--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ডিজিটেল ডেস্ক : বাক স্বাধীনতাৰ অধিকাৰ মোৰ অত্যন্ত হৃদয়ৰ বিষয়। অনুৰূপভাৱে সংবাদ মাধ্যমৰ স্বাধীনতাও মোৰ বাবে কাংক্ষিত বিষয় এটা

ডিজিটেল ডেস্ক : বাক স্বাধীনতাৰ অধিকাৰ মোৰ অত্যন্ত হৃদয়ৰ বিষয়। অনুৰূপভাৱে সংবাদ মাধ্যমৰ স্বাধীনতাও মোৰ বাবে কাংক্ষিত বিষয় এটা। কিন্তু বর্তমানে দেশত এই দুই স্বাধীনতা বৰ দুর্লভ হৈ পৰিছে। কালি নতুন দিল্লীত 'কল্যাণ বৰুৱা বঁটা' প্ৰদান কৰা অনুষ্ঠানত অংশগ্রহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়। 


দিল্লীস্থিত 'নৰ্থ ইষ্ট মিডিয়া ফৰাম' আৰু বেচৰকাৰী অনুষ্ঠান 'মাই হোম ইণ্ডিয়া'ৰ যৌথ উদ্যোগত প্রয়াত সাংবাদিক কল্যাণ বৰুৱাৰ নামত উৎসর্গিত বঁটা প্রদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্রহণ কৰা ন্যায়াধীশ ভূঞাই 'নাগালেণ্ড পেজ'ৰ বিশিষ্ট সাংবাদিক তথা কবি মনালিছা চানকিজাক ২০২৫ চনৰ তৃতীয় 'কল্যাণ বৰুৱা জীৱনজোৰা সাধনা বঁটা' প্রদান কৰে। শাৰীৰিক অসুস্থতাৰ বাবে অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱৰা সাংবাদিকগৰাকীৰ হৈ তেওঁৰ নিকট আত্মীয়ই ন্যায়াধীশ ভূঞাৰ পৰা এই বঁটা গ্ৰহণ কৰে। ছপা মাধ্যম শাখাৰ কল্যাণ বৰুৱা বঁটা গ্ৰহণ কৰে 'দৈনিক জনমভূমি' বাতৰি কাকতৰ মুখ্য সাংবাদিক অমল গোস্বামীয়ে। বৈদ্যুতিক মাধ্যম শাখাৰ এই বঁটা লাভ কৰে মণিপুৰৰ 'এছ কে টি ভি নিউজ'ৰ মুখ্য সাংবাদিক ক্ষেত্ৰিমায়ুম প্রেমচন্দে। আনহাতে ডিজিটেল মাধ্যম শাখাত 'প্রতিদিন ডিজিটেল'ৰ সাংবাদিক মৃদুল কুমাৰ সন্দিকৈক বঁটা প্ৰদান কৰা হয়। নিজৰ ভাষণত ন্যায়াধীশ ভূঞাই বর্তমান কালত সাংবাদিকতাৰ প্ৰতি অহা প্রত্যাহ্বানসমূহৰ কথা দাঙি ধৰি বাতৰি পৰিৱেশন কৰাৰ ক্ষেত্ৰত বস্তুনিষ্ঠতাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথা ব্যক্ত কৰি বন্ধু প্রয়াত সাংবাদিক কল্যাণ বৰুৱাক সোঁৱৰে। আনহাতে অনুষ্ঠানত উপস্থিত থাকি মাই হোম ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সুনীল দেওধৰে দেশৰ বিভিন্ন প্রান্তত বাস কৰা উত্তৰ পূৰ্বাঞ্চলবাসী বিশেষকৈ অধ্যয়নৰ বাবে অহা ছাত্ৰ-ছাত্ৰীসকলৰ স্বাৰ্থ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত মাই হোম ইণ্ডিয়াই পালন কৰি অহা ভূমিকাৰ কথা বিশেষভাৱে ব্যক্ত কৰে। দেওধৰে প্ৰয়াত কল্যাণ বৰুৱাকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ সংবাদকর্মীসকলৰ সৈতে থকা তেওঁৰ সততাৰ কথাও অনুষ্ঠানত বিশেষভাৱে দাঙি ধৰি নৰ্থ ইষ্ট মিডিয়া ফৰামৰ সৈতে অনাগত দিনত কাম কৰি যোৱাৰ অংগীকাৰ কৰে। 


আনহাতে ফৰামৰ সভাপতি সঞ্জীৱ বৰুৱাই সাংবাদিকে পৰিৱেশন কৰা বাতৰিৰ পৰাই সৰ্বসাধাৰণ লোকে তথ্য সংগ্ৰহ কৰে বুলি সদৰী কৰি সেয়েহে বাতৰি পৰিৱেশন কৰাৰ সময়ত সত্যতা নিৰূপণ কৰাটো আমাৰ দায়িত্ব তথা কৰ্তব্য বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে, ছপা মাধ্যম শাখাত বঁটা লাভ কৰা সাংবাদিক অমল গোস্বামীয়ে দিল্লীত কৰ্মৰত অৱস্থাত প্রয়াত সাংবাদিক কল্যাণ বৰুৱাৰ সৈতে থকা তেওঁৰ স্মৃতি কথা দাঙি ধৰে। অনুষ্ঠানত সাংবাদিক তথা চিত্র পৰিচালক উৎপল বৰপূজাৰীয়ে শলাগৰ শৰাই আগবঢ়ায়।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ