--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই বিস্ফোৰণৰ ষড়যন্ত্ৰত চিকিৎসক ওমৰ আৰু মোজাম্মিলৰ উপৰি আন তিনিজন চিকিৎসক ক্রমে শাহিন, আদিল আৰু মহিউদ্দিন জড়িত থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে।

ডিজিটেল ডেস্কঃ  ভাৰতত এতিয়া মানৱ সেৱাৰ দৰে মহান কার্যত জড়িত হৈ থকা একাংশ চিকিৎসকেও সন্ত্রাসবাদৰ কুটিল চক্ৰান্তত জড়িত হৈ পৰিছে। দিল্লীত কালি হোৱা বোমা বিস্ফোৰণ আৰু তাৰ আগতে ফৰিদাবাদত ২৯০০ কিল'গ্রাম বিস্ফোৰক তথা অস্ত্র-শস্ত্র উদ্ধাৰ হোৱা ঘটনাত চিকিৎসক জড়িত হৈ থকাৰ বিষয়টোবে দেশবাসীক উদ্বিগ্ন কৰি তুলিছে।


উল্লেখযোগ্য যে সোমবাৰে দিল্লীক ৰক্তাক্ত কৰি তোলা এই বিস্ফোৰণ আছিল পাঁচজন চিকিৎসকে কৰা ষড়যন্ত্ৰৰ অংশ। এই বিস্ফোৰণৰ ষড়যন্ত্ৰত চিকিৎসক ওমৰ আৰু মোজাম্মিলৰ উপৰি আন তিনিজন চিকিৎসক ক্রমে শাহিন, আদিল আৰু মহিউদ্দিন জড়িত থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে।


কালি দিল্লীৰ বিস্ফোৰণৰ আগে আগে কালি পুৱাৰ ভাগত হাৰিয়ানাৰ ফৰিদাবাদত জম্মু আৰু কাশ্মীৰৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিস্ফোৰক জব্দ কৰিছিল। ইয়াৰ ভিতৰত ডাঃ মোজাম্মিলে ফৰিদাবাদত ভাৰা লৈ থকা এটা কোঠাৰ পৰা ৩৬০ কিল'গ্রাম এম'নিয়াম নাইট্রেট জব্দ কৰিছিল আৰক্ষীয়ে।


আৰক্ষীৰ মতে, প্রায় ১৫ দিনৰ আগতে বিস্ফোৰক থকা পেটেকবোৰ মোজাম্মিল থকা কোঠাটোলৈ অনা হৈছিল। ইফালে, ডাঃ আদিল আহমেদ ৰাঠৰক উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। আদিলক শ্রীনগৰত সেনা আৰু আৰক্ষীক ভাবুকি দিয়াৰ প'ষ্টাৰ লগোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। ডাঃ আদিলো ফৰিদাবাদত ঘাটি পতা সন্ত্রাসবাদীৰ চক্ৰটোৰ সৈতে ঘনিষ্ঠভাবে জড়িত। ইফালে, লক্ষ্ণৌৰ চিকিৎসক ডাঃ শাহিন ছৈয়দে ফৰিদাবাদৰ আল ফালাহ বিশ্ববিদ্যালয়ৰ চিকিৎসা মহাবিদ্যালয়ত কাম কৰি আছে। তেওঁ মোজাম্মিলৰ প্ৰেয়সী আৰু তেওঁৰ গাড়ী লৈ মোজাম্মিলে। ঘূৰা-পকাও কৰে। মোজাম্মিলে শ্বাহিনৰ গাড়ীত অস্ত্ৰও ৰাখিছিল। শ্বাহিন জৈছ-এ-মহম্মদৰ ভাৰতত মহিলা শাখাৰ মুৰব্বী।


ইফালে, গুজৰাট এ টি এছে গ্ৰেপ্তাৰ কৰা সন্ত্রাসবাদী মহিউদ্দিনো পেছাত এজন চিকিৎসক। দিল্লী বিস্ফোৰণত জড়িত কৰা হৈছে। তেওঁ অতি বিষাক্ত ৰিচিন তৈয়াৰ কৰি দেশত ভয়াৱহ ৰাসায়নিক ফৰিদাবাদৰ সন্ত্রাসবাদীৰ চক্ৰটোৰ সৈতে তেওঁৰ সম্পৰ্ক থকা বুলি সন্দেহ আক্ৰমণৰ ষড়যন্ত্ৰ কৰিছিল।


আনহাতে, দিল্লীত কালি যিখন গাড়ীত বিস্ফোৰণ হৈছিল সেই গাড়ীখন চলাইছিল চিকিৎসক ওমৰে। ওমৰে শ্রীনগৰৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্রমত পঢ়িছিল। তেওঁ আল ফালাহ বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ শিক্ষকো 'চিকিৎসক ওমৰ আৰু এই চক্ৰটোৰ আনকেইজনক ধৰাৰ পাছত ওমৰ আছিল। ফৰিদাবাদৰ সন্ত্রাসবাদী ঘাটিটোৰ অন্যতম সদস্য আছিল পলাতক হৈ আছিল। পাছত কালি সন্ধিয়া লালকিল্লাৰ ওচৰত গাড়ীত থকা বিস্ফোৰক বিস্ফোৰিত কৰে আৰু প্ৰাণ হেৰুৱায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু