--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • গৱেষকসকলে এই প্ৰজাতিটোৰ উৎপত্তিস্থলক সন্মান জনাই ইয়াৰ সাধাৰণ নাম হিচাপে 'অসমীয়া স্পাইনি পৰুৱা' বুলি প্ৰস্তাৱ কৰিছে।

ডিজিটেল ডেস্ক : অসমৰ গুৱাহাটীৰ গড়ভাঙা সংৰক্ষিত বনাঞ্চলত Polyrhachis garbhangaensis নামৰ এটা নতুন পৰুৱা প্ৰজাতি আৱিষ্কাৰ কৰা হৈছে। এই আৱিষ্কাৰৰ বিষয়ে যোৱা ৩০ জানুৱাৰীত আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক জার্নেল Asian Myrmecology-ত প্রকাশ পাইছে। 


গৱেষকসকলে এই প্ৰজাতিটোৰ উৎপত্তিস্থলক সন্মান জনাই ইয়াৰ সাধাৰণ নাম হিচাপে 'অসমীয়া স্পাইনি পৰুৱা' বুলি প্ৰস্তাৱ কৰিছে। 


'বৈজ্ঞানিক নাম garbhangaensis গড়ভাঙা সংৰক্ষিত বনাঞ্চলৰ পৰা উদ্ভৱ হৈছে, য'ত এই প্রজাতিটো প্ৰথমবাৰৰ বাবে সংগ্ৰহ কৰা হৈছিল। এই পৰুৱাটো উষ্ণমণ্ডলীয় অঞ্চলত পোৱা 'স্পাইনি পৰুৱা' গোটৰ অন্তৰ্ভুক্ত আৰু ভাৰতত এই গোটৰ কেৱল তৃতীয়টো প্রজাতি হিচাপে নথিভুক্ত হৈছে। আৱিষ্কাৰটো অসমৰ গুৱাহাটীস্থিত ভেটাপাৰাৰ বাসিন্দা, ধীৰেশ্বৰ শৰ্মা আৰু ভৱানী দেৱীৰ কন্যা অংকিতা শৰ্মাৰ নেতৃত্বত কৰা এক সহযোগিতামূলক গৱেষণা প্ৰচেষ্টাৰ ফল। 


অংকিতা শৰ্মা বেংগালুৰুস্থিত নেশ্যনেল ইনষ্টিটিউট অব্‌ এডভান্সড ষ্টাডিজৰ অন্তিম বৰ্ষৰ পি এইচ ডি গৱেষক। এই গৱেষণাত পল এন্টনি মেংগালি, সুৰজ কুমাৰ সিংহা দেউ আৰু সংগাভী ধনপালেও সমানভাৱে অৱদান আগবঢ়াইছিল। অধ্যয়নটো অধ্যাপক অনিন্দ্য সিন্‌হাৰ তত্ত্বাৱধানত সম্পন্ন কৰা হয়। এই আৱিষ্কাৰে নগৰৰ কাষৰ সৰু আৰু খণ্ডিত বনাঞ্চলসমূহতো অচিনাক্ত জীৱবৈচিত্র্য লুকাই থাকে বুলি স্পষ্ট কৰে আৰু এনে অঞ্চল সংৰক্ষণৰ প্ৰয়োজনীয়তা প্রতিপন্ন কৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু