--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বন বিভাগৰ নিয়ম অনুসৰি মাটি তিনি ফুটতকৈ অধিক দকৈ খান্দিব নোৱাৰে। কিন্তু বন বিভাগৰ সেই নির্দেশনাক জলাঞ্জলি দি ভু-মাফিয়া পাটৰৰ নেতৃত্বত অবাধ হাৰত চলিছে মাটি খনন কার্য।

ডিজিটেল ডেস্ক : নগাঁও জিলাৰ কঠিয়াতলী আঞ্চলিক বন বিষয়াৰ কার্যালয় আৰু নগাঁও সদৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বঢ়মপুৰৰ ধনতোলাত ভূ-মাফিয়াৰ দপদপনি চলা দেখিবলৈ পোৱা গৈছে। ভূ-মাফিয়া জনৈক পাটৰৰ নেতৃত্বত ননৈ নৈৰ পাৰৰ বিঘাই বিঘাই মাটি চক্রটোৱে খান্দিছে। 


বন বিভাগৰ নিয়ম অনুসৰি মাটি তিনি ফুটতকৈ অধিক দকৈ খান্দিব নোৱাৰে। কিন্তু বন বিভাগৰ সেই নির্দেশনাক জলাঞ্জলি দি ভু-মাফিয়া পাটৰৰ নেতৃত্বত অবাধ হাৰত চলিছে মাটি খনন কার্য। আনহাতে, মাটি কঢ়িওরা ডাম্পাৰসমূহৰ প্রত্যেকখনৰে থাকিব লাগে বন বিভাগৰ চালান, কিন্তু চালান বিহীনভাৱে চলিছে ডাম্পাৰসমূহ। ভূ মাফিয়াজনৰ নেতৃত্বত বন বিভাগৰ সকলো আইন অমান্য কৰি চলিছে মাটিৰ ব্যবসায়। কিন্তু ইয়াৰ পাছতো কঠীয়াতলী আঞ্চলিক বন বিষয়া কার্যালয় আৰু নগাঁও সদৰ আঞ্চলিক বন বিষয়াৰ কার্যালয়ে কোনো ব্যবস্থা নোলোৱাৰ অভিযোগ উঠিছে। 


আনহাতে, তীব্রবেগী মাটি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্যত স্থানীয় ৰাইজ অতিষ্ঠ হৈ পৰিছে যদিও আজিকোপতি পুৰণিগুদাম আৰক্ষীয়েও তীব্রবেগী ডাম্পাৰৰ ক্ষেত্রত কোনো বিশেষ ব্যবস্থা গ্রহণ কৰা নাই। ৰাজনৈতিক আশীর্বাদপুষ্ট ভূ-মাফিয়া চক্রটোৱে ননৈ নৈৰ কাষতে মাটি খান্দি নৈখনলৈও আনিছে বিপদৰ শংকা। যাৰ বাবে এতিয়া স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ