--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অসমৰ লগতে তামিলনাডু, পশ্চিম বংগ, কেৰালা আৰু পুডুচেৰীত একে সময়তে নির্বাচন অনুষ্ঠিত হ'ব।

ডিজিটেল ডেস্ক: ৰঙালী বিহুৰ পূৰ্বেই অসমত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেই অনুসৰি নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে অহা সাত ফেব্ৰুৱাৰীত দুদিনীয়া ভ্রমণ সূচীৰে অসমলৈ আহিব নির্বাচন আয়োগৰ এটা দল। 


মুখ্য নির্বাচন আয়ুক্তৰ নেতৃত্বত অসমলৈ আহিবলগীয়া দলটোৱে ৰাজ্যৰ প্ৰতিখন জিলাৰে আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগতে আৰক্ষী সঞ্চালক প্রধান আৰু মুখ্য সচিবৰ সৈতেও সুকীয়াকৈ বৈঠকত মিলিত হ'ব। 


আনহাতে শাসক-বিৰোধী ৰাজনৈতিক দলবোৰৰ সৈতেও নির্বাচন আয়োগ বৈঠকত বহাৰ সম্ভাৱনা আছে। অসম চৰকাৰে বিহুৰ পূৰ্বেই নির্বাচন অনুষ্ঠিত কৰিবলৈ আয়োগক আহবান জনাইছে। এনে পৰিস্থিতিত অসমৰ পৰা ঘূৰি গৈয়ে দলটোৱে ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। 


উল্লেখযোগ্য যে অসমৰ লগতে তামিলনাডু, পশ্চিম বংগ, কেৰালা আৰু পুডুচেৰীত একে সময়তে নির্বাচন অনুষ্ঠিত হ'ব। নির্বাচন আয়োগে অসম আৰু পশ্চিম বংগত প্রথমে, তাৰ পাছত তামিলনাডু, কেৰালা আৰু পুডুচেৰীত নিৰ্বাচন অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰিছে। নির্বাচনত নিয়োজিত কৰিবলগীয়া নিৰাপত্তাৰক্ষী তথা আন আন বিষয়বোৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই এনেদৰে প্ৰথমে অসম আৰু পশ্চিম বংগত নির্বাচন অনুষ্ঠিত কৰাৰ চিন্তা কৰিছে। অসমত দুটা পর্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। 


মন কৰিবলগীয়া কথা যে ২০২১ চনত নির্বাচন আয়োগে ২৬ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল। সেইবাৰ অসমত তিনিটা পর্যায়ত ক্রমে ২৭ মার্চ, এক এপ্রিল আৰু ৬ এপ্রিলত নির্বাচন অনুষ্ঠিত হৈছিল। প্রথম পর্যায়ত উজনিৰ লগতে মধ্য অসমৰ দুখনমান জিলাৰ মুঠ ৪৭টা সমষ্টিত নির্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত বৰাককে ধৰি নগাঁও, মৰিগাঁও, নলবাৰী, দৰঙৰ মুঠ ৩৯টা সমষ্টিত আৰু একেবাৰে শেষৰ পৰ্যায়ত গুৱাহাটীকে ধৰি নামনিৰ ৪০টা সমষ্টিত নির্বাচন অনুষ্ঠিত হৈছিল। অৱশ্যে নির্বাচন বিহুৰ পূৰ্বেই অনুষ্ঠিত হ'লেও ভোট গণনা হৈছিল দুই মে'ত। ইয়াৰ পূৰ্বে ২০১৬ চনতো ৰঙালী বিহুৰ পূৰ্বেই বিধানসভাৰ নির্বাচন অনুষ্ঠিত হৈছিল। 


অৱশ্যে ২০১৬ চনত বিধানসভাৰ নিৰ্বাচন দুটা পর্যায়ত অনুষ্ঠিত হৈছিল। সেইবাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন চাৰি এপ্ৰিলত আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন এঘাৰ এপ্ৰিলত অনুষ্ঠিত হৈছিল। অৱশ্যে ২০১৬ চনত ভোট গণনা ১৯ মে'তহে হৈছিল। অসমত যিহেতু এতিয়া আইন-শৃংখলাজনিত চিন্তা কৰিবলগীয়া কোনো পৰিৱেশ নাই, সেয়েহে এইবাৰো নিৰ্বাচন বিহুৰ পূৰ্বেই অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু