--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আজি পুৱা প্রধানমন্ত্রী মোদী আৰু ৰাহুল গান্ধীয়ে মহাত্মা জ্যোতিবা ফুলেৰ ২০০ সংখ্যক জয়ন্তীৰ উপলক্ষত সংসদ ভৱনৰ চৌহদত থকা প্ৰেৰণাস্থলত শ্রদ্ধাঞ্জলি নিবেদন কৰে

ডিজিটেল ডেস্ক : প্রায় প্রতিদিনেই ৰাজনৈতিক বাকযুদ্ধত লিপ্ত হৈ থকা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু বিৰোধী দলপতি ৰাহুল গান্ধীক শনিবাৰে এক ব্যতিক্ৰমী ৰূপত দেখা যায়। দিল্লীত সংসদ ভৱনৰ চৌহদত কালি প্রধানমন্ত্রী মোদী আৰু ৰাহুল গান্ধীয়ে এটা সৌহার্দ্যমূলক পৰিৱেশত অন্তৰংগ বাৰ্তালাপ কৰে। 


এই বিৰল মুহূর্তটো কালি প্রত্যক্ষ কৰি দেশৰ ৰাজনৈতিক মহলত ব্যাপক চর্চা আৰম্ভ হৈছে। আনহাতে, আজি পুৱা প্রধানমন্ত্রী মোদী আৰু ৰাহুল গান্ধীয়ে মহাত্মা জ্যোতিবা ফুলেৰ ২০০ সংখ্যক জয়ন্তীৰ উপলক্ষত সংসদ ভৱনৰ চৌহদত থকা প্ৰেৰণাস্থলত শ্রদ্ধাঞ্জলি নিবেদন কৰে। 


আনহাতে, প্রধানমন্ত্রী মোদী-ৰাহুলৰ এই সৌহার্দ্যমূলক বাৰ্তালাপৰ দৃশ্যই কালি সামাজিক মাধ্যমত ব্যাপক চর্চা লাভ কৰে। আনহাতে বাৰ্তালাপৰ সময়ত দুয়োজন নেতাৰ কাষত লোক সভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্রীয় মন্ত্রী অর্জুন বাম মেঘৱাল, জে পি নড্ডা আৰু ৰাজ্য সভাৰ উপাধ্যক্ষ হৰিবংশ নাৰায়ণ সিঙো উপস্থিত আছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ