--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • লালকিল্লা বিস্ফোৰণৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা সন্দেহযুক্ত সন্ত্রাসবাদীকেইটাই তদন্তকাৰীক কয় যে 'বাবৰি মছজিদ ধ্বংসৰ পোটক তুলিবলৈকে' উক্ত দিনটো ধার্য কৰা হৈছিল।

ডিজিটেল ডেস্ক:  দিল্লীত যোৱা সোমবাৰে সংঘটিত বোমা বিস্ফোৰণতকৈও অধিক ভয়াৱহ পৰিস্থিতি সৃষ্টিৰ পৰিকল্পনা কৰিছিল জৈছ-এ-মহম্মদৰ সৈতে সম্পর্ক থকা তথা কেইবাজনো চিকিৎসক জড়িত থকা গোটটোৱে। এই গোটটো পাকিস্তানৰ পৰা মউদুদ্দিন ঔৰংজেৱ আলম ওৰফে আম্মাৰ আলৱীৰ নামৰ এজনে (হেণ্ডলাৰ) নিয়ন্ত্ৰণ কৰি থকা বুলি তদন্তকাৰী সংস্থাই শুং-সূত্র পাইছে।


দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ সমীপত হোৱা কাৰবোমা বিস্ফোৰণৰ তদন্তকাৰীসকলে ফাদিল কৰিছে এই ভয়ানক ষড়যন্ত্ৰৰ কথা। উক্ত ষড়যন্ত্র মতে গোটটোৱে ৬ ডিচেম্বৰত ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত (এন চি আৰ) ৬ ঠাইত বোমা বিস্ফোৰণৰ ষড়যন্ত্ৰ কৰিছিল। উক্ত দিনটো উল্লেখযোগ্য। কাৰণ ১৯৯২ চনত উক্ত দিনটোতেই অযোধ্যাত বাবৰি মছজিদ ভঙা গৈছিল।


লালকিল্লা বিস্ফোৰণৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা সন্দেহযুক্ত সন্ত্রাসবাদীকেইটাই তদন্তকাৰীক কয় যে 'বাবৰি মছজিদ ধ্বংসৰ পোটক তুলিবলৈকে' উক্ত দিনটো ধার্য কৰা হৈছিল। শীর্ষ পর্যায়ৰ চোৰাংচোৱা সূত্র মতে, সন্দেহযুক্ত সন্ত্রাস গোটৰ সদস্যসকলে জেৰাৰ সময়ত কয় যে তেওঁলোকে এন চি আৰত পর্যায়ক্রমে ধাৰাবাহিক বিস্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল। উক্ত পাঁচটা পৰ্যায়ৰ পৰিকল্পনা আছিল-প্রথম পর্যায়ঃ জৈছ-এ-মহম্মদ আৰু আনচাৰ গজৱট-উল-হিন্দৰ সৈতে সম্পর্ক থকা সন্ত্রাস গোট গঠন।


দ্বিতীয় পর্যায়: আই ই ডি তৈয়াৰ কৰিবলৈ কেঁচামাল সংগ্রহ তথা হাৰিয়ানাৰ নুহ আৰু গুৰুগ্ৰামৰ পৰা আহিলা-পাতি সংগ্রহ। পর্যায় তিনি : আই ই ডি প্রস্তুত আৰু লক্ষাৰ সম্ভাব্য স্থানৰ আলেখ-লেখ চোৱা। পর্যায় চাৰিঃ উক্ত স্থানবোৰৰ বিষয়ে বিশদভাৱে জনাৰ পাছত গোটৰ সদস্যসকলৰ মাজত বোমাবোৰ বিতৰণ কৰা। পঞ্চম আৰু অন্তিম পর্যায়: দিল্লীৰ ৬-৭ঠাইত সমন্বয় ৰাখি বোমা বিস্ফোৰণ ঘটোৱা। তদন্ত মতে প্রথমতে এই বছৰবে আগষ্টত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ষড়যন্ত্ৰ কৰা হৈছিল। কিন্তু ৰূপায়ণত পলম হোৱাত বাবৰি মছজিদ ধ্বংসৰ বার্ষিকী ৬ ডিচেম্বৰ দিনটো থিৰাং কৰা হৈছিল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ