--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই ঘাটিবোৰৰ মেৰামতিৰ বাবে পাকিস্তান চৰকাৰে প্ৰায় ১০০ কোটি টকাৰ পুঁজি ধাৰ্য কৰে।

ডিজিটেল ডেস্ক : 'অপাৰেশ্যন সেন্দূৰ'ৰ সময়ত ভাৰতীয় সেনাই যোৱা ৭ মে'ত পাকিস্তানত থকা সন্ত্রাসবাদীৰ ৯টা ঘাটি ধ্বংস কৰে।



কিন্তু পাকিস্তানী চৰকাৰ আৰু সেনাৰ সহযোগত এই ঘাটিবোৰৰ ক্ষিপ্ৰতাৰে মেৰামতি তথা পুনৰ নিৰ্মাণকার্য চলাই থকা হৈছে। এই ঘাটিবোৰৰ মেৰামতিৰ বাবে পাকিস্তান চৰকাৰে প্ৰায় ১০০ কোটি টকাৰ পুঁজি ধাৰ্য কৰে। ইতিমধ্যে লস্কৰ-ই-টয়বা আৰু জৈছ-ই-মহম্মদৰ দৰে সন্ত্রাসবাদী সংগঠনে পৰিচালনা কৰা মাদ্ৰাছাসমূহলৈ পুনৰ ছাত্ৰ যাবলৈ লৈছে। এই ঘাটিসমূহৰ মেৰামতিৰ কামত ইতিমধ্যে ৫০ কোটি টকা মোকলাই দিয়া হৈছে।


সূত্ৰসমূহে প্রকাশ কৰা অনুসৰি ধাৰত পোত যোৱা পাকিস্তানে শেহতীয়াকৈ আই এম এফৰ পৰা ১২ হাজাৰ কোটি টকা আৰু এ ডি বিৰ পৰা সাত হাজাৰ কোটি টকাৰ ঋণ লয়। এই ঋণৰ এটা অংশ সন্ত্রাসবাদীৰ ঘাটি মেৰামতি তথা পুনৰ নিৰ্মাণত ব্যয় কৰাৰ বাবে মোকলাই দিয়ে। মুজফ্ফৰবাদৰ আব্বাছ মছজিদৰ পুনৰ নিৰ্মাণতো আই এম এফ আৰু এ ডি বিৰ পৰা ঋণৰ ধন ব্যয় কৰা হৈছে। অৱশ্যে পাকিস্তান চৰকাৰ আৰু সেনাই সন্ত্রাসবাদীৰ ঘাটিসমূহৰ মেৰামতিত ব্যয় কৰা ধনৰ উৎসৰ বিষয়ে প্রকাশ কৰিবলৈ অস্বীকাৰ কৰিছে। ভাৰতীয় সেনাৰ আক্ৰমণত পাকিস্তান অধিকৃত কাশ্মীৰৰ মুজাফ্ফৰবাদত থকা সন্ত্রাসবাদীৰ লঞ্চ পেড তথা মাদ্ৰাছাসমূহৰ লগতে কোটলী আৰু ভিম্বৰত থকা লঞ্চ পেড তথা মাদ্ৰাছাৰ মেৰামতি তথা পুনৰ নিৰ্মাণৰ কাৰণে ৪০ কোটি টকা দিয়া হৈছে। এই স্থানসমূহ হৈছে জৈছ-ই-মহম্মদৰ ঘাটি।


আনহাতে লস্কৰ-ই-টয়বাৰ মুৰিদকেত থকা ঘাটি, জৈছৰ বহাৱলপুৰত থকা মুখ্য কার্যালয়, পঞ্জাব আৰু শিয়ালকোটত থকা সন্ত্রাসবাদীৰ ঘাটি মেৰামতিৰ কাৰণে পাকিস্তান চৰকাৰে ৬০ কোটি টকা মঞ্জুৰ কৰে। বহাৱলপুৰৰ ছুভান আল্লা মছজিদে পৰিচালনা কৰা মাদ্ৰাছালৈ ১২ হাজাৰ তথা মুৰিদকেৰ মাদ্ৰাছালৈ ছয় হাজাৰ ছাত্ৰ উভতি আহে। পাকিস্তান চৰকাৰে সন্ত্রাসবাদীৰ ঘাটিসমূহৰ মেৰামতিৰ বাবে চীনৰ গেঝোউবা গ্ৰুপৰ কোম্পানীৰ সৈতেও যোগাযোগ কৰে। পাকিস্তানী সেনাৰ ফিল্ড মাৰ্শ্বাল জেনেৰেল আছিম মুনিৰে সন্ত্রাসবাদীৰ ঘাটি মেৰামতিৰ বাবে পাকিস্তানী সেনাৰ কল্যাণমূলক আঁচনি আৰু গৃহ নির্মাণ আঁচনিৰ ধনো হস্তান্তৰ কৰাৰ নির্দেশ দিয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু