--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • সমসাময়িক দর্শকক কালজয়ী অসমীয়া সাহিত্যৰ সৈতে পুনৰ সংযোগ কৰোৱা আৰু দেশৰ এগৰাকী বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা সাহিত্যিকডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰসৃষ্টিৰাজিক সঠিক দিশত উপস্থাপনৰে চলচ্চিত্ৰখনে দৰ্শকৰ মাজত এক বিশেষ স্থান দখল কৰিব বুলি চিত্ৰনিৰ্মাতা আশাবাদী।

ডিজিটেল ডেস্কঃ স্বনামধন্য সাহিত্যিক তথা চলচ্চিত্ৰ নির্মাতা ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ জনপ্ৰিয় উপন্যাসৰআধাৰত নৱ-নিৰ্মিত অসমীয়া চলচ্চিত্ৰ‘মৰমৰ দেউতা’, ২৩তম চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশ্ব প্ৰিমিয়াৰৰ বাবে সাজু হৈছে। 



অহা ১১ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ চেন্নাইত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত পোন প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হ’ব ‘মৰমৰ দেউতা’। হিমজ্যোতি তালুকদাৰৰ দ্বাৰা পৰিচালিত আৰু মমতা মহিলাৰীৰ দ্বাৰা প্ৰযোজিত ছবিখনৰ মূল চৰিত্ৰসমূহত অভিনয় কৰিছে ইতিমধ্যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ অভিনয়েৰে বিশেষ স্থান দখল কৰা অসমীয়া চিনেমাত নৱাগত বোধিসত্ত্ব শৰ্মা, লগতে মিণ্টু বৰুৱা, অপর্ণা দত্ত চৌধুৰী, গৌৰৱ বৰা, অৰুণ নাথ্, কুল কুলদীপৰ লগতে অন্য বহুকেইগৰাকী নৱাগত তথা প্ৰবীণ অভিনয় শিল্পীয়ে।



১৯৮৯ চনত শিশু অলোচনী ‘সঁফুৰা’ত ধাৰাবাহিক ৰূপত প্ৰকাশিত ড° শইকীয়াৰ এই উপন্যাসখন অসমীয়া সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ কিশোৰকেন্দ্ৰিক উপন্যাস হিচাপে গণ্য কৰা হয়। নব্বৈ দশকত অসমৰ শিক্ষানুষ্ঠানসমূহৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হোৱা এই উপন্যাসখনে কিশোৰ মানসিকতা আৰু পৰিয়ালকেন্দ্ৰিক আৱেগিক সম্পৰ্কসমূহক এক বলিষ্ঠ ৰূপত উপস্থাপন কৰিছিল। 



উপন্যাসখনৰ চলচ্চিত্ৰ ৰূপান্তৰণৰ বিষয়ে ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰসহধৰ্মিনী তথা ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাসৰ পৰিচালন ন্যাসৰক্ষী শ্ৰীমতী প্ৰীতি শইকীয়াই উল্লেখ কৰে যে, “মৰমৰ দেউতা"ৰ চলচ্চিত্ৰ ৰূপ আৰু চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ইয়াৰ প্ৰথম প্ৰদৰ্শন এক উল্লেখযোগ্য কীৰ্তি আৰু গৌৰৱৰ ক্ষণ। এই উপন্যাসখনি ডঃশইকীয়াই অতি আন্তৰিকতাৰেলিখি উলিয়াইছিল, যিয়ে কেইবাটাও প্ৰজন্মৰ মাজত প্ৰভূত জনপ্ৰিয়তা লাভ কৰি আহিছে। আশাকৰো উপন্যাসখনৰ চলচ্চিত্ৰৰূপে নতুন প্ৰজন্মৰ মাজত ডঃ শইকীয়াৰ সৃষ্টিৰাজি বলিষ্ঠ ৰূপত দাঙি ধৰিবলৈ সক্ষম হ’ব।”

সমসাময়িক দর্শকক কালজয়ী অসমীয়া সাহিত্যৰ সৈতে পুনৰ সংযোগ কৰোৱা আৰু দেশৰ এগৰাকী বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা সাহিত্যিকডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰসৃষ্টিৰাজিক সঠিক দিশত উপস্থাপনৰে চলচ্চিত্ৰখনে দৰ্শকৰ মাজত এক বিশেষ স্থান দখল কৰিব বুলি চিত্ৰনিৰ্মাতা আশাবাদী। ২০২৬ বৰ্ষত চলচ্চিত্ৰখন অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ চিত্ৰগৃহত মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু