--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিদ্রোহী সংগঠনটোৱে পাকিস্তান চৰকাৰৰ বিভিন্ন প্রশাসনিক আন্তঃগাঁথনি আৰু পাক সেনাৰ নিৰীক্ষণ চকী ধ্বংস কৰিছে

ডিজিটেল ডেস্ক : পাকিস্তানৰ বেলুচিস্তান প্রদেশৰ বিভিন্ন জিলাত বিদ্রোহী সংগঠন বেলুচিস্তান লিবাৰেশ্যন ফ্রন্টে (বি এল এফ) চৰকাৰী আৰু সামৰিক অনুষ্ঠানসমূহক লক্ষ্য কৰি মঙলবাৰৰ নিশাৰ পৰা আক্ৰমণ চলায়।


পাকিস্তানী শাসন যন্ত্রৰ বিৰুদ্ধে 'অপাৰেশ্যন বাম (প্রভাত)' নাম দি বিদ্রোহী সংগঠনটোরে চলোৱা এই ভয়ংকৰ আক্রমণসমূহ দশকজোৰা চলাই থকা সংগ্রামখনৰ আটাইতকৈ বৃহত্তম হিচাপে পৰিগণিত হৈছে। সমগ্র বেলুচিস্তানৰ বিশেষকৈ পাঞ্জগুৰ, চুৰাব, কেছ আৰু খাৰাছত কমেও ১৭টা আক্রমণ এতিয়ালৈকে সংঘটিত কৰিছে বি এল এফ বিদ্রোহী সংগঠনে।


বিদ্রোহী সংগঠনটোৱে পাকিস্তান চৰকাৰৰ বিভিন্ন প্রশাসনিক আন্তঃগাঁথনি আৰু পাক সেনাৰ নিৰীক্ষণ চকী ধ্বংস কৰিছে। পাকিস্তানী কর্তৃপক্ষই এতিয়ালৈকে আন্তঃগাঁথনিসমূহৰ ক্ষতিৰ বিষয়ে সঠিককৈ ঠাৱৰ কৰিব পৰা নাই যদিও স্থানীয় সূত্রসমূহে প্ৰকাশ কৰা অনুসৰি, বিদ্রোহী সংগঠনটোৰ আক্ৰমণত পাকিস্তানৰ দক্ষিণ পশ্চিমৰ প্রদেশখনত ব্যাপক ক্ষয়-ক্ষতি হৈছে আৰু যোগাযোগ ব্যৱস্থাও ব্যাহত হৈছে। বি এল এফৰ মুখপাত্র মেজৰ গাৱাহবাম বেলুচে বিদ্রোহী সংগঠনটোৰ এই সামৰিক অভিযানটোৰ বিষয়ত বর্ণনা দি কয় যে এই অভিযানটো হৈছে 'বেলুচ ৰাষ্ট্ৰীয় মুক্তি যুদ্ধৰ বাবে এয়া হৈছে এটা নতুন প্রভাত।'


মুখপাত্রজনে কয় যে বি এল এফৰ এই সামৰিক অভিযান মাকবান উপকূলীয় অঞ্চলৰ পৰা কুহ-এ-চুলেমান পর্বতলৈকে চলোৱা হৈছে আৰু বিদ্রোহী গোটটোৱে ইয়াৰ সামৰিক শক্তি বিস্তাৰ কৰাৰ অভিযান বর্তমানলৈকে চলায়েই আছে বুলি মুখপাত্রজনে কয়। মুখপাত্রজনে কয় যে এই অপাৰেশ্যন 'বাম'ৰ জৰিয়তে বেলুচ যুঁজাৰুসকলে যে ব্যাপক পৰিসৰত সংঘবদ্ধভাৱে এটা বিশাল ভৌগোলিক অঞ্চলত অভিযান চলাব পাৰে সেয়া প্রমাণিত হৈছে। পাকিস্তানৰ পৰা বিচ্ছিন্ন হোৱাৰ স্বাৰ্থত আৰু বেলুচ সম্পদৰ শোষণ, পাক সেনাৰ আতিশয্য আদিৰ পৰা মুক্তিৰ উদ্দেশ্যে বি এল এফে এই বৃহৎ সামৰিক অভিযান চলাইছে বুলি মুখপাত্রজনে মন্তব্য কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ