--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জম্মু আৰু কাশ্মীৰৰ আৰক্ষীয়ে হাৰিয়ানাৰ ফৰিদাবাদৰ আৰক্ষীৰ সৈতে চলোৱা অভিযানত বিভিন্ন স্থানৰ পৰা ২৯০০ কিল'গ্রাম এম 'নিয়াম নাইট্রেট জব্দ কৰে।

ডিজিটেল ডেস্ক : দিল্লীৰ লালকিল্লা মেট্ৰ' ষ্টেছনৰ কাষত হোৱা বিস্ফোৰণৰ তদন্তৰ সৈতে জড়িত দেশৰ আগশাৰীৰ তদন্তকাৰী সংস্থাসমূহ এক ডাঙৰ প্রত্যাহবানৰ সন্মুখীন হৈছে। 


সূত্রসমূহে প্রকাশ কৰা মতে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে এতিয়ালৈকে উদ্ধাৰ কৰিব নোৱৰা ৩০০ কিল'গ্রাম এম 'নিয়াম নাইট্রেট। এই ৩০০ কিল'গ্রাম এম'নিয়াম নাইট্রেট ক'ত আছে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। ইয়াৰ লগতে তদন্তকাৰী সংস্থাসমূহৰ বাবেও এই বিস্ফোৰকখিনি এক মূৰৰ কামোৰণি স্বৰূপ হৈ পৰিছে। 


উল্লেখযোগ্য যে জম্মু আৰু কাশ্মীৰৰ আৰক্ষীয়ে হাৰিয়ানাৰ ফৰিদাবাদৰ আৰক্ষীৰ সৈতে চলোৱা অভিযানত বিভিন্ন স্থানৰ পৰা ২৯০০ কিল'গ্রাম এম 'নিয়াম নাইট্রেট জব্দ কবে। কিন্তু বিভিন্ন স্থানত এতিয়াও ৩০০ কিল'গ্রাম লুকুৱাই ৰখা হৈছে। ইয়াৰ সন্ধানত দেশৰ বিভিন্ন স্থানত তালাচী অভিযানো চলাই থকা হৈছে। এই বিস্ফোৰকখিনি বাংলাদেশৰ পৰা নেপাল আৰু নেপালৰ পৰা ভাৰতলৈ অনা হৈছিল। এই এম 'নিয়াম নাইট্রেটখিনি সন্ত্রাসবাদীয়ে সাৰ কোম্পানীৰ পৰা চুৰ কৰি আনিছিল। 


সূত্রসমূহে প্রকাশ কৰা মতে ভাৰতলৈ চোৰাংভাৱে মুঠ ৩২০০ কিল'গ্রাম এম নিয়াম নাইট্রেট অনা হৈছিল। ইয়াৰ পাছত এতিয়া নেপাল আৰু ভাৰতৰ মাজৰ সকলো পথতে সতর্কতা জাৰি কৰা হৈছে। আনহাতে দিল্লী বিস্ফোৰণৰ মূল অভিযুক্ত ডাঃ ওমৰ উন নবীৰ সৈতে জড়িত থকা আন এখন গাড়ীৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই আছে। এই গাড়ীখন ফর্ড কোম্পানীৰ ৰঙা ৰঙৰ ইক' স্পর্ট বুলি কোৱা হৈছে। 


হাৰিয়ানাৰ আৰক্ষীয়ে ফৰিদাবাদত এই গাড়ীখন জব্দ কৰা বুলি জানিব পৰা হৈছে। ফবিদাবাদৰ খণ্ডাৱলী গাঁৱত ৰখাই থোৱা অৱস্থাত এই গাড়ীখন উদ্ধাৰ কৰা হয়। হাৰিয়ানাৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই গাড়ীখন ডাঃ ওমৰৰ নামত পঞ্জীয়ন কৰা আছে। ইফালে ৰহস্যৰ সৃষ্টি কৰিছে আন এটা বাতৰিয়েহে। একাংশ সংবাদ মাধ্যমে দাবী কৰা মতে, আৰক্ষীয়ে এখন ব্রিজা কাৰৰ সন্ধান কৰি আছে। 


বাতৰিটোৰ মতে, এই গাড়ীখনতো বিস্ফোৰক থকা বুলি সন্দেহ কৰা হৈছে। বাতৰিটোত উল্লেখ কৰা মতে ব্ৰিজাখন ফৰিদাবাদৰ সন্ত্রাসবাদৰ চক্ৰটোৰ অন্যতম ষড়যন্ত্রকাৰী ডাঃ শাহিনৰ দ্বিতীয়খন গাড়ী বুলি কোৱা হৈছে। ইফালে তদন্তকাৰী বিষয়াসকলে এই চক্ৰটোৰ সৈতে জড়িত লোকৰ ডিজিটেল তথ্য, ধনৰ লেনদেনৰ তথ্য উদ্ধাৰ তথা এনক্রিপ্টেড যোগাযোগ চেনেল মেপিং কৰি আছে। ইয়াৰ জৰিয়তে এই চক্ৰটোৰ সৈতে সক্রিয় হৈ থকা আন লোকক চিনাক্ত কৰিব পাৰি। 


ইফালে ফৰেনছিক বিশ্লেষণত আন কিছুমান তথ্য উদ্ধাৰ কৰা হৈছে। ইয়াত লাভ কৰা তথ্য মতে, ডাঃ শ্বাহিন আৰু আন এগৰাকী মহিলা চিকিৎসকৰ মাজত চাৰি শতাধিক এনক্রিপ্টেট চাট এক্সছেঞ্জ ধৰা পেলোৱা হয় আৰু ইয়াৰ পুঁজিৰ হস্তান্তৰৰ দবে তথ্যও লাভ কৰা হয়। ইয়াৰ লগতে আক্রমণৰ বাবে সামগ্রী তথা সম্ভাব্য সুৰক্ষিত স্থানৰ সন্ধানো ইয়াৰ জৰিয়তে কৰা হৈছিল। 


সূত্রসমূহে প্রকাশ কৰা মতে এই চক্ৰটোৰ এজন চিকিৎসকে ২০২৩ আৰু ২০২৪ৰ ভিতৰত তুৰস্কৰ ৰাজধানী ইস্তানবুলৰ পৰা ডিজিটেল বালেটৰ জৰিয়তে বৃহৎ পৰিমাণৰ বিদেশী ধন লাভ কৰিছিল। এই ধনখিনি সন্ত্রাসবাদী কার্যকলাপত ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা হৈছে। এই মহিলা দুগৰাকীয়ে বাংলাদেশৰ ঝাক চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ ডিগ্রী লোৱাৰ পাছত শ্রীনগৰত ইন্টার্নশিপ কৰাৰ সময়তে মৌলবী ইৰফানৰ সংস্পৰ্শলৈ আহিছিল আৰু তেতিয়াই সন্ত্রাসবাদৰ প্ৰতি ঢাল খায়। 


সূত্রসমূহে প্রকাশ কৰা মতে সন্ত্রাসবাদীৰ এই চক্ৰটো অতি ঘনিষ্ঠ তথা শৃংখলিতভাবে সংগঠিত, ডিজিটেল ৰূপৰ দক্ষ আৰু বিদেশৰ পৰা বিত্তীয় সাহায্য লাভকৰি আহিছিল। তদন্তকাৰী সংস্থাসমূহে এতিয়া এই চক্রটোরে কোন কোন দেশৰ পৰা আৰু কাৰ পৰা ধন লাভ কৰিছিল সেই তথ্য উদ্ধাৰ কৰাৰ কাম কৰি আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ