--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই ঘাটিবোৰৰ মেৰামতিৰ বাবে পাকিস্তান চৰকাৰে প্ৰায় ১০০ কোটি টকাৰ পুঁজি ধাৰ্য কৰে।

ডিজিটেল ডেস্ক : 'অপাৰেশ্যন সেন্দূৰ'ৰ সময়ত ভাৰতীয় সেনাই যোৱা ৭ মে'ত পাকিস্তানত থকা সন্ত্রাসবাদীৰ ৯টা ঘাটি ধ্বংস কৰে।



কিন্তু পাকিস্তানী চৰকাৰ আৰু সেনাৰ সহযোগত এই ঘাটিবোৰৰ ক্ষিপ্ৰতাৰে মেৰামতি তথা পুনৰ নিৰ্মাণকার্য চলাই থকা হৈছে। এই ঘাটিবোৰৰ মেৰামতিৰ বাবে পাকিস্তান চৰকাৰে প্ৰায় ১০০ কোটি টকাৰ পুঁজি ধাৰ্য কৰে। ইতিমধ্যে লস্কৰ-ই-টয়বা আৰু জৈছ-ই-মহম্মদৰ দৰে সন্ত্রাসবাদী সংগঠনে পৰিচালনা কৰা মাদ্ৰাছাসমূহলৈ পুনৰ ছাত্ৰ যাবলৈ লৈছে। এই ঘাটিসমূহৰ মেৰামতিৰ কামত ইতিমধ্যে ৫০ কোটি টকা মোকলাই দিয়া হৈছে।


সূত্ৰসমূহে প্রকাশ কৰা অনুসৰি ধাৰত পোত যোৱা পাকিস্তানে শেহতীয়াকৈ আই এম এফৰ পৰা ১২ হাজাৰ কোটি টকা আৰু এ ডি বিৰ পৰা সাত হাজাৰ কোটি টকাৰ ঋণ লয়। এই ঋণৰ এটা অংশ সন্ত্রাসবাদীৰ ঘাটি মেৰামতি তথা পুনৰ নিৰ্মাণত ব্যয় কৰাৰ বাবে মোকলাই দিয়ে। মুজফ্ফৰবাদৰ আব্বাছ মছজিদৰ পুনৰ নিৰ্মাণতো আই এম এফ আৰু এ ডি বিৰ পৰা ঋণৰ ধন ব্যয় কৰা হৈছে। অৱশ্যে পাকিস্তান চৰকাৰ আৰু সেনাই সন্ত্রাসবাদীৰ ঘাটিসমূহৰ মেৰামতিত ব্যয় কৰা ধনৰ উৎসৰ বিষয়ে প্রকাশ কৰিবলৈ অস্বীকাৰ কৰিছে। ভাৰতীয় সেনাৰ আক্ৰমণত পাকিস্তান অধিকৃত কাশ্মীৰৰ মুজাফ্ফৰবাদত থকা সন্ত্রাসবাদীৰ লঞ্চ পেড তথা মাদ্ৰাছাসমূহৰ লগতে কোটলী আৰু ভিম্বৰত থকা লঞ্চ পেড তথা মাদ্ৰাছাৰ মেৰামতি তথা পুনৰ নিৰ্মাণৰ কাৰণে ৪০ কোটি টকা দিয়া হৈছে। এই স্থানসমূহ হৈছে জৈছ-ই-মহম্মদৰ ঘাটি।


আনহাতে লস্কৰ-ই-টয়বাৰ মুৰিদকেত থকা ঘাটি, জৈছৰ বহাৱলপুৰত থকা মুখ্য কার্যালয়, পঞ্জাব আৰু শিয়ালকোটত থকা সন্ত্রাসবাদীৰ ঘাটি মেৰামতিৰ কাৰণে পাকিস্তান চৰকাৰে ৬০ কোটি টকা মঞ্জুৰ কৰে। বহাৱলপুৰৰ ছুভান আল্লা মছজিদে পৰিচালনা কৰা মাদ্ৰাছালৈ ১২ হাজাৰ তথা মুৰিদকেৰ মাদ্ৰাছালৈ ছয় হাজাৰ ছাত্ৰ উভতি আহে। পাকিস্তান চৰকাৰে সন্ত্রাসবাদীৰ ঘাটিসমূহৰ মেৰামতিৰ বাবে চীনৰ গেঝোউবা গ্ৰুপৰ কোম্পানীৰ সৈতেও যোগাযোগ কৰে। পাকিস্তানী সেনাৰ ফিল্ড মাৰ্শ্বাল জেনেৰেল আছিম মুনিৰে সন্ত্রাসবাদীৰ ঘাটি মেৰামতিৰ বাবে পাকিস্তানী সেনাৰ কল্যাণমূলক আঁচনি আৰু গৃহ নির্মাণ আঁচনিৰ ধনো হস্তান্তৰ কৰাৰ নির্দেশ দিয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ