী দ্রোণ ভূঞা, আশা বৰদলৈ, মৃদুল বৰুৱা, জেচমিন দাস, দীপান্বিতা দাস, বিশাল স্বর্গীয়াৰী, তৰুণ আজাদ ডেকা, প্রকাশ ঠাকুৰীয়া আদিয়ে। এই ছবিখনত সীমা ডেকা, প্রিয়ংকা দাস, নেহা চহৰীয়া, ময়ূৰী শিৱম নাথ আদি দেওধনী নৃত্যৰ সৈতে প্ৰকৃততে জড়িত দেওধনী শিল্পীয়ে অভিনয় কৰিছে। আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটত প্রদর্শন হোৱাৰ পিছত অহা ২৫ জুলাইত অসমৰ দৰ্শকৰ অপেক্ষাৰ অন্ত পৰিব। পুতলা নাচৰ শিল্পীক লৈ ৰাজেন দাসে পৰিচালনা কৰা 'লাইফ ইন এ পাপেট'ৰ পিছত ৰূপালী পর্দালৈ আহি আছে ওজাপালি-দেওধনী শিল্পীৰ জীৱন আধাৰিত এক পূর্ণদৈর্ঘ্যৰ অসমীয়া চলচ্চিত্র 'আইৰন গাৰ্লছ'।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু