--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বন বিভাগৰ নিয়ম অনুসৰি মাটি তিনি ফুটতকৈ অধিক দকৈ খান্দিব নোৱাৰে। কিন্তু বন বিভাগৰ সেই নির্দেশনাক জলাঞ্জলি দি ভু-মাফিয়া পাটৰৰ নেতৃত্বত অবাধ হাৰত চলিছে মাটি খনন কার্য।

ডিজিটেল ডেস্ক : নগাঁও জিলাৰ কঠিয়াতলী আঞ্চলিক বন বিষয়াৰ কার্যালয় আৰু নগাঁও সদৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বঢ়মপুৰৰ ধনতোলাত ভূ-মাফিয়াৰ দপদপনি চলা দেখিবলৈ পোৱা গৈছে। ভূ-মাফিয়া জনৈক পাটৰৰ নেতৃত্বত ননৈ নৈৰ পাৰৰ বিঘাই বিঘাই মাটি চক্রটোৱে খান্দিছে। 


বন বিভাগৰ নিয়ম অনুসৰি মাটি তিনি ফুটতকৈ অধিক দকৈ খান্দিব নোৱাৰে। কিন্তু বন বিভাগৰ সেই নির্দেশনাক জলাঞ্জলি দি ভু-মাফিয়া পাটৰৰ নেতৃত্বত অবাধ হাৰত চলিছে মাটি খনন কার্য। আনহাতে, মাটি কঢ়িওরা ডাম্পাৰসমূহৰ প্রত্যেকখনৰে থাকিব লাগে বন বিভাগৰ চালান, কিন্তু চালান বিহীনভাৱে চলিছে ডাম্পাৰসমূহ। ভূ মাফিয়াজনৰ নেতৃত্বত বন বিভাগৰ সকলো আইন অমান্য কৰি চলিছে মাটিৰ ব্যবসায়। কিন্তু ইয়াৰ পাছতো কঠীয়াতলী আঞ্চলিক বন বিষয়া কার্যালয় আৰু নগাঁও সদৰ আঞ্চলিক বন বিষয়াৰ কার্যালয়ে কোনো ব্যবস্থা নোলোৱাৰ অভিযোগ উঠিছে। 


আনহাতে, তীব্রবেগী মাটি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্যত স্থানীয় ৰাইজ অতিষ্ঠ হৈ পৰিছে যদিও আজিকোপতি পুৰণিগুদাম আৰক্ষীয়েও তীব্রবেগী ডাম্পাৰৰ ক্ষেত্রত কোনো বিশেষ ব্যবস্থা গ্রহণ কৰা নাই। ৰাজনৈতিক আশীর্বাদপুষ্ট ভূ-মাফিয়া চক্রটোৱে ননৈ নৈৰ কাষতে মাটি খান্দি নৈখনলৈও আনিছে বিপদৰ শংকা। যাৰ বাবে এতিয়া স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু