--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ডিজিটেল ডেস্ক : বাক স্বাধীনতাৰ অধিকাৰ মোৰ অত্যন্ত হৃদয়ৰ বিষয়। অনুৰূপভাৱে সংবাদ মাধ্যমৰ স্বাধীনতাও মোৰ বাবে কাংক্ষিত বিষয় এটা

ডিজিটেল ডেস্ক : বাক স্বাধীনতাৰ অধিকাৰ মোৰ অত্যন্ত হৃদয়ৰ বিষয়। অনুৰূপভাৱে সংবাদ মাধ্যমৰ স্বাধীনতাও মোৰ বাবে কাংক্ষিত বিষয় এটা। কিন্তু বর্তমানে দেশত এই দুই স্বাধীনতা বৰ দুর্লভ হৈ পৰিছে। কালি নতুন দিল্লীত 'কল্যাণ বৰুৱা বঁটা' প্ৰদান কৰা অনুষ্ঠানত অংশগ্রহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়। 


দিল্লীস্থিত 'নৰ্থ ইষ্ট মিডিয়া ফৰাম' আৰু বেচৰকাৰী অনুষ্ঠান 'মাই হোম ইণ্ডিয়া'ৰ যৌথ উদ্যোগত প্রয়াত সাংবাদিক কল্যাণ বৰুৱাৰ নামত উৎসর্গিত বঁটা প্রদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্রহণ কৰা ন্যায়াধীশ ভূঞাই 'নাগালেণ্ড পেজ'ৰ বিশিষ্ট সাংবাদিক তথা কবি মনালিছা চানকিজাক ২০২৫ চনৰ তৃতীয় 'কল্যাণ বৰুৱা জীৱনজোৰা সাধনা বঁটা' প্রদান কৰে। শাৰীৰিক অসুস্থতাৰ বাবে অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱৰা সাংবাদিকগৰাকীৰ হৈ তেওঁৰ নিকট আত্মীয়ই ন্যায়াধীশ ভূঞাৰ পৰা এই বঁটা গ্ৰহণ কৰে। ছপা মাধ্যম শাখাৰ কল্যাণ বৰুৱা বঁটা গ্ৰহণ কৰে 'দৈনিক জনমভূমি' বাতৰি কাকতৰ মুখ্য সাংবাদিক অমল গোস্বামীয়ে। বৈদ্যুতিক মাধ্যম শাখাৰ এই বঁটা লাভ কৰে মণিপুৰৰ 'এছ কে টি ভি নিউজ'ৰ মুখ্য সাংবাদিক ক্ষেত্ৰিমায়ুম প্রেমচন্দে। আনহাতে ডিজিটেল মাধ্যম শাখাত 'প্রতিদিন ডিজিটেল'ৰ সাংবাদিক মৃদুল কুমাৰ সন্দিকৈক বঁটা প্ৰদান কৰা হয়। নিজৰ ভাষণত ন্যায়াধীশ ভূঞাই বর্তমান কালত সাংবাদিকতাৰ প্ৰতি অহা প্রত্যাহ্বানসমূহৰ কথা দাঙি ধৰি বাতৰি পৰিৱেশন কৰাৰ ক্ষেত্ৰত বস্তুনিষ্ঠতাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথা ব্যক্ত কৰি বন্ধু প্রয়াত সাংবাদিক কল্যাণ বৰুৱাক সোঁৱৰে। আনহাতে অনুষ্ঠানত উপস্থিত থাকি মাই হোম ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সুনীল দেওধৰে দেশৰ বিভিন্ন প্রান্তত বাস কৰা উত্তৰ পূৰ্বাঞ্চলবাসী বিশেষকৈ অধ্যয়নৰ বাবে অহা ছাত্ৰ-ছাত্ৰীসকলৰ স্বাৰ্থ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত মাই হোম ইণ্ডিয়াই পালন কৰি অহা ভূমিকাৰ কথা বিশেষভাৱে ব্যক্ত কৰে। দেওধৰে প্ৰয়াত কল্যাণ বৰুৱাকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ সংবাদকর্মীসকলৰ সৈতে থকা তেওঁৰ সততাৰ কথাও অনুষ্ঠানত বিশেষভাৱে দাঙি ধৰি নৰ্থ ইষ্ট মিডিয়া ফৰামৰ সৈতে অনাগত দিনত কাম কৰি যোৱাৰ অংগীকাৰ কৰে। 


আনহাতে ফৰামৰ সভাপতি সঞ্জীৱ বৰুৱাই সাংবাদিকে পৰিৱেশন কৰা বাতৰিৰ পৰাই সৰ্বসাধাৰণ লোকে তথ্য সংগ্ৰহ কৰে বুলি সদৰী কৰি সেয়েহে বাতৰি পৰিৱেশন কৰাৰ সময়ত সত্যতা নিৰূপণ কৰাটো আমাৰ দায়িত্ব তথা কৰ্তব্য বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে, ছপা মাধ্যম শাখাত বঁটা লাভ কৰা সাংবাদিক অমল গোস্বামীয়ে দিল্লীত কৰ্মৰত অৱস্থাত প্রয়াত সাংবাদিক কল্যাণ বৰুৱাৰ সৈতে থকা তেওঁৰ স্মৃতি কথা দাঙি ধৰে। অনুষ্ঠানত সাংবাদিক তথা চিত্র পৰিচালক উৎপল বৰপূজাৰীয়ে শলাগৰ শৰাই আগবঢ়ায়।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু