--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই সন্মান অইললৈ 'অইল এণ্ড গেছ প্রডাকশ্যন কোম্পানী অব্ দ্য ইয়েৰ' (১ এম টি অ'ই-তকৈ অধিক) শ্ৰেণীত প্ৰদান কৰা হৈছে।

ডিজিটেল ডেস্ক: দেশৰ ৰাজহুৱা খণ্ডৰ মহাৰত্ন প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে লাভ কৰিছে অইল এণ্ড গেছ প্রডাকশ্যন অব্ দ্য ইয়েৰ বঁটা। ভাৰতৰ শক্তি খণ্ডলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদান আৰু উৎকৃষ্ট প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে এফ আই পি আই বঁটা ২০২৫ লাভ কৰে প্ৰতিষ্ঠানটোৱে। 


এই সন্মান অইললৈ 'অইল এণ্ড গেছ প্রডাকশ্যন কোম্পানী অব্ দ্য ইয়েৰ' (১ এম টি অ'ই-তকৈ অধিক) শ্ৰেণীত প্ৰদান কৰা হৈছে। 


ফেডাৰেশ্যন অব ইণ্ডিয়ান পেট্রলিয়াম ইণ্ডাষ্ট্রী (এফ আই পি আই)ৰ উদ্যোগত গোৱাত আয়োজিত ইণ্ডিয়া এনার্জী উইকৰ এক অনুষ্ঠানত পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰী আৰু পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ সচিব তথা আই এ এছ ড° নীৰজ মিটালে উক্ত বঁটাটি প্রদান কৰে । 


অইলৰ হৈ বঁটা গ্ৰহণ কৰে অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ড° ৰঞ্জিত ৰথে। অনুষ্ঠানত অইলৰ বিত্ত সঞ্চালক অভিজিত মজুমদাৰ আৰু অপাৰেশ্যন্‌ সঞ্চালক ত্রৈলোক্য বৰগোহাঁই উপস্থিত থাকে। 


উল্লেখ্যযোগ্য যে কেন্দ্রীভূত অন্বেষণ, উন্নত পুনৰুদ্ধাৰ পদ্ধতি, আধুনিক প্রযুক্তিৰ ব্যৱহাৰ আৰু দক্ষ ক্ষেত্ৰ ব্যৱস্থাপনাৰ জৰিয়তে অইলে ভাৰতৰ শক্তি সুৰক্ষা বৃদ্ধি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু