ডিজিটেল ডেস্কঃ স্বনামধন্য সাহিত্যিক তথা চলচ্চিত্ৰ নির্মাতা ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ জনপ্ৰিয় উপন্যাসৰআধাৰত নৱ-নিৰ্মিত অসমীয়া চলচ্চিত্ৰ‘মৰমৰ দেউতা’, ২৩তম চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশ্ব প্ৰিমিয়াৰৰ বাবে সাজু হৈছে।
অহা ১১ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ চেন্নাইত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত পোন প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হ’ব ‘মৰমৰ দেউতা’। হিমজ্যোতি তালুকদাৰৰ দ্বাৰা পৰিচালিত আৰু মমতা মহিলাৰীৰ দ্বাৰা প্ৰযোজিত ছবিখনৰ মূল চৰিত্ৰসমূহত অভিনয় কৰিছে ইতিমধ্যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ অভিনয়েৰে বিশেষ স্থান দখল কৰা অসমীয়া চিনেমাত নৱাগত বোধিসত্ত্ব শৰ্মা, লগতে মিণ্টু বৰুৱা, অপর্ণা দত্ত চৌধুৰী, গৌৰৱ বৰা, অৰুণ নাথ্, কুল কুলদীপৰ লগতে অন্য বহুকেইগৰাকী নৱাগত তথা প্ৰবীণ অভিনয় শিল্পীয়ে।
১৯৮৯ চনত শিশু অলোচনী ‘সঁফুৰা’ত ধাৰাবাহিক ৰূপত প্ৰকাশিত ড° শইকীয়াৰ এই উপন্যাসখন অসমীয়া সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ কিশোৰকেন্দ্ৰিক উপন্যাস হিচাপে গণ্য কৰা হয়। নব্বৈ দশকত অসমৰ শিক্ষানুষ্ঠানসমূহৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হোৱা এই উপন্যাসখনে কিশোৰ মানসিকতা আৰু পৰিয়ালকেন্দ্ৰিক আৱেগিক সম্পৰ্কসমূহক এক বলিষ্ঠ ৰূপত উপস্থাপন কৰিছিল।