--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২০০৫ চনত লণ্ডনত সংঘটিত হোৱা গাড়ী দুৰ্ঘটনাৰ পিছত যোৱা ২০ বছৰ ধৰি ক’মাত আছিল যুৱকজন। ১৯৯০ চনৰ এপ্ৰিল মাহত তেওঁ জন্মগ্ৰহণ কৰিছিল।

ডিজিটেল ডেস্ক : ২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত এজন যুৱকে সাবটিলে কৰুণ মৃত্যুক।  ছৌদি আৰৱৰ 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত আল ৱালিদ বিন খালিদ নামৰ যুৱকজনৰ ৩৫ বছৰ বয়সত মৃত্যু হৈছে। ২০০৫ চনত লণ্ডনত সংঘটিত হোৱা গাড়ী দুৰ্ঘটনাৰ পিছত যোৱা ২০ বছৰ ধৰি ক’মাত আছিল যুৱকজন। ১৯৯০ চনৰ এপ্ৰিল মাহত তেওঁ জন্মগ্ৰহণ কৰিছিল।


আল ৱালিদ আছিল ছৌদি আৰৱৰ ৰাজপৰিয়ালৰ সদস্য ৰাজকুমাৰ খালিদ বিন তালাল আল ছাউদৰ জ্যেষ্ঠ পুত্ৰ আৰু কোটিপতি ৰাজকুমাৰ আল ৱালিদ বিন তালালৰ ভতিজা। ১৫ বছৰ বয়সত ব্ৰিটেইনৰ এখন সামৰিক মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়তে তেওঁ এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় যাৰ ফলত তেওঁৰ মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু আভ্যন্তৰীণ ৰক্তক্ষৰণ হয় আৰু তেতিয়াৰ পৰাই তেওঁ ক’মাত থাকে।


ৰাজকুমাৰ ৱালিদ বিন খালিদক আমেৰিকা আৰু স্পেইনৰ বিশেষজ্ঞৰ দ্বাৰা চিকিৎসা কৰা হৈছিল যদিও তেওঁ কেতিয়াও সম্পূৰ্ণ চেতনা ঘূৰাই পোৱা নাছিল। দুৰ্ঘটনাৰ পিছত তেওঁক ৰিয়াদৰ কিং আব্দুলজিজ মেডিকেল চিটিলৈ লৈ যোৱা হয় আৰু প্ৰায় দুটা দশক ধৰি তেওঁ অহৰহ চিকিৎসা সেৱাৰ অধীনত লাইফ চাপৰ্ট চিষ্টেমত থাকে।


ৰাজকুমাৰ ৱালিদে যোৱা ২০ বছৰ ক’মাত কটায়। কিন্তু মাজে মাজে তেওঁৰ শৰীৰৰ অংগী ভংগীয়ে আশাৰ ৰেঙণি দেখুৱাইছিল আৰু এই কাৰণেই তেওঁৰ পিতৃ ৰাজকুমাৰ খালিদ বিন তালালে লাইফ চাপোৰ্ট ব্যৱস্থাক আঁতৰোৱাৰ পৰামৰ্শ ৰাজহুৱাভাৱে নাকচ কৰিছিল। ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি তেওঁ পুত্ৰৰ চিকিৎসা কৰি থাকিল। তেওঁ আশা কৰিছিল যে এদিন তেওঁৰ ল’ৰাটো নিশ্চয় ভাল হ’ব।


কিন্তু সকলোকে কন্দুৱাই তেওঁ অৱশেষত মৃত্যুক আঁকোৱালি লয়। তেওঁৰ মৃত্যু নিশ্চিত কৰি ৰাজকুমাৰ খালিদে এক বিবৃতিত কয় যে, “আল্লাহৰ দয়াত আমাৰ মৰমৰ পুত্ৰই অৱশেষত সকলো দুখ-কষ্টৰ পৰা মুক্তি পালে। আল্লাহে তেওঁৰ আত্মাক কৃপা কৰক।''




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ