--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই তথ্য লাভ কৰাৰ লগে লগে ফতেহপুৰ ছিকৰী আৰক্ষী থানাৰ এটা দল কিশোৰীগৰাকীৰ ঘৰত উপস্থিত হৈ সমগ্ৰ ঘটনা পৰীক্ষা কৰে।

ডিজিটেল ডেস্ক: ছ’চিয়েল মিডিয়াত জনপ্ৰিয়তা আৰু ফ’ল’ৱাৰ্ছ লাভৰ দৌৰত যুৱক-যুৱতীসকলে কেতিয়াবা এনে কাৰ্য্যৰ আশ্ৰয় লয় যিবোৰ কেৱল বিপদজনকে নহয়, অপৰাধমূলকো। আগ্ৰাত এনে এক ঘটনা সংঘটিত হৈছে, য’ত এগৰাকী কিশোৰীয়ে ফ’ল’ৱাৰ বঢ়াবলৈ এটা ভুৱা আত্মহত্যাৰ ভিডিঅ’ তৈয়াৰ কৰি ছ’চিয়েল মিডিয়াত পোষ্ট কৰে। 


৫ মাৰ্চত আগ্ৰা আৰক্ষী আয়ুক্তই ছ’চিয়েল মিডিয়া চেল Metaৰ জৰিয়তে এক সতৰ্কবাণী লাভ কৰে। এই সতৰ্কবাণীটোত কোৱা হয় যে ফতেহপুৰ ছিকৰি অঞ্চলৰ এগৰাকী ছোৱালীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত ‘অল আউট’ কীটনাশক সেৱন কৰা ভিডিঅ’ পোষ্ট কৰিছে। আত্মহত্যাৰ সন্দেহ কৰি বিষয়টো গুৰুত্ব সহকাৰে লৈ Metaই লগে লগে আৰক্ষীক খবৰ দিয়ে। 


এই তথ্য লাভ কৰাৰ লগে লগে ফতেহপুৰ ছিকৰী আৰক্ষী থানাৰ এটা দল কিশোৰীগৰাকীৰ ঘৰত উপস্থিত হৈ সমগ্ৰ ঘটনা পৰীক্ষা কৰে।


আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে ছোৱালীজনীয়ে প্ৰকৃততে কোনো বিষাক্ত পদাৰ্থ সেৱন কৰা নাছিল। কেৱল ছ’চিয়েল মিডিয়াত জনপ্ৰিয়তা আৰু ফ’ল’ৱাৰ বঢ়াবলৈ তাই এই ভিডিঅ’টো বনাইছিল।


ইয়াৰ পিছতে আৰক্ষীয়ে ছোৱালীজনীক পৰামৰ্শ দি ভৱিষ্যতে এনে আচৰণৰ পৰা বিৰত থাকিবলৈ কঠোৰ সতৰ্কবাণী জাৰি কৰে। ছোৱালীজনীয়েও নিজৰ ভুল স্বীকাৰ কৰি এনে কাৰ্যৰ পুনৰাবৃত্তি নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে।


এই ঘটনাৰ পিছতে ছোৱালীজনীৰ পৰিয়ালে আৰক্ষীৰ তৎপৰতা আৰু সংবেদনশীলতাক প্ৰশংসা কৰি কৃতজ্ঞতা প্ৰকাশ কৰে। আৰক্ষীৰ এই ক্ষীপ্ৰ পদক্ষেপক সকলোৱে শলাগ লৈছে। 


যুৱক-যুৱতীলৈ আৰক্ষীৰ আহ্বান


এই ঘটনাৰ পিছতে জনসাধাৰণক বিশেষকৈ যুৱক-যুৱতীসকলক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ এনে বিপদজনক বা বিভ্ৰান্তিকৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় আৰক্ষীয়ে। আৰক্ষীয়ে কয় যে এনে কাৰ্য্যই সমাজলৈ নেতিবাচক বাৰ্তা প্ৰেৰণ কৰাই নহয়, বহু ক্ষেত্ৰত ইয়াক অপৰাধ বুলিও গণ্য কৰিব পাৰি।


ছ’চিয়েল মিডিয়াত আত্মহত্যা বা অন্যান্য বিপজ্জনক কাৰ্যকলাপৰ সৈতে জড়িত ভুৱা ভিডিঅ’ তৈয়াৰ কৰি মানুহক বিপথে পৰিচালিত কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিয়ে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু