--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই সন্মান অইললৈ 'অইল এণ্ড গেছ প্রডাকশ্যন কোম্পানী অব্ দ্য ইয়েৰ' (১ এম টি অ'ই-তকৈ অধিক) শ্ৰেণীত প্ৰদান কৰা হৈছে।

ডিজিটেল ডেস্ক: দেশৰ ৰাজহুৱা খণ্ডৰ মহাৰত্ন প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে লাভ কৰিছে অইল এণ্ড গেছ প্রডাকশ্যন অব্ দ্য ইয়েৰ বঁটা। ভাৰতৰ শক্তি খণ্ডলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদান আৰু উৎকৃষ্ট প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে এফ আই পি আই বঁটা ২০২৫ লাভ কৰে প্ৰতিষ্ঠানটোৱে। 


এই সন্মান অইললৈ 'অইল এণ্ড গেছ প্রডাকশ্যন কোম্পানী অব্ দ্য ইয়েৰ' (১ এম টি অ'ই-তকৈ অধিক) শ্ৰেণীত প্ৰদান কৰা হৈছে। 


ফেডাৰেশ্যন অব ইণ্ডিয়ান পেট্রলিয়াম ইণ্ডাষ্ট্রী (এফ আই পি আই)ৰ উদ্যোগত গোৱাত আয়োজিত ইণ্ডিয়া এনার্জী উইকৰ এক অনুষ্ঠানত পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰী আৰু পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ সচিব তথা আই এ এছ ড° নীৰজ মিটালে উক্ত বঁটাটি প্রদান কৰে । 


অইলৰ হৈ বঁটা গ্ৰহণ কৰে অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ড° ৰঞ্জিত ৰথে। অনুষ্ঠানত অইলৰ বিত্ত সঞ্চালক অভিজিত মজুমদাৰ আৰু অপাৰেশ্যন্‌ সঞ্চালক ত্রৈলোক্য বৰগোহাঁই উপস্থিত থাকে। 


উল্লেখ্যযোগ্য যে কেন্দ্রীভূত অন্বেষণ, উন্নত পুনৰুদ্ধাৰ পদ্ধতি, আধুনিক প্রযুক্তিৰ ব্যৱহাৰ আৰু দক্ষ ক্ষেত্ৰ ব্যৱস্থাপনাৰ জৰিয়তে অইলে ভাৰতৰ শক্তি সুৰক্ষা বৃদ্ধি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ