--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিদ্রোহী সংগঠনটোৱে পাকিস্তান চৰকাৰৰ বিভিন্ন প্রশাসনিক আন্তঃগাঁথনি আৰু পাক সেনাৰ নিৰীক্ষণ চকী ধ্বংস কৰিছে

ডিজিটেল ডেস্ক : পাকিস্তানৰ বেলুচিস্তান প্রদেশৰ বিভিন্ন জিলাত বিদ্রোহী সংগঠন বেলুচিস্তান লিবাৰেশ্যন ফ্রন্টে (বি এল এফ) চৰকাৰী আৰু সামৰিক অনুষ্ঠানসমূহক লক্ষ্য কৰি মঙলবাৰৰ নিশাৰ পৰা আক্ৰমণ চলায়।


পাকিস্তানী শাসন যন্ত্রৰ বিৰুদ্ধে 'অপাৰেশ্যন বাম (প্রভাত)' নাম দি বিদ্রোহী সংগঠনটোরে চলোৱা এই ভয়ংকৰ আক্রমণসমূহ দশকজোৰা চলাই থকা সংগ্রামখনৰ আটাইতকৈ বৃহত্তম হিচাপে পৰিগণিত হৈছে। সমগ্র বেলুচিস্তানৰ বিশেষকৈ পাঞ্জগুৰ, চুৰাব, কেছ আৰু খাৰাছত কমেও ১৭টা আক্রমণ এতিয়ালৈকে সংঘটিত কৰিছে বি এল এফ বিদ্রোহী সংগঠনে।


বিদ্রোহী সংগঠনটোৱে পাকিস্তান চৰকাৰৰ বিভিন্ন প্রশাসনিক আন্তঃগাঁথনি আৰু পাক সেনাৰ নিৰীক্ষণ চকী ধ্বংস কৰিছে। পাকিস্তানী কর্তৃপক্ষই এতিয়ালৈকে আন্তঃগাঁথনিসমূহৰ ক্ষতিৰ বিষয়ে সঠিককৈ ঠাৱৰ কৰিব পৰা নাই যদিও স্থানীয় সূত্রসমূহে প্ৰকাশ কৰা অনুসৰি, বিদ্রোহী সংগঠনটোৰ আক্ৰমণত পাকিস্তানৰ দক্ষিণ পশ্চিমৰ প্রদেশখনত ব্যাপক ক্ষয়-ক্ষতি হৈছে আৰু যোগাযোগ ব্যৱস্থাও ব্যাহত হৈছে। বি এল এফৰ মুখপাত্র মেজৰ গাৱাহবাম বেলুচে বিদ্রোহী সংগঠনটোৰ এই সামৰিক অভিযানটোৰ বিষয়ত বর্ণনা দি কয় যে এই অভিযানটো হৈছে 'বেলুচ ৰাষ্ট্ৰীয় মুক্তি যুদ্ধৰ বাবে এয়া হৈছে এটা নতুন প্রভাত।'


মুখপাত্রজনে কয় যে বি এল এফৰ এই সামৰিক অভিযান মাকবান উপকূলীয় অঞ্চলৰ পৰা কুহ-এ-চুলেমান পর্বতলৈকে চলোৱা হৈছে আৰু বিদ্রোহী গোটটোৱে ইয়াৰ সামৰিক শক্তি বিস্তাৰ কৰাৰ অভিযান বর্তমানলৈকে চলায়েই আছে বুলি মুখপাত্রজনে কয়। মুখপাত্রজনে কয় যে এই অপাৰেশ্যন 'বাম'ৰ জৰিয়তে বেলুচ যুঁজাৰুসকলে যে ব্যাপক পৰিসৰত সংঘবদ্ধভাৱে এটা বিশাল ভৌগোলিক অঞ্চলত অভিযান চলাব পাৰে সেয়া প্রমাণিত হৈছে। পাকিস্তানৰ পৰা বিচ্ছিন্ন হোৱাৰ স্বাৰ্থত আৰু বেলুচ সম্পদৰ শোষণ, পাক সেনাৰ আতিশয্য আদিৰ পৰা মুক্তিৰ উদ্দেশ্যে বি এল এফে এই বৃহৎ সামৰিক অভিযান চলাইছে বুলি মুখপাত্রজনে মন্তব্য কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু