--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২০০৫ চনত লণ্ডনত সংঘটিত হোৱা গাড়ী দুৰ্ঘটনাৰ পিছত যোৱা ২০ বছৰ ধৰি ক’মাত আছিল যুৱকজন। ১৯৯০ চনৰ এপ্ৰিল মাহত তেওঁ জন্মগ্ৰহণ কৰিছিল।

ডিজিটেল ডেস্ক : ২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত এজন যুৱকে সাবটিলে কৰুণ মৃত্যুক।  ছৌদি আৰৱৰ 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত আল ৱালিদ বিন খালিদ নামৰ যুৱকজনৰ ৩৫ বছৰ বয়সত মৃত্যু হৈছে। ২০০৫ চনত লণ্ডনত সংঘটিত হোৱা গাড়ী দুৰ্ঘটনাৰ পিছত যোৱা ২০ বছৰ ধৰি ক’মাত আছিল যুৱকজন। ১৯৯০ চনৰ এপ্ৰিল মাহত তেওঁ জন্মগ্ৰহণ কৰিছিল।


আল ৱালিদ আছিল ছৌদি আৰৱৰ ৰাজপৰিয়ালৰ সদস্য ৰাজকুমাৰ খালিদ বিন তালাল আল ছাউদৰ জ্যেষ্ঠ পুত্ৰ আৰু কোটিপতি ৰাজকুমাৰ আল ৱালিদ বিন তালালৰ ভতিজা। ১৫ বছৰ বয়সত ব্ৰিটেইনৰ এখন সামৰিক মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়তে তেওঁ এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় যাৰ ফলত তেওঁৰ মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু আভ্যন্তৰীণ ৰক্তক্ষৰণ হয় আৰু তেতিয়াৰ পৰাই তেওঁ ক’মাত থাকে।


ৰাজকুমাৰ ৱালিদ বিন খালিদক আমেৰিকা আৰু স্পেইনৰ বিশেষজ্ঞৰ দ্বাৰা চিকিৎসা কৰা হৈছিল যদিও তেওঁ কেতিয়াও সম্পূৰ্ণ চেতনা ঘূৰাই পোৱা নাছিল। দুৰ্ঘটনাৰ পিছত তেওঁক ৰিয়াদৰ কিং আব্দুলজিজ মেডিকেল চিটিলৈ লৈ যোৱা হয় আৰু প্ৰায় দুটা দশক ধৰি তেওঁ অহৰহ চিকিৎসা সেৱাৰ অধীনত লাইফ চাপৰ্ট চিষ্টেমত থাকে।


ৰাজকুমাৰ ৱালিদে যোৱা ২০ বছৰ ক’মাত কটায়। কিন্তু মাজে মাজে তেওঁৰ শৰীৰৰ অংগী ভংগীয়ে আশাৰ ৰেঙণি দেখুৱাইছিল আৰু এই কাৰণেই তেওঁৰ পিতৃ ৰাজকুমাৰ খালিদ বিন তালালে লাইফ চাপোৰ্ট ব্যৱস্থাক আঁতৰোৱাৰ পৰামৰ্শ ৰাজহুৱাভাৱে নাকচ কৰিছিল। ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি তেওঁ পুত্ৰৰ চিকিৎসা কৰি থাকিল। তেওঁ আশা কৰিছিল যে এদিন তেওঁৰ ল’ৰাটো নিশ্চয় ভাল হ’ব।


কিন্তু সকলোকে কন্দুৱাই তেওঁ অৱশেষত মৃত্যুক আঁকোৱালি লয়। তেওঁৰ মৃত্যু নিশ্চিত কৰি ৰাজকুমাৰ খালিদে এক বিবৃতিত কয় যে, “আল্লাহৰ দয়াত আমাৰ মৰমৰ পুত্ৰই অৱশেষত সকলো দুখ-কষ্টৰ পৰা মুক্তি পালে। আল্লাহে তেওঁৰ আত্মাক কৃপা কৰক।''




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু