--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অসমৰ লগতে তামিলনাডু, পশ্চিম বংগ, কেৰালা আৰু পুডুচেৰীত একে সময়তে নির্বাচন অনুষ্ঠিত হ'ব।

ডিজিটেল ডেস্ক: ৰঙালী বিহুৰ পূৰ্বেই অসমত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেই অনুসৰি নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে অহা সাত ফেব্ৰুৱাৰীত দুদিনীয়া ভ্রমণ সূচীৰে অসমলৈ আহিব নির্বাচন আয়োগৰ এটা দল। 


মুখ্য নির্বাচন আয়ুক্তৰ নেতৃত্বত অসমলৈ আহিবলগীয়া দলটোৱে ৰাজ্যৰ প্ৰতিখন জিলাৰে আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগতে আৰক্ষী সঞ্চালক প্রধান আৰু মুখ্য সচিবৰ সৈতেও সুকীয়াকৈ বৈঠকত মিলিত হ'ব। 


আনহাতে শাসক-বিৰোধী ৰাজনৈতিক দলবোৰৰ সৈতেও নির্বাচন আয়োগ বৈঠকত বহাৰ সম্ভাৱনা আছে। অসম চৰকাৰে বিহুৰ পূৰ্বেই নির্বাচন অনুষ্ঠিত কৰিবলৈ আয়োগক আহবান জনাইছে। এনে পৰিস্থিতিত অসমৰ পৰা ঘূৰি গৈয়ে দলটোৱে ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। 


উল্লেখযোগ্য যে অসমৰ লগতে তামিলনাডু, পশ্চিম বংগ, কেৰালা আৰু পুডুচেৰীত একে সময়তে নির্বাচন অনুষ্ঠিত হ'ব। নির্বাচন আয়োগে অসম আৰু পশ্চিম বংগত প্রথমে, তাৰ পাছত তামিলনাডু, কেৰালা আৰু পুডুচেৰীত নিৰ্বাচন অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰিছে। নির্বাচনত নিয়োজিত কৰিবলগীয়া নিৰাপত্তাৰক্ষী তথা আন আন বিষয়বোৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই এনেদৰে প্ৰথমে অসম আৰু পশ্চিম বংগত নির্বাচন অনুষ্ঠিত কৰাৰ চিন্তা কৰিছে। অসমত দুটা পর্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। 


মন কৰিবলগীয়া কথা যে ২০২১ চনত নির্বাচন আয়োগে ২৬ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল। সেইবাৰ অসমত তিনিটা পর্যায়ত ক্রমে ২৭ মার্চ, এক এপ্রিল আৰু ৬ এপ্রিলত নির্বাচন অনুষ্ঠিত হৈছিল। প্রথম পর্যায়ত উজনিৰ লগতে মধ্য অসমৰ দুখনমান জিলাৰ মুঠ ৪৭টা সমষ্টিত নির্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত বৰাককে ধৰি নগাঁও, মৰিগাঁও, নলবাৰী, দৰঙৰ মুঠ ৩৯টা সমষ্টিত আৰু একেবাৰে শেষৰ পৰ্যায়ত গুৱাহাটীকে ধৰি নামনিৰ ৪০টা সমষ্টিত নির্বাচন অনুষ্ঠিত হৈছিল। অৱশ্যে নির্বাচন বিহুৰ পূৰ্বেই অনুষ্ঠিত হ'লেও ভোট গণনা হৈছিল দুই মে'ত। ইয়াৰ পূৰ্বে ২০১৬ চনতো ৰঙালী বিহুৰ পূৰ্বেই বিধানসভাৰ নির্বাচন অনুষ্ঠিত হৈছিল। 


অৱশ্যে ২০১৬ চনত বিধানসভাৰ নিৰ্বাচন দুটা পর্যায়ত অনুষ্ঠিত হৈছিল। সেইবাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন চাৰি এপ্ৰিলত আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন এঘাৰ এপ্ৰিলত অনুষ্ঠিত হৈছিল। অৱশ্যে ২০১৬ চনত ভোট গণনা ১৯ মে'তহে হৈছিল। অসমত যিহেতু এতিয়া আইন-শৃংখলাজনিত চিন্তা কৰিবলগীয়া কোনো পৰিৱেশ নাই, সেয়েহে এইবাৰো নিৰ্বাচন বিহুৰ পূৰ্বেই অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ