--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বর্তমান তেওঁ নিজৰ অনুশীলন অব্যাহত ৰাখিছে। অহা ১০ ছেপ্টেম্বৰত জিজ্ঞাসা ৰাওনা হ'ব মুম্বাইলৈ।

ডিজিটেল ডেস্ক : পাটাছাৰকুছিৰ নিৰঞ্জন দাস আৰু কল্যাণী দেৱীৰ প্ৰতিভাসম্পন্ন কন্যা পাটাছাৰকুছি বিদ্যাপীঠৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী জিজ্ঞাসা কাশ্যপে সংগীতৰ মাজেৰে দোপত দোপে উন্নতি কৰি ৰাজ্যিক পৰ্যায়ত উজলি উঠাৰ পাছত শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণৰ সুবিধা লাভ কৰিছে।


বজালী জিলাৰ পাটাছাৰকুছিৰ বৰনলীকুছি গাঁৱৰ কাপলা চুবাৰ জিজ্ঞাসা কাশ্যপে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছনী টিভিৰ ইণ্ডিয়ান আইডল ছিজন ১৬ৰ ৰিয়েলিটি শ্ব'ত অংশ গ্ৰহণৰ বাবে প্ৰাৰম্ভিক পৰীক্ষাত উত্তীর্ণ হৈছে।


বর্তমান তেওঁ নিজৰ অনুশীলন অব্যাহত ৰাখিছে। অহা ১০ ছেপ্টেম্বৰত জিজ্ঞাসা ৰাওনা হ'ব মুম্বাইলৈ। তেওঁৰ পিতৃ-মাতৃ দুয়ো সংগীতৰ ক্ষেত্রতে জড়িত। মাত্র ৩ বছৰ বয়সৰ পৰাই বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি আহিছে জিজ্ঞাসাই। অসমৰ বিভিন্ন সংগীতৰ প্ৰতিযোগিতাবিলাকত জিজ্ঞাসা কাশ্যপে পুৰস্কাৰ লাভ কৰি পাটাছাৰকুছিৰ লগতে বজালীলৈ গৌৰৱ ইতিমধ্যে কঢ়িয়াই আনিছে।


জিজ্ঞাসাই স্বনামধন্য গীতিকাৰবিলাকৰ যিকোনো গীত সুন্দৰকৈ পৰিৱেশন কৰি সুনাম কঢ়িয়াইছে। অসমৰ হেৰাই যাবলৈ ধৰা লোক সংগীতবিলাকো সুন্দৰভাৱে চৰ্চা কৰি আহিছে। শাস্ত্রীয় সংগীতৰ বিশাৰদ ডিগ্রী লক্ষ্ণৌ ভাতখাণ্ডেৰ অধীনত ডিষ্টিংশ্যনসহ প্রথম বিভাগত অৰ্জন কৰা জিজ্ঞাসাই শিশু শিল্পী হিচাপে ২০২৩ বর্ষত নেপকাচৰ পৰা সংগীতৰ শ্ৰেষ্ঠ শিশু শিল্পীৰ বঁটা লাভ কৰিছিল।


এইবাৰ অসমৰ বিভিন্ন বিহু মঞ্চত গীত পৰিৱেশন কৰি ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে। অসম চৰকাৰে আৰম্ভ কৰা সংগীতৰ মহাসংগ্ৰামতো ভূপেন্দ্র সংগীত, বিষ্ণু ৰাভা সংগীত আৰু ৰবীন্দ্র সংগীতত জিজ্ঞাসাই ৰাজ্যিক পৰ্যায়লৈ যাবলৈ সক্ষম হৈছিল। বর্তমান ছচিয়েল মিডিয়া যোগে জনপ্ৰিয় হৈ পৰা জিজ্ঞাসা কাশ্যপ জনপ্রিয় ৰিয়েলিটী শ্ব' ডি ৱাই-৩৬৫ৰ উৰুখা পঁজাৰ সুৰত প্ৰথম ৰানাৰ্ছ আপ আৰু প্ৰতিদিন টাইমৰ Trends telent huntত ফাইনেলিষ্টৰ লগতে নিউজ লাইভৰ প্ৰতিভাৰ সন্ধানত টপ টুৱেণ্টিত ভাল প্রদর্শন কৰিছিল।


অলপতে হৈ যোৱা প্ৰাগ টিভিৰ টিভি চেনেলৰ অসমৰ আগশাৰীৰ ৰিয়েলিটী শ্ব' আমাৰ ভূপেন দা-৮ত জিজ্ঞাসাই প্ৰথম ৰানাৰ্ছ আপ খিতাপ লাভ কৰে। প্রতিযোগিতাখনত প্রথম ৰানাৰ্ছ-আপ হৈ জিজ্ঞাসা কাশ্যপে পাটাছাৰকুছিৰ লগতে সমগ্র বজালীলৈ গৌৰৱ কঢ়িয়াই আনে। প্রথম ৰানাৰ্ছ-আপ হিচাপে জিজ্ঞাসা কাশ্যপক ট্রফী, প্রমাণ-পত্র, আদিৰে সন্মানিত কৰা হয়।


উল্লেখযোগ্য যে এইবাৰ অসমৰ বিভিন্ন প্ৰান্তৰৰ শ শ প্রতিযোগীৰ মাজৰ পৰা মূল ৰাউণ্ডলৈ নির্বাচিত ৫০জন প্রতিযোগীক লৈ অনুষ্ঠিত হৈছিল 'আমাৰ ভূপেন দা ছিজন-৮'ৰ বৰ্ণাঢ্য অনুষ্ঠান। যোৱা এক মাৰ্চৰ পৰা শনি আৰু দেওবাৰে সন্ধিয়া ৭-৫৫ত সম্প্ৰচাৰিত হোৱা অসমৰ সৰ্ববৃহৎ ৰিয়েলিটি শ্ব'টোৰ গ্ৰেণ্ড ফিনালেলৈ নির্বাচিত হৈছিল মুঠ ছগৰাকী প্রতিযোগী। সমগ্র অনুষ্ঠানটোৰ আঁত ধৰোঁতা হিচাপে আছিল সিদ্ধার্থ নিপন গোস্বামী। গুৰুৰ দায়িত্বত আছিল বিশিষ্ট কণ্ঠশিল্পী নিত্যানন্দ ডেকা আৰু প্রশান্ত ৰাজখোৱা। বিচাৰকৰ আসন অলংকৃত কৰিছিল ড° মৌচুমী চহৰীয়া, কল্লোল বৰঠাকুৰ আৰু ৰূপাংকিতা পাপৰিয়ে। মহাগুৰুৰ ভূমিকাত আছিল আলেখ্য চক্রবর্তী। চূড়ান্ত প্রতিযোগিতাত মুখ্য অতিথিৰ আসন অলংকৃত কৰিছিল জনপ্রিয় কণ্ঠশিল্পী অৰূপজ্যোতি বৰুৱাই।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ