--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসমৰ লোকসংস্কৃতি ওজাপালি আৰু দেওধনীক লৈ ৰাজেন দাসৰ পৰিচালনাত নিৰ্মাণ হৈ উঠিছে এক কলাত্মক, গৱেষণাধর্মী চলচ্চিত্র 'আইৰন গাৰ্লছ'।

ডিজিটেল ডেস্ক : বিশ্ব দৰবাৰত জিলিকি উঠাৰ পিছত অসমৰ স্বর্ণিল লোককলা ওজাপালি আৰু দেওধনী ২৫ জুলাইৰ পৰা অসমৰ ছবিগৃহৰ ৰূপালী পর্দাত উদ্ভাসিত হৈ পৰিব।


কাৰ্যতঃ পৰিচালক ৰাজেন দাসৰ প্ৰচেষ্টাত অসমৰ স্বর্ণিল লোককৃষ্টি ওজাপালি-দেওধনীৰে শুকুৰবাৰৰ পৰা ভাস্বত হৈ পৰিব অসমৰ ছবিগৃহৰ ৰূপালী পর্দা। অসমৰ লোকসংস্কৃতি ওজাপালি আৰু দেওধনীক লৈ ৰাজেন দাসৰ পৰিচালনাত নিৰ্মাণ হৈ উঠিছে এক কলাত্মক, গৱেষণাধর্মী চলচ্চিত্র 'আইৰন গাৰ্লছ'। অধ্যাপক তথা চলচ্চিত্ৰ পৰিচালক ৰাজেন দাসে চাৰি বছৰজোৰা এক সংগ্ৰামৰ মাজেৰে নিৰ্মাণ কৰিছে 'আইৰন গার্লছ'। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত পৰিচালক ৰাজেন দাসে ছবিখনৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ বৰ্ণনা কৰে।


উল্লেখ্য যে অসমৰ লোকসংস্কৃতিৰ বিজয় নিচান উৰুৱাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগ' চহৰত অনুষ্ঠিত হোৱা মৰ্যাদাপূর্ণ দক্ষিণ এছিয়া চলচ্চিত্র মহোৎসৱত যোৱা বছৰ 'আইৰন গার্লছ' ছবিখন প্রদর্শন হৈছিল। সেইদৰে নাইজেৰিয়া চৰকাৰৰ সাংস্কৃতিক দপ্তৰৰ আমন্ত্রণত আফ্রিকা মহাদেশৰ হলিউড স্বৰূপ ৰাজধানী আবুজাৰ চলচ্চিত্র গৃহত আইৰন গাৰ্লছ প্রদর্শন হৈছিল, য'ত উপস্থিত আছিল প্রায় ৪০ খন দেশৰ ৰাষ্ট্ৰদূত, প্ৰতিনিধিৰ লগতে ভাৰতীয় উচ্চায়ুক্তৰ প্ৰতিনিধি। নাইজেৰিয়াৰ সাংস্কৃতিক দপ্তৰৰ চলচ্চিত্র সঞ্চালকালয়ে অসমৰ লোকসংস্কৃতিৰ এই স্বর্ণিল ৰূপ প্ৰত্যক্ষ কৰি পৰিচালকক সন্মানীয় 'জুমা এম্বেছেডৰ' উপাধি প্রদান কৰিছিল। নতুন দিল্লীৰ এন এফ ডি চি চিনেগৃহত ৰাষ্ট্ৰীয় সংবাদপত্র 'দৈনিক জাগৰণ'ৰ উদ্যোগত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত অসমক গৌৰৱান্বিত কৰি 'ভিলেজ ৰকষ্টাৰ-২'ৰ সৈতে একেলগে প্রদর্শন হৈছিল 'আইৰন গাৰ্লছ'। তদুপৰি হিমাচল প্ৰদেশৰ ৰাজ্যপালে 'আইৰন গাৰ্লছ'ৰ পৰিচালক ৰাজেন দাসৰ হাতত তুলি দিছিল জুৰী শ্ৰেষ্ঠ ছবিৰ সন্মান। এই মহোৎসৱত উপস্থিত আছিল অসম তনয়া সীমা বিশ্বাস। এইদৰে বিগত এবছৰ ধৰি 'আইৰন গাৰ্লছ'এ দেশ-বিদেশত অসমৰ লোক কলা কৃষ্টিৰ বিজয় নিচান উৰুওৱাৰ পিছত এইবাৰ অহা ২৫ জুলাইত মাতৃভূমি অসমত শুভমুক্তিৰ বাবে সাজু হৈছে। এই সন্দর্ভত বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলখনত পৰিচালক ৰাজেন দাসে আৱেগিকভাৱে কয়- 'এক দুঃসাহস লৈ অসমৰ জাতীয় লোকসংস্কৃতিক জীয়াই ৰখাৰ দুৰন্ত তাড়নাৰ বাবে ছবিখন কৰিছোঁ। দেশ-বিদেশত এই ছবিখনক ৰাইজে মৰম দিছে। এতিয়া অসমৰ ৰাইজে ছবিগৃহলৈ আহি অসমৰ লোকসংস্কৃতিৰ লগত জড়িত শিল্পীসকলক মৰম দিব লাগিব। আমাৰ জাতিটোৰ সন্মুখত এয়া ভাষা সংস্কৃতি ৰক্ষাৰ সময়। এয়া আমি সকলোৱে এক জাতীয় দায়বদ্ধতা হিচাপে গ্রহণ কৰিব পাৰোঁ।'


আনহাতে 'আইৰন গাৰ্লছ' সম্পর্কত পদ্মশ্রী দ্রোণ ভূঞাই কয়-'অসমৰ ওজাপালি আৰু দেওধনীক লৈ ৰাজেন দাসে নিৰ্মাণ কৰা আইৰন গাৰ্লছ ছবিখনত মোৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ উন্মোচিত হৈছে। মোৰ জীৱনৰ সংগ্রাম প্রতিফলিত হৈছে। মই ইয়াত নিজেই অভিনয় কৰিছোঁ। অভিনয় কৰি মই নিজেই আৱেগিক হৈ পৰিছোঁ। অসমৰ ৰাইজে ছবিখনক মৰম দিয়ক আৰু ওজাপালি দেওধনীক জীয়াই ৰাখক।' উল্লেখ্য যে ওজাপালি আৰু দেওধনী তথা পদ্মশ্রী দ্রোণ ভূঞাৰ জীৱনচর্যাক ৰূপালী পর্দালৈ আনিবলৈ এক দীর্ঘ সংগ্ৰামৰ প্ৰয়োজন হৈছিল। পৰিচালকে জানিবলৈ দিয়া মতে 'আইৰন গাৰ্লছ' অসমৰ লোকসংস্কৃতিক জীয়াই ৰখা সংগ্ৰামৰ এক জীয়া এপিটাফ।


ছবিখনৰ সহঃ প্রযোজকৰ দায়িত্ব বহন কৰিছে মীনাক্ষি দাসে। অভিনয় কৰিছে পদ্মশ্রী দ্রোণ ভূঞা, আশা বৰদলৈ, মৃদুল বৰুৱা, জেচমিন দাস, দীপান্বিতা দাস, বিশাল স্বর্গীয়াৰী, তৰুণ আজাদ ডেকা, প্রকাশ ঠাকুৰীয়া আদিয়ে। এই ছবিখনত সীমা ডেকা, প্রিয়ংকা দাস, নেহা চহৰীয়া, ময়ূৰী শিৱম নাথ আদি দেওধনী নৃত্যৰ সৈতে প্ৰকৃততে জড়িত দেওধনী শিল্পীয়ে অভিনয় কৰিছে। আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটত প্রদর্শন হোৱাৰ পিছত অহা ২৫ জুলাইত অসমৰ দৰ্শকৰ অপেক্ষাৰ অন্ত পৰিব। পুতলা নাচৰ শিল্পীক লৈ ৰাজেন দাসে পৰিচালনা কৰা 'লাইফ ইন এ পাপেট'ৰ পিছত ৰূপালী পর্দালৈ আহি আছে ওজাপালি-দেওধনী শিল্পীৰ জীৱন আধাৰিত এক পূর্ণদৈর্ঘ্যৰ অসমীয়া চলচ্চিত্র 'আইৰন গাৰ্লছ'।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ