--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিজ্ঞানীসকলৰ শেহতীয়া পৰীক্ষাই এই দিশত আশাৰ বতৰা দিছে। এই গৱেষণাৰ এখন প্ৰতিবেদন প্রকাশ পাইছে নেচাৰ বায়' মেডিকেল ইঞ্জিনীয়াৰিং নামক বিজ্ঞান বার্তালোচনীখনত।

ডিজিটেল ডেস্ক : কেঞ্চাৰ ৰোগৰ ভেকচিনক লৈ বিজ্ঞানীসকলে শেহতীয়াকৈ কৰা এক গৱেষণাই এতিয়া সমগ্ৰ বিশ্বৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। আমেৰিকাৰ ফ্লৰিডা বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে প্রস্তুত কৰা এই ভেকচিনে বিশ্বৰ পৰা কেঞ্চাৰ ৰোগ নোহোৱা কৰাত সহায় কৰিব বুলি কোৱা হৈছে। বিশ্ববিদ্যালয়খনৰ বিজ্ঞানীসকলে এম আৰ এন এ ভেকচিন প্রস্তুত কৰি উলিয়াইছে।


এই ভেকচিনে শৰীৰত টিউমাৰৰ বিৰুদ্ধে প্ৰতিৰক্ষা প্ৰতিক্রিয়া বৃদ্ধি কৰাত সহায় কৰে। অৱশ্যে মানৱ শৰীৰত এই ভেকচিনৰ প্ৰতিক্ৰিয়াৰ বিষয়ে এতিয়ালৈকে স্পষ্ট হোৱা নাই, কিন্তু বিজ্ঞানীসকলৰ শেহতীয়া পৰীক্ষাই এই দিশত আশাৰ বতৰা দিছে। এই গৱেষণাৰ এখন প্ৰতিবেদন প্রকাশ পাইছে নেচাৰ বায়' মেডিকেল ইঞ্জিনীয়াৰিং নামক বিজ্ঞান বার্তালোচনীখনত।


ইয়াত প্রকাশ পোৱা মতে, ভেকচিনবিধৰ পৰীক্ষা কৰা হৈছিল নিগনিৰ দেহত। এই ভেকচিন এমিউন চেকপইন্ট ইনহিবিটৰ ইমিউন'থেৰাপী ঔষধৰ সৈতে নিগনিৰ শৰীৰত প্ৰয়োগ কৰা হৈছিল। এই ঔষধৰ সৈতে এই ভেকচিন দিয়াৰ পাছত নিগনিৰ শৰীৰত টিউমাৰ প্ৰতিৰোধী প্রভাৱ দেখিবলৈ পোৱা গৈছে। এই ভেকচিনৰ বিশেষত্ব হ'ল ই কোনো বিশেষ টিউমাৰ প্ৰটিনক লক্ষ্য কৰি নলয়। ইয়াৰ পৰিৱৰ্তে কেঞ্চাৰৰ বিৰুদ্ধে প্ৰতিৰক্ষা প্ৰণালী শক্তিশালী কৰি তোলে। নিগনিৰ শৰীৰত কৰা পৰীক্ষা সফল হোৱাৰ পাছত এতিয়া এই ভেকচিনৰ মানৱ শৰীৰত প্ৰয়োগ কৰি পৰীক্ষা কৰা হ'ব।


ইউ এফ হেল্থৰ অংকল'জিষ্ট তথা মুখ্য গৱেষক ড° এলিয়াছ ছয়ুৰে এই ভেকচিন উদ্ভাৱন কৰা প্ৰসংগত কয় যে ইয়াৰ জৰিয়তে অস্ত্রোপচাৰ, ৰেডিয়েশ্যন বা কেম' থেৰাপীক নিৰ্ভৰ নকৰাকৈ কেঞ্চাৰৰ চিকিৎসা কৰাৰ নতুন প্রণালী উপলব্ধ হোৱাৰ সম্ভৱনা আছে। যদি মানৱ শৰীৰত এই ভেকচিনৰ পৰীক্ষা সফল হয় তেতিয়া কেঞ্চাৰৰ ভেকচিন তৈয়াৰ কৰাৰ পথ প্রশস্ত হৈ পৰিব। ফলত এই দুৰাৰোগ্য ৰোগৰ পৰা মুক্তি পোৱাৰ পথো সুগম হৈ পৰিব।


ছয়ুৰৰ মতে, নিগনিক লৈ কৰা পৰীক্ষাত অভাৱনীয় ফল পোৱা গৈছে। এই ভেকচিন কোনো বিশেষ ধৰণৰ টিউমাৰক লৈ নহয়। আন কথাত সকলো ধৰণৰ টিউমাৰ প্ৰতিৰোধ কৰাত ই সহায় কৰিব। এই ভেকচিনে যিকোনো ধৰণৰ কেঞ্চাৰৰ টিউমাৰৰ বিৰুদ্ধে শৰীৰত প্ৰতিৰক্ষা প্ৰণালী শক্তিশালী কৰি তুলিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু