--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই বিস্ফোৰণৰ ষড়যন্ত্ৰত চিকিৎসক ওমৰ আৰু মোজাম্মিলৰ উপৰি আন তিনিজন চিকিৎসক ক্রমে শাহিন, আদিল আৰু মহিউদ্দিন জড়িত থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে।

ডিজিটেল ডেস্কঃ  ভাৰতত এতিয়া মানৱ সেৱাৰ দৰে মহান কার্যত জড়িত হৈ থকা একাংশ চিকিৎসকেও সন্ত্রাসবাদৰ কুটিল চক্ৰান্তত জড়িত হৈ পৰিছে। দিল্লীত কালি হোৱা বোমা বিস্ফোৰণ আৰু তাৰ আগতে ফৰিদাবাদত ২৯০০ কিল'গ্রাম বিস্ফোৰক তথা অস্ত্র-শস্ত্র উদ্ধাৰ হোৱা ঘটনাত চিকিৎসক জড়িত হৈ থকাৰ বিষয়টোবে দেশবাসীক উদ্বিগ্ন কৰি তুলিছে।


উল্লেখযোগ্য যে সোমবাৰে দিল্লীক ৰক্তাক্ত কৰি তোলা এই বিস্ফোৰণ আছিল পাঁচজন চিকিৎসকে কৰা ষড়যন্ত্ৰৰ অংশ। এই বিস্ফোৰণৰ ষড়যন্ত্ৰত চিকিৎসক ওমৰ আৰু মোজাম্মিলৰ উপৰি আন তিনিজন চিকিৎসক ক্রমে শাহিন, আদিল আৰু মহিউদ্দিন জড়িত থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে।


কালি দিল্লীৰ বিস্ফোৰণৰ আগে আগে কালি পুৱাৰ ভাগত হাৰিয়ানাৰ ফৰিদাবাদত জম্মু আৰু কাশ্মীৰৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিস্ফোৰক জব্দ কৰিছিল। ইয়াৰ ভিতৰত ডাঃ মোজাম্মিলে ফৰিদাবাদত ভাৰা লৈ থকা এটা কোঠাৰ পৰা ৩৬০ কিল'গ্রাম এম'নিয়াম নাইট্রেট জব্দ কৰিছিল আৰক্ষীয়ে।


আৰক্ষীৰ মতে, প্রায় ১৫ দিনৰ আগতে বিস্ফোৰক থকা পেটেকবোৰ মোজাম্মিল থকা কোঠাটোলৈ অনা হৈছিল। ইফালে, ডাঃ আদিল আহমেদ ৰাঠৰক উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। আদিলক শ্রীনগৰত সেনা আৰু আৰক্ষীক ভাবুকি দিয়াৰ প'ষ্টাৰ লগোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। ডাঃ আদিলো ফৰিদাবাদত ঘাটি পতা সন্ত্রাসবাদীৰ চক্ৰটোৰ সৈতে ঘনিষ্ঠভাবে জড়িত। ইফালে, লক্ষ্ণৌৰ চিকিৎসক ডাঃ শাহিন ছৈয়দে ফৰিদাবাদৰ আল ফালাহ বিশ্ববিদ্যালয়ৰ চিকিৎসা মহাবিদ্যালয়ত কাম কৰি আছে। তেওঁ মোজাম্মিলৰ প্ৰেয়সী আৰু তেওঁৰ গাড়ী লৈ মোজাম্মিলে। ঘূৰা-পকাও কৰে। মোজাম্মিলে শ্বাহিনৰ গাড়ীত অস্ত্ৰও ৰাখিছিল। শ্বাহিন জৈছ-এ-মহম্মদৰ ভাৰতত মহিলা শাখাৰ মুৰব্বী।


ইফালে, গুজৰাট এ টি এছে গ্ৰেপ্তাৰ কৰা সন্ত্রাসবাদী মহিউদ্দিনো পেছাত এজন চিকিৎসক। দিল্লী বিস্ফোৰণত জড়িত কৰা হৈছে। তেওঁ অতি বিষাক্ত ৰিচিন তৈয়াৰ কৰি দেশত ভয়াৱহ ৰাসায়নিক ফৰিদাবাদৰ সন্ত্রাসবাদীৰ চক্ৰটোৰ সৈতে তেওঁৰ সম্পৰ্ক থকা বুলি সন্দেহ আক্ৰমণৰ ষড়যন্ত্ৰ কৰিছিল।


আনহাতে, দিল্লীত কালি যিখন গাড়ীত বিস্ফোৰণ হৈছিল সেই গাড়ীখন চলাইছিল চিকিৎসক ওমৰে। ওমৰে শ্রীনগৰৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্রমত পঢ়িছিল। তেওঁ আল ফালাহ বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ শিক্ষকো 'চিকিৎসক ওমৰ আৰু এই চক্ৰটোৰ আনকেইজনক ধৰাৰ পাছত ওমৰ আছিল। ফৰিদাবাদৰ সন্ত্রাসবাদী ঘাটিটোৰ অন্যতম সদস্য আছিল পলাতক হৈ আছিল। পাছত কালি সন্ধিয়া লালকিল্লাৰ ওচৰত গাড়ীত থকা বিস্ফোৰক বিস্ফোৰিত কৰে আৰু প্ৰাণ হেৰুৱায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ