--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • এই ক্লাবৰ সন্মুখত আছে বৃহৎ মাটিকালিৰ এখন খেলপথাৰ। হয়তো জিলাখনৰ ভিতৰত থকা ডাঙৰ খেলপথাৰসমূহৰ ভিতৰত লেখত ল'বলগীয়া এখন খেলপথাৰ।

ডিজিটেল ডেস্ক : চৰকাৰৰ চূড়ান্ত অমনোযোগিতাৰ বাবে এতিয়া বনৰীয়া জন্তুৰ আশ্রয়স্থলীলৈ পৰিণত হৈছে এটা ব্ৰিটিছৰ দিনৰ ঐতিহাসিক ক্লাবঘৰ।


গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিৰ খুমটাই ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত ৰঙামাটি মৌজাৰ তথা বাদুলিপাৰৰ সমীপৰ ৰঙামাটি গাঁওস্থিত (এক বৃহৎ মাটিকালিৰ) ঐতিহ্যমণ্ডিত এশ পঁচিছ বছৰ অতিক্ৰম কৰা গৰীয়াজান ক্লাবঘৰটো বৰ্তমান একেবাৰে জহি খহি গৈছে।


এই ক্লাবৰ সন্মুখত আছে বৃহৎ মাটিকালিৰ এখন খেলপথাৰ। হয়তো জিলাখনৰ ভিতৰত থকা ডাঙৰ খেলপথাৰসমূহৰ ভিতৰত লেখত ল'বলগীয়া এখন খেলপথাৰ। এই বৃহৎ আকাৰৰ ক্লাবঘৰটো ব্ৰিটিছৰ দিনতে অবিভক্ত শিৱসাগৰ জিলাৰ চাহ বাগিচাসমূহৰ পৰিচালকসকলে প্রতিষ্ঠা কৰিছিল।


তথ্য মতে, ইয়াৰ প্রতিষ্ঠা ১৮৯৬ চনত। সেইমতে ই এশ আঠাইছ বছৰীয়া ইতিহাসৰ স্বাক্ষৰ। ক্লাব আৰু খেলপথাৰৰ মাটিকালি কোনো কোনোৱে প্রায় ৩৯বিঘা বুলি কয়। অৱশ্যে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ নথিত ইয়াৰ মাটিকালি ৪৮বিঘা বুলি উল্লেখ আছে। ক্লাবঘৰটোৰ অভ্যন্তৰীণ দিশত আছে এক খেলা-ধূলাৰ বৃহৎ কোঠা, পুথিভঁৰাল, সভাগৃহ, কথাছবি গৃহ, খোৱা কোঠা, ৰান্ধনি শাল, প্ৰসাধনৰ কোঠাকে ধৰি বহু কোঠা সন্নিৱিষ্ট হৈ থকা এই বৃহৎ ক্লাবঘৰটো এতিয়া পৰিত্যক্ত। দৰ্জা-খিৰিকী একো নাইকিয়া অৱস্থালৈ যোৱাত ভিতৰখনত গৰু-ছাগলীৰ লগতে বনৰীয়া জন্তুৰ আশ্রয়স্থলীলৈ পৰিণত হৈছে। ইয়াৰ লগতে থকা পুখুৰী হাবি-জংঘলেৰে ভৰি পৰিল। ইয়াত সাপে বাহ লৈছে। টেনিছ খেলৰ পথাৰখন হাবিময় হ'ল।


ক্লাবটোৰ চৌহদত হাবিময় হ'ল। এই ক্লাবঘৰৰ অতীতৰ কাম-কাজ দেখা বয়োজ্যেষ্ঠসকলে কয় যে এটা সময়ত ইয়ালৈ বহু চাহ বাগিচাৰ পৰিচালকসকল আহিছিল। তেওঁলোকৰ পৰিয়ালবোৰো লগত আনিছিল। তেওঁলোকে অভ্যন্তৰীণ খেল, টেনিছ, হকী, ঘোঁৰা দৌৰ আদি বিভিন্ন খেল খেলিছিল। পুখুৰীত সাঁতুৰিছিল।


কথাছবি গৃহত কথাছবি চোৱা, সভাগৃহত সভা কৰা, পুথিভঁৰালত অধ্যয়ন কৰা আদি কাৰ্যবোৰ কৰিছিল। সন্মুখৰ খেলপথাৰখনত তেতিয়া স্থানীয় চাহ বাগিচা, গাঁৱৰ লগতে দূৰ-দূৰণিৰ চাহ বাগিচাৰ খেলুৱৈসকলে ফুটবল খেলৰ ব্যৱস্থা কৰিছিল। কালৰ গতিত ক্লাব আৰু খেলপথাৰৰ প্ৰতি কোনেও গুৰুত্ব নিদিয়া হ'ল। বাগিচাৰ পৰিচালকসকলেও ক্লাবটো এৰি দিলে। এৰাপৰলীয়া হৈ পৰাত দুষ্কৃতিকাৰীয়ে ইয়াৰ সম্পদবোৰো এটা এটাকৈ নি ইয়াক জৰাজীৰ্ণ কৰি পেলালে। এই ক্লাবৰ অৱস্থা দেখিলে চকুৰ পানী বাগৰি যাব।


ক্লাব আৰু খেলপথাৰ কাৰোবাৰ হাতোৰাত এদিন অস্তিত্ববিলীন হোৱাৰ শংকা কৰিয়েই ইয়াৰ স্থানীয় ৰাইজে এখন সংৰক্ষণ সমিতি গঠন কৰি বৰ্তমানে সংৰক্ষণ কৰি ৰাখিছে। এই সমিতিয়ে অসম চৰকাৰ, জিলা প্রশাসন, গাঁও পঞ্চায়ত আটাইকে ক্লাব, খেলপথাৰ চৰকাৰীভাৱে সংৰক্ষণ কৰিবলৈ সংশ্লিষ্টসকলক অনুৰোধ জনাই আহিছে যদিও কোনো সুফল লাভ কৰা নাই।


সোণোৱাল চৰকাৰৰ দিনত মুখ্যমন্ত্রীকো আবেদন দি একো ফল নাপালে। গৰিয়াজান ক্লাব আৰু খেলপথাৰ সংৰক্ষণ সমিতি তথা ইয়াৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান আৰু ৰাইজে এশ পঁচিছ বছৰীয়া ইতিহাসৰ এই ক্লাবটো চৰকাৰীভাৱে সংৰক্ষণেৰে নতুনকৈ সজাই তোলাটো বিচাৰিছে।


ইয়াক সজাই-পৰাই মিনি স্টেডিয়াম তথা পর্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিলে ইয়াৰ ঐতিহ্যও ৰক্ষা হ'ব আৰু ৰাইজো উপকৃত হ'ব। অন্যহাতে, ইয়াৰ ৰাইজ আৰু সংৰক্ষণ সমিতিয়ে ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী বীৰ শ্বহীদ, প্রথম অসমীয়া চাহ খেতিয়ক মণিৰাম দেৱানৰ স্মৃতিৰে এই পৰ্যটন ক্ষেত্র গঢ়ি তুলিবলৈ চৰকাৰক অনুৰোধ জনাইছে।


বিগত চৰকাৰৰ দিনত এই অনুষ্ঠান অৱস্থিত সমষ্টি বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাক এই কথা জনাই আহিছে আৰু এইবাৰো সেই অনুৰোধ কৰিছে। ৰাইজে এই অনুৰোধ মুখ্যমন্ত্রীকো জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
দুলীয়াজানত দিহিং নদীত ওপঙি থকা অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ; এজন কিশোৰ সন্ধানহীন
মহানগৰীত আজৱ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই বেংকত গল্ড ল’ন ল’লে চিলনী চোৰে
নৰৱেৰ সূৰ্যোদয়, ব্ৰাজিলৰ সূৰ্যাস্ত
ভাৰতৰ ক্ষেপণাস্ত্ৰত শেনচকু চীনৰ
ডেৰ বছৰ পূৰ্বে আৰম্ভ কৰা ব্যৱসায়ে দেখিছে সফলতাৰ মুখ; কুঁহিয়াৰৰ ৰস বিক্ৰীৰে স্বাৱলম্বী মাকুমৰ ৰূপালী চেতিয়া দহোটীয়া
চজিনা পাতৰ আছে আশ্চৰ্যকৰ উপকাৰিতা; যোগ দিয়ক আপোনাৰ খাদ্য তালিকাত
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত চাৰিখনকৈ শিল ভৰ্তি ডাম্পাৰ জব্দ
ফিফা বিশ্বকাপ-২০২৬: মেক্সিকোক পৰাজিত কৰা ইংলেণ্ডৰ জুড বেলিংহামৰ অভিলেখ
Advertisement