--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইয়াৰ আগতে বাণিজ্যিক ঘাটিৰ দোহাই দি আমেৰিকাই যোৱা সাত আগষ্টত ভাৰতীয় সামগ্ৰীত ২৫% শুল্ক আৰোপ কৰিছিল।

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি ট্রাম্পৰ প্রশাসনে আমেৰিকালৈ ভাৰতৰ পৰা ৰপ্তানি কৰা সামগ্ৰীত আৰোপ কৰা অতিৰিক্ত ২৫% শুল্ক ভাৰতীয় সময়মতে আজি পুৱা ৯-৩১ বজাৰ পৰা কাৰ্যকৰী হ'ল। এই অতিৰিক্ত ২৫% শুল্ক কাৰ্যকৰী হোৱাৰ লগে লগে দেশখনে ভাৰতৰ পৰা আমদানি কৰা সামগ্ৰীত আৰোপ কৰা কৰৰ পৰিমাণ ৫০%লৈ বৃদ্ধি পাব।


উল্লেখযোগ্য যে ইয়াৰ আগতে বাণিজ্যিক ঘাটিৰ দোহাই দি আমেৰিকাই যোৱা সাত আগষ্টত ভাৰতীয় সামগ্ৰীত ২৫% শুল্ক আৰোপ কৰিছিল। আমেৰিকাই ভাৰতীয় সামগ্ৰীত অতিৰিক্ত ২৫% শুল্ক আৰোপ কৰাৰ চৰকাৰী আদেশ প্ৰকাশ কৰাৰ আগে আগে এখন জাননী জাৰি কৰে। এই জাননীত কোৱা হয় যে ভাৰতীয় সামগ্ৰীত আৰোপ কৰা নতুন শুল্ক ২৭ আগষ্টৰ পৰা কাৰ্যকৰী হ'ব।


ট্রাম্প প্রশাসনৰ মতে, ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰি থকাটোৱে প্রত্যক্ষভাৱে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাত প্রভাৱ পেলাইছে। সেয়েহে ২৭ আগষ্টৰ পৰা অতিৰিক্ত ২৫% শুল্ক আৰোপ কৰা হৈছে। ইয়াৰ আগতে আমেৰিকাৰ উপৰাষ্ট্ৰপতি জে ডি ভেন্সে কয় যে ৰাছিয়াক হেঁচা দিয়া আৰু দেশখনৰ অৰ্থনীতিক দুর্বল কৰাৰ লক্ষ্যৰেই ভাৰতৰ বিৰুদ্ধে অতিৰিক্ত ২৫% শুল্ক আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তিত আৰোপ কৰা কিছুমান চৰ্ত নতুন দিল্লীয়ে মানি নোলোৱাত ৰাষ্ট্ৰপতি ট্রাম্প ক্ষুব্ধ হৈ পৰে।


জানিব পৰা মতে, আমেৰিকাই ভাৰতত দুগ্ধ আৰু কৃষি খণ্ডত প্ৰৱেশ কৰিবলৈ বিচাৰিছিল। ভাৰতে ইয়াৰ অনুমতি নিদিয়াত ক্ষুব্ধ হৈ পৰা ট্রাম্পে ২৫% অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ