--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চতুর্থ টেষ্টৰ বাবে চলোৱা অনুশীলনৰ সময়তে আঘাতপ্রাপ্ত হয় অর্শদীপ সিং। চতুর্থ টেষ্টৰ লগতে শৃংখলাৰ পৰাও বাদ পৰিব পাৰে অৰ্শদীপ। সেয়ে, কমবুজক আগতীয়াকৈ মাতি অনা হৈছে।

ডিজিটেল ডেস্ক : ইংলেণ্ডৰ বিৰুদ্ধে মাঞ্চেষ্টাৰত বুধবাৰৰ পৰা চতুর্থখন টেষ্ট খেলিব ভাৰতে। ইয়াৰ আগেয়ে আন এগৰাকী ক্রিকেটাৰে ভাৰতীয় দলত যোগদান কৰিছে। পেচাৰ অনছুল কমবুজক দলত অন্তৰ্ভুক্ত কৰা হৈছে।


চতুর্থ টেষ্টৰ বাবে চলোৱা অনুশীলনৰ সময়তে আঘাতপ্রাপ্ত হয় অর্শদীপ সিং। চতুর্থ টেষ্টৰ লগতে শৃংখলাৰ পৰাও বাদ পৰিব পাৰে অৰ্শদীপ। সেয়ে, কমবুজক আগতীয়াকৈ মাতি অনা হৈছে। অৰ্শদীপৰ লগতে আকাশদীপৰ বিকল্প হিচাপে অনছুলক দললৈ আমন্ত্রণ জনোৱা হৈছে। উৰুসন্ধিৰ আঘাতত ভুগি থকা আকাশদীপে দ্বিতীয় আৰু তৃতীয় টেষ্টত খেলিছিল। অর্শদীপে অৱশ্যে এই পর্যন্ত খেলিবলৈ সুযোগ পোৱা নাই।


কমবুজে আই পি এলত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলে। প্রশিক্ষক গৌতম গম্ভীৰে মহেন্দ্র সিং ধোনিৰ চেন্নাই ছুপাৰ কিংছৰ সতীৰ্থক মাতি আনিছে। উল্লেখযোগ্য যে মাঞ্চেষ্টাৰত উপস্থিত হোৱাৰ প্ৰথম দিনাই অনুশীলনত আঘাতপ্রাপ্ত হয় অশদীপ। ছাই সুদৰ্শনৰ শ্বট ধৰিবলৈ চেষ্টা কৰোঁতেই আঙুলিৰ আঘাত পায় অৰ্শদীপে। আঘাত গুৰুতৰ হোৱাৰ বাবে চতুর্থ টেষ্টত সুযোগ নাপাব বেগী বলাৰগৰাকীয়ে। ইফালে, কমবুজৰ ইংলেণ্ডত খেলাৰ অভিজ্ঞতা আছে। ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ টেষ্ট শৃংখলাৰ পূৰ্বে কমবুজ ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে খেলৰ বাবে ভাৰত 'এ' দলত আছিল। তেওঁ দুখন খেলত ৫টা উইকেট দখল কৰাৰ লগতে ১টা অর্ধশতকো অর্জন কৰে। সেইবাবেই হয়তো কমবুজক মাতি অনা হৈছে।


অর্শদীপৰ বিকল্প হিচাপে বিবেচিত হাৰিয়ানাৰ কমবুজে ৰঞ্জি ট্রফীত প্রথমে সকলোৰে দৃষ্টি কাঢ়ে। ২০২৪-২৫ ছিজনত ৰোহটছত কেৰালাৰ বিৰুদ্ধে এটা ইনিংছত ১০টা উইকেট দখল কৰিছিল পেচাৰ কমবুজে। এই কৃতিত্ব অর্জন কৰা ৰঞ্জি ট্রফীৰ ইতিহাসত তেওঁ হ'ল তৃতীয়গৰাকী বলাৰ। তেওঁ ৪৯ ৰানত পাইছিল ১০টা উইকেট। ইয়াৰ আগেয়ে বংগৰ প্রেমাংশু চেটার্জীয়ে ২০ ৰান আৰু ৰাজস্থানৰ প্রদীপ সুন্দৰমে ৭৮ ৰানত ১০টা উইকেট দখল কৰিছিল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু