--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিজ্ঞানীসকলৰ শেহতীয়া পৰীক্ষাই এই দিশত আশাৰ বতৰা দিছে। এই গৱেষণাৰ এখন প্ৰতিবেদন প্রকাশ পাইছে নেচাৰ বায়' মেডিকেল ইঞ্জিনীয়াৰিং নামক বিজ্ঞান বার্তালোচনীখনত।

ডিজিটেল ডেস্ক : কেঞ্চাৰ ৰোগৰ ভেকচিনক লৈ বিজ্ঞানীসকলে শেহতীয়াকৈ কৰা এক গৱেষণাই এতিয়া সমগ্ৰ বিশ্বৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। আমেৰিকাৰ ফ্লৰিডা বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে প্রস্তুত কৰা এই ভেকচিনে বিশ্বৰ পৰা কেঞ্চাৰ ৰোগ নোহোৱা কৰাত সহায় কৰিব বুলি কোৱা হৈছে। বিশ্ববিদ্যালয়খনৰ বিজ্ঞানীসকলে এম আৰ এন এ ভেকচিন প্রস্তুত কৰি উলিয়াইছে।


এই ভেকচিনে শৰীৰত টিউমাৰৰ বিৰুদ্ধে প্ৰতিৰক্ষা প্ৰতিক্রিয়া বৃদ্ধি কৰাত সহায় কৰে। অৱশ্যে মানৱ শৰীৰত এই ভেকচিনৰ প্ৰতিক্ৰিয়াৰ বিষয়ে এতিয়ালৈকে স্পষ্ট হোৱা নাই, কিন্তু বিজ্ঞানীসকলৰ শেহতীয়া পৰীক্ষাই এই দিশত আশাৰ বতৰা দিছে। এই গৱেষণাৰ এখন প্ৰতিবেদন প্রকাশ পাইছে নেচাৰ বায়' মেডিকেল ইঞ্জিনীয়াৰিং নামক বিজ্ঞান বার্তালোচনীখনত।


ইয়াত প্রকাশ পোৱা মতে, ভেকচিনবিধৰ পৰীক্ষা কৰা হৈছিল নিগনিৰ দেহত। এই ভেকচিন এমিউন চেকপইন্ট ইনহিবিটৰ ইমিউন'থেৰাপী ঔষধৰ সৈতে নিগনিৰ শৰীৰত প্ৰয়োগ কৰা হৈছিল। এই ঔষধৰ সৈতে এই ভেকচিন দিয়াৰ পাছত নিগনিৰ শৰীৰত টিউমাৰ প্ৰতিৰোধী প্রভাৱ দেখিবলৈ পোৱা গৈছে। এই ভেকচিনৰ বিশেষত্ব হ'ল ই কোনো বিশেষ টিউমাৰ প্ৰটিনক লক্ষ্য কৰি নলয়। ইয়াৰ পৰিৱৰ্তে কেঞ্চাৰৰ বিৰুদ্ধে প্ৰতিৰক্ষা প্ৰণালী শক্তিশালী কৰি তোলে। নিগনিৰ শৰীৰত কৰা পৰীক্ষা সফল হোৱাৰ পাছত এতিয়া এই ভেকচিনৰ মানৱ শৰীৰত প্ৰয়োগ কৰি পৰীক্ষা কৰা হ'ব।


ইউ এফ হেল্থৰ অংকল'জিষ্ট তথা মুখ্য গৱেষক ড° এলিয়াছ ছয়ুৰে এই ভেকচিন উদ্ভাৱন কৰা প্ৰসংগত কয় যে ইয়াৰ জৰিয়তে অস্ত্রোপচাৰ, ৰেডিয়েশ্যন বা কেম' থেৰাপীক নিৰ্ভৰ নকৰাকৈ কেঞ্চাৰৰ চিকিৎসা কৰাৰ নতুন প্রণালী উপলব্ধ হোৱাৰ সম্ভৱনা আছে। যদি মানৱ শৰীৰত এই ভেকচিনৰ পৰীক্ষা সফল হয় তেতিয়া কেঞ্চাৰৰ ভেকচিন তৈয়াৰ কৰাৰ পথ প্রশস্ত হৈ পৰিব। ফলত এই দুৰাৰোগ্য ৰোগৰ পৰা মুক্তি পোৱাৰ পথো সুগম হৈ পৰিব।


ছয়ুৰৰ মতে, নিগনিক লৈ কৰা পৰীক্ষাত অভাৱনীয় ফল পোৱা গৈছে। এই ভেকচিন কোনো বিশেষ ধৰণৰ টিউমাৰক লৈ নহয়। আন কথাত সকলো ধৰণৰ টিউমাৰ প্ৰতিৰোধ কৰাত ই সহায় কৰিব। এই ভেকচিনে যিকোনো ধৰণৰ কেঞ্চাৰৰ টিউমাৰৰ বিৰুদ্ধে শৰীৰত প্ৰতিৰক্ষা প্ৰণালী শক্তিশালী কৰি তুলিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ