--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • এই ক্লাবৰ সন্মুখত আছে বৃহৎ মাটিকালিৰ এখন খেলপথাৰ। হয়তো জিলাখনৰ ভিতৰত থকা ডাঙৰ খেলপথাৰসমূহৰ ভিতৰত লেখত ল'বলগীয়া এখন খেলপথাৰ।

ডিজিটেল ডেস্ক : চৰকাৰৰ চূড়ান্ত অমনোযোগিতাৰ বাবে এতিয়া বনৰীয়া জন্তুৰ আশ্রয়স্থলীলৈ পৰিণত হৈছে এটা ব্ৰিটিছৰ দিনৰ ঐতিহাসিক ক্লাবঘৰ।


গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিৰ খুমটাই ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত ৰঙামাটি মৌজাৰ তথা বাদুলিপাৰৰ সমীপৰ ৰঙামাটি গাঁওস্থিত (এক বৃহৎ মাটিকালিৰ) ঐতিহ্যমণ্ডিত এশ পঁচিছ বছৰ অতিক্ৰম কৰা গৰীয়াজান ক্লাবঘৰটো বৰ্তমান একেবাৰে জহি খহি গৈছে।


এই ক্লাবৰ সন্মুখত আছে বৃহৎ মাটিকালিৰ এখন খেলপথাৰ। হয়তো জিলাখনৰ ভিতৰত থকা ডাঙৰ খেলপথাৰসমূহৰ ভিতৰত লেখত ল'বলগীয়া এখন খেলপথাৰ। এই বৃহৎ আকাৰৰ ক্লাবঘৰটো ব্ৰিটিছৰ দিনতে অবিভক্ত শিৱসাগৰ জিলাৰ চাহ বাগিচাসমূহৰ পৰিচালকসকলে প্রতিষ্ঠা কৰিছিল।


তথ্য মতে, ইয়াৰ প্রতিষ্ঠা ১৮৯৬ চনত। সেইমতে ই এশ আঠাইছ বছৰীয়া ইতিহাসৰ স্বাক্ষৰ। ক্লাব আৰু খেলপথাৰৰ মাটিকালি কোনো কোনোৱে প্রায় ৩৯বিঘা বুলি কয়। অৱশ্যে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ নথিত ইয়াৰ মাটিকালি ৪৮বিঘা বুলি উল্লেখ আছে। ক্লাবঘৰটোৰ অভ্যন্তৰীণ দিশত আছে এক খেলা-ধূলাৰ বৃহৎ কোঠা, পুথিভঁৰাল, সভাগৃহ, কথাছবি গৃহ, খোৱা কোঠা, ৰান্ধনি শাল, প্ৰসাধনৰ কোঠাকে ধৰি বহু কোঠা সন্নিৱিষ্ট হৈ থকা এই বৃহৎ ক্লাবঘৰটো এতিয়া পৰিত্যক্ত। দৰ্জা-খিৰিকী একো নাইকিয়া অৱস্থালৈ যোৱাত ভিতৰখনত গৰু-ছাগলীৰ লগতে বনৰীয়া জন্তুৰ আশ্রয়স্থলীলৈ পৰিণত হৈছে। ইয়াৰ লগতে থকা পুখুৰী হাবি-জংঘলেৰে ভৰি পৰিল। ইয়াত সাপে বাহ লৈছে। টেনিছ খেলৰ পথাৰখন হাবিময় হ'ল।


ক্লাবটোৰ চৌহদত হাবিময় হ'ল। এই ক্লাবঘৰৰ অতীতৰ কাম-কাজ দেখা বয়োজ্যেষ্ঠসকলে কয় যে এটা সময়ত ইয়ালৈ বহু চাহ বাগিচাৰ পৰিচালকসকল আহিছিল। তেওঁলোকৰ পৰিয়ালবোৰো লগত আনিছিল। তেওঁলোকে অভ্যন্তৰীণ খেল, টেনিছ, হকী, ঘোঁৰা দৌৰ আদি বিভিন্ন খেল খেলিছিল। পুখুৰীত সাঁতুৰিছিল।


কথাছবি গৃহত কথাছবি চোৱা, সভাগৃহত সভা কৰা, পুথিভঁৰালত অধ্যয়ন কৰা আদি কাৰ্যবোৰ কৰিছিল। সন্মুখৰ খেলপথাৰখনত তেতিয়া স্থানীয় চাহ বাগিচা, গাঁৱৰ লগতে দূৰ-দূৰণিৰ চাহ বাগিচাৰ খেলুৱৈসকলে ফুটবল খেলৰ ব্যৱস্থা কৰিছিল। কালৰ গতিত ক্লাব আৰু খেলপথাৰৰ প্ৰতি কোনেও গুৰুত্ব নিদিয়া হ'ল। বাগিচাৰ পৰিচালকসকলেও ক্লাবটো এৰি দিলে। এৰাপৰলীয়া হৈ পৰাত দুষ্কৃতিকাৰীয়ে ইয়াৰ সম্পদবোৰো এটা এটাকৈ নি ইয়াক জৰাজীৰ্ণ কৰি পেলালে। এই ক্লাবৰ অৱস্থা দেখিলে চকুৰ পানী বাগৰি যাব।


ক্লাব আৰু খেলপথাৰ কাৰোবাৰ হাতোৰাত এদিন অস্তিত্ববিলীন হোৱাৰ শংকা কৰিয়েই ইয়াৰ স্থানীয় ৰাইজে এখন সংৰক্ষণ সমিতি গঠন কৰি বৰ্তমানে সংৰক্ষণ কৰি ৰাখিছে। এই সমিতিয়ে অসম চৰকাৰ, জিলা প্রশাসন, গাঁও পঞ্চায়ত আটাইকে ক্লাব, খেলপথাৰ চৰকাৰীভাৱে সংৰক্ষণ কৰিবলৈ সংশ্লিষ্টসকলক অনুৰোধ জনাই আহিছে যদিও কোনো সুফল লাভ কৰা নাই।


সোণোৱাল চৰকাৰৰ দিনত মুখ্যমন্ত্রীকো আবেদন দি একো ফল নাপালে। গৰিয়াজান ক্লাব আৰু খেলপথাৰ সংৰক্ষণ সমিতি তথা ইয়াৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান আৰু ৰাইজে এশ পঁচিছ বছৰীয়া ইতিহাসৰ এই ক্লাবটো চৰকাৰীভাৱে সংৰক্ষণেৰে নতুনকৈ সজাই তোলাটো বিচাৰিছে।


ইয়াক সজাই-পৰাই মিনি স্টেডিয়াম তথা পর্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিলে ইয়াৰ ঐতিহ্যও ৰক্ষা হ'ব আৰু ৰাইজো উপকৃত হ'ব। অন্যহাতে, ইয়াৰ ৰাইজ আৰু সংৰক্ষণ সমিতিয়ে ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী বীৰ শ্বহীদ, প্রথম অসমীয়া চাহ খেতিয়ক মণিৰাম দেৱানৰ স্মৃতিৰে এই পৰ্যটন ক্ষেত্র গঢ়ি তুলিবলৈ চৰকাৰক অনুৰোধ জনাইছে।


বিগত চৰকাৰৰ দিনত এই অনুষ্ঠান অৱস্থিত সমষ্টি বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাক এই কথা জনাই আহিছে আৰু এইবাৰো সেই অনুৰোধ কৰিছে। ৰাইজে এই অনুৰোধ মুখ্যমন্ত্রীকো জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান