--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই তথ্য লাভ কৰাৰ লগে লগে ফতেহপুৰ ছিকৰী আৰক্ষী থানাৰ এটা দল কিশোৰীগৰাকীৰ ঘৰত উপস্থিত হৈ সমগ্ৰ ঘটনা পৰীক্ষা কৰে।

ডিজিটেল ডেস্ক: ছ’চিয়েল মিডিয়াত জনপ্ৰিয়তা আৰু ফ’ল’ৱাৰ্ছ লাভৰ দৌৰত যুৱক-যুৱতীসকলে কেতিয়াবা এনে কাৰ্য্যৰ আশ্ৰয় লয় যিবোৰ কেৱল বিপদজনকে নহয়, অপৰাধমূলকো। আগ্ৰাত এনে এক ঘটনা সংঘটিত হৈছে, য’ত এগৰাকী কিশোৰীয়ে ফ’ল’ৱাৰ বঢ়াবলৈ এটা ভুৱা আত্মহত্যাৰ ভিডিঅ’ তৈয়াৰ কৰি ছ’চিয়েল মিডিয়াত পোষ্ট কৰে। 


৫ মাৰ্চত আগ্ৰা আৰক্ষী আয়ুক্তই ছ’চিয়েল মিডিয়া চেল Metaৰ জৰিয়তে এক সতৰ্কবাণী লাভ কৰে। এই সতৰ্কবাণীটোত কোৱা হয় যে ফতেহপুৰ ছিকৰি অঞ্চলৰ এগৰাকী ছোৱালীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত ‘অল আউট’ কীটনাশক সেৱন কৰা ভিডিঅ’ পোষ্ট কৰিছে। আত্মহত্যাৰ সন্দেহ কৰি বিষয়টো গুৰুত্ব সহকাৰে লৈ Metaই লগে লগে আৰক্ষীক খবৰ দিয়ে। 


এই তথ্য লাভ কৰাৰ লগে লগে ফতেহপুৰ ছিকৰী আৰক্ষী থানাৰ এটা দল কিশোৰীগৰাকীৰ ঘৰত উপস্থিত হৈ সমগ্ৰ ঘটনা পৰীক্ষা কৰে।


আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে ছোৱালীজনীয়ে প্ৰকৃততে কোনো বিষাক্ত পদাৰ্থ সেৱন কৰা নাছিল। কেৱল ছ’চিয়েল মিডিয়াত জনপ্ৰিয়তা আৰু ফ’ল’ৱাৰ বঢ়াবলৈ তাই এই ভিডিঅ’টো বনাইছিল।


ইয়াৰ পিছতে আৰক্ষীয়ে ছোৱালীজনীক পৰামৰ্শ দি ভৱিষ্যতে এনে আচৰণৰ পৰা বিৰত থাকিবলৈ কঠোৰ সতৰ্কবাণী জাৰি কৰে। ছোৱালীজনীয়েও নিজৰ ভুল স্বীকাৰ কৰি এনে কাৰ্যৰ পুনৰাবৃত্তি নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে।


এই ঘটনাৰ পিছতে ছোৱালীজনীৰ পৰিয়ালে আৰক্ষীৰ তৎপৰতা আৰু সংবেদনশীলতাক প্ৰশংসা কৰি কৃতজ্ঞতা প্ৰকাশ কৰে। আৰক্ষীৰ এই ক্ষীপ্ৰ পদক্ষেপক সকলোৱে শলাগ লৈছে। 


যুৱক-যুৱতীলৈ আৰক্ষীৰ আহ্বান


এই ঘটনাৰ পিছতে জনসাধাৰণক বিশেষকৈ যুৱক-যুৱতীসকলক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ এনে বিপদজনক বা বিভ্ৰান্তিকৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় আৰক্ষীয়ে। আৰক্ষীয়ে কয় যে এনে কাৰ্য্যই সমাজলৈ নেতিবাচক বাৰ্তা প্ৰেৰণ কৰাই নহয়, বহু ক্ষেত্ৰত ইয়াক অপৰাধ বুলিও গণ্য কৰিব পাৰি।


ছ’চিয়েল মিডিয়াত আত্মহত্যা বা অন্যান্য বিপজ্জনক কাৰ্যকলাপৰ সৈতে জড়িত ভুৱা ভিডিঅ’ তৈয়াৰ কৰি মানুহক বিপথে পৰিচালিত কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিয়ে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ