--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বর্তমান তেওঁ নিজৰ অনুশীলন অব্যাহত ৰাখিছে। অহা ১০ ছেপ্টেম্বৰত জিজ্ঞাসা ৰাওনা হ'ব মুম্বাইলৈ।

ডিজিটেল ডেস্ক : পাটাছাৰকুছিৰ নিৰঞ্জন দাস আৰু কল্যাণী দেৱীৰ প্ৰতিভাসম্পন্ন কন্যা পাটাছাৰকুছি বিদ্যাপীঠৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী জিজ্ঞাসা কাশ্যপে সংগীতৰ মাজেৰে দোপত দোপে উন্নতি কৰি ৰাজ্যিক পৰ্যায়ত উজলি উঠাৰ পাছত শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণৰ সুবিধা লাভ কৰিছে।


বজালী জিলাৰ পাটাছাৰকুছিৰ বৰনলীকুছি গাঁৱৰ কাপলা চুবাৰ জিজ্ঞাসা কাশ্যপে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছনী টিভিৰ ইণ্ডিয়ান আইডল ছিজন ১৬ৰ ৰিয়েলিটি শ্ব'ত অংশ গ্ৰহণৰ বাবে প্ৰাৰম্ভিক পৰীক্ষাত উত্তীর্ণ হৈছে।


বর্তমান তেওঁ নিজৰ অনুশীলন অব্যাহত ৰাখিছে। অহা ১০ ছেপ্টেম্বৰত জিজ্ঞাসা ৰাওনা হ'ব মুম্বাইলৈ। তেওঁৰ পিতৃ-মাতৃ দুয়ো সংগীতৰ ক্ষেত্রতে জড়িত। মাত্র ৩ বছৰ বয়সৰ পৰাই বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি আহিছে জিজ্ঞাসাই। অসমৰ বিভিন্ন সংগীতৰ প্ৰতিযোগিতাবিলাকত জিজ্ঞাসা কাশ্যপে পুৰস্কাৰ লাভ কৰি পাটাছাৰকুছিৰ লগতে বজালীলৈ গৌৰৱ ইতিমধ্যে কঢ়িয়াই আনিছে।


জিজ্ঞাসাই স্বনামধন্য গীতিকাৰবিলাকৰ যিকোনো গীত সুন্দৰকৈ পৰিৱেশন কৰি সুনাম কঢ়িয়াইছে। অসমৰ হেৰাই যাবলৈ ধৰা লোক সংগীতবিলাকো সুন্দৰভাৱে চৰ্চা কৰি আহিছে। শাস্ত্রীয় সংগীতৰ বিশাৰদ ডিগ্রী লক্ষ্ণৌ ভাতখাণ্ডেৰ অধীনত ডিষ্টিংশ্যনসহ প্রথম বিভাগত অৰ্জন কৰা জিজ্ঞাসাই শিশু শিল্পী হিচাপে ২০২৩ বর্ষত নেপকাচৰ পৰা সংগীতৰ শ্ৰেষ্ঠ শিশু শিল্পীৰ বঁটা লাভ কৰিছিল।


এইবাৰ অসমৰ বিভিন্ন বিহু মঞ্চত গীত পৰিৱেশন কৰি ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে। অসম চৰকাৰে আৰম্ভ কৰা সংগীতৰ মহাসংগ্ৰামতো ভূপেন্দ্র সংগীত, বিষ্ণু ৰাভা সংগীত আৰু ৰবীন্দ্র সংগীতত জিজ্ঞাসাই ৰাজ্যিক পৰ্যায়লৈ যাবলৈ সক্ষম হৈছিল। বর্তমান ছচিয়েল মিডিয়া যোগে জনপ্ৰিয় হৈ পৰা জিজ্ঞাসা কাশ্যপ জনপ্রিয় ৰিয়েলিটী শ্ব' ডি ৱাই-৩৬৫ৰ উৰুখা পঁজাৰ সুৰত প্ৰথম ৰানাৰ্ছ আপ আৰু প্ৰতিদিন টাইমৰ Trends telent huntত ফাইনেলিষ্টৰ লগতে নিউজ লাইভৰ প্ৰতিভাৰ সন্ধানত টপ টুৱেণ্টিত ভাল প্রদর্শন কৰিছিল।


অলপতে হৈ যোৱা প্ৰাগ টিভিৰ টিভি চেনেলৰ অসমৰ আগশাৰীৰ ৰিয়েলিটী শ্ব' আমাৰ ভূপেন দা-৮ত জিজ্ঞাসাই প্ৰথম ৰানাৰ্ছ আপ খিতাপ লাভ কৰে। প্রতিযোগিতাখনত প্রথম ৰানাৰ্ছ-আপ হৈ জিজ্ঞাসা কাশ্যপে পাটাছাৰকুছিৰ লগতে সমগ্র বজালীলৈ গৌৰৱ কঢ়িয়াই আনে। প্রথম ৰানাৰ্ছ-আপ হিচাপে জিজ্ঞাসা কাশ্যপক ট্রফী, প্রমাণ-পত্র, আদিৰে সন্মানিত কৰা হয়।


উল্লেখযোগ্য যে এইবাৰ অসমৰ বিভিন্ন প্ৰান্তৰৰ শ শ প্রতিযোগীৰ মাজৰ পৰা মূল ৰাউণ্ডলৈ নির্বাচিত ৫০জন প্রতিযোগীক লৈ অনুষ্ঠিত হৈছিল 'আমাৰ ভূপেন দা ছিজন-৮'ৰ বৰ্ণাঢ্য অনুষ্ঠান। যোৱা এক মাৰ্চৰ পৰা শনি আৰু দেওবাৰে সন্ধিয়া ৭-৫৫ত সম্প্ৰচাৰিত হোৱা অসমৰ সৰ্ববৃহৎ ৰিয়েলিটি শ্ব'টোৰ গ্ৰেণ্ড ফিনালেলৈ নির্বাচিত হৈছিল মুঠ ছগৰাকী প্রতিযোগী। সমগ্র অনুষ্ঠানটোৰ আঁত ধৰোঁতা হিচাপে আছিল সিদ্ধার্থ নিপন গোস্বামী। গুৰুৰ দায়িত্বত আছিল বিশিষ্ট কণ্ঠশিল্পী নিত্যানন্দ ডেকা আৰু প্রশান্ত ৰাজখোৱা। বিচাৰকৰ আসন অলংকৃত কৰিছিল ড° মৌচুমী চহৰীয়া, কল্লোল বৰঠাকুৰ আৰু ৰূপাংকিতা পাপৰিয়ে। মহাগুৰুৰ ভূমিকাত আছিল আলেখ্য চক্রবর্তী। চূড়ান্ত প্রতিযোগিতাত মুখ্য অতিথিৰ আসন অলংকৃত কৰিছিল জনপ্রিয় কণ্ঠশিল্পী অৰূপজ্যোতি বৰুৱাই।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ