--°C
Loading...
Advertisement
Listen to Article
3 min read
80%

In Short

  • চতুর্থ টেষ্টৰ বাবে চলোৱা অনুশীলনৰ সময়তে আঘাতপ্রাপ্ত হয় অর্শদীপ সিং। চতুর্থ টেষ্টৰ লগতে শৃংখলাৰ পৰাও বাদ পৰিব পাৰে অৰ্শদীপ। সেয়ে, কমবুজক আগতীয়াকৈ মাতি অনা হৈছে।

ডিজিটেল ডেস্ক : ইংলেণ্ডৰ বিৰুদ্ধে মাঞ্চেষ্টাৰত বুধবাৰৰ পৰা চতুর্থখন টেষ্ট খেলিব ভাৰতে। ইয়াৰ আগেয়ে আন এগৰাকী ক্রিকেটাৰে ভাৰতীয় দলত যোগদান কৰিছে। পেচাৰ অনছুল কমবুজক দলত অন্তৰ্ভুক্ত কৰা হৈছে।


চতুর্থ টেষ্টৰ বাবে চলোৱা অনুশীলনৰ সময়তে আঘাতপ্রাপ্ত হয় অর্শদীপ সিং। চতুর্থ টেষ্টৰ লগতে শৃংখলাৰ পৰাও বাদ পৰিব পাৰে অৰ্শদীপ। সেয়ে, কমবুজক আগতীয়াকৈ মাতি অনা হৈছে। অৰ্শদীপৰ লগতে আকাশদীপৰ বিকল্প হিচাপে অনছুলক দললৈ আমন্ত্রণ জনোৱা হৈছে। উৰুসন্ধিৰ আঘাতত ভুগি থকা আকাশদীপে দ্বিতীয় আৰু তৃতীয় টেষ্টত খেলিছিল। অর্শদীপে অৱশ্যে এই পর্যন্ত খেলিবলৈ সুযোগ পোৱা নাই।


কমবুজে আই পি এলত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলে। প্রশিক্ষক গৌতম গম্ভীৰে মহেন্দ্র সিং ধোনিৰ চেন্নাই ছুপাৰ কিংছৰ সতীৰ্থক মাতি আনিছে। উল্লেখযোগ্য যে মাঞ্চেষ্টাৰত উপস্থিত হোৱাৰ প্ৰথম দিনাই অনুশীলনত আঘাতপ্রাপ্ত হয় অশদীপ। ছাই সুদৰ্শনৰ শ্বট ধৰিবলৈ চেষ্টা কৰোঁতেই আঙুলিৰ আঘাত পায় অৰ্শদীপে। আঘাত গুৰুতৰ হোৱাৰ বাবে চতুর্থ টেষ্টত সুযোগ নাপাব বেগী বলাৰগৰাকীয়ে। ইফালে, কমবুজৰ ইংলেণ্ডত খেলাৰ অভিজ্ঞতা আছে। ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ টেষ্ট শৃংখলাৰ পূৰ্বে কমবুজ ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে খেলৰ বাবে ভাৰত 'এ' দলত আছিল। তেওঁ দুখন খেলত ৫টা উইকেট দখল কৰাৰ লগতে ১টা অর্ধশতকো অর্জন কৰে। সেইবাবেই হয়তো কমবুজক মাতি অনা হৈছে।


অর্শদীপৰ বিকল্প হিচাপে বিবেচিত হাৰিয়ানাৰ কমবুজে ৰঞ্জি ট্রফীত প্রথমে সকলোৰে দৃষ্টি কাঢ়ে। ২০২৪-২৫ ছিজনত ৰোহটছত কেৰালাৰ বিৰুদ্ধে এটা ইনিংছত ১০টা উইকেট দখল কৰিছিল পেচাৰ কমবুজে। এই কৃতিত্ব অর্জন কৰা ৰঞ্জি ট্রফীৰ ইতিহাসত তেওঁ হ'ল তৃতীয়গৰাকী বলাৰ। তেওঁ ৪৯ ৰানত পাইছিল ১০টা উইকেট। ইয়াৰ আগেয়ে বংগৰ প্রেমাংশু চেটার্জীয়ে ২০ ৰান আৰু ৰাজস্থানৰ প্রদীপ সুন্দৰমে ৭৮ ৰানত ১০টা উইকেট দখল কৰিছিল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement