--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আমেৰিকাৰ প্ৰাপ্তবয়স্ক লোকৰ চাৰিভাগৰ তিনিভাগেই ভাবে যে ট্রাম্পে শাসনভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা তেওঁলোকক ট্রাম্পৰ নীতিয়ে সহায় কৰা নাই

ডিজিটেল ডেস্কঃ শুল্কৰ ভাবুকিকে ধৰি বিভিন্ন ধৰণৰ ভাবুকিৰে। সম্প্ৰতি বিশ্বজুৰি নিজৰ প্ৰাধান্য, গুৰুত্ব বৃদ্ধি কৰাৰ চেষ্টাত ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প নিজৰ দেশতেই যে জনপ্রিয় নহয় সেই কথা পোহৰলৈ আহিছে শেহতীয়া এক সমীক্ষাত।


আমেৰিকাৰ প্ৰাপ্তবয়স্ক লোকৰ চাৰিভাগৰ তিনিভাগেই ভাবে যে ট্রাম্পে শাসনভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা তেওঁলোকক ট্রাম্পৰ নীতিয়ে সহায় কৰা নাই। নতুন সমীক্ষাটোত অর্থনীতি, প্ৰব্ৰজন, চৰকাৰী ব্যয় আৰু স্বাস্থ্য সেৱাকে ধৰি প্রধান বিষয়-সমস্যাবোৰত তেওঁ শোচনীয় নম্বৰ লাভকৰিছে। দৰাচলতে এছচিয়েটেড প্রেছ-এন অ' আৰ চি চেণ্টাৰে এই সমীক্ষাত অন্তর্ভুক্ত কৰা সমস্যাৰ যিকোনো এটাতেই ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতিজনে সংখ্যাগৰিষ্ঠৰ অনুমোদন লাভ কৰাত ব্যর্থ হয়। আনকি প্রব্রজন বিষয়টো তেওঁ যোৱা বছৰতকৈ কম নম্বৰ লাভ কৰে।


আমেৰিকাৰ প্ৰাপ্তবয়স্কৰ প্ৰায় আধাসংখ্যকেই কয় যে ছমাহৰ আগতে দ্বিতীয়টো কাৰ্যকাল আৰম্ভ কৰা ট্রাম্পৰ নীতিয়ে 'তেওঁলোকক অধিক যাতনা দিছে।' ১০ জনৰ ভিতৰত দুজনে কয় যে ট্রাম্পৰ নীতিয়ে তেওঁলোকৰ জীৱনত 'কোনো পৰিৱৰ্তন অনা নাই।' আনহাতে এক চতুর্থাংশইহে মত দিয়ে যে তেওঁৰ নীতিয়ে 'তেওঁলোকক অধিক (আগতকৈ) সহায় কৰিছে।' আনহাতে ডেমক্রেটৰ গৰিষ্ঠসংখ্যক আৰু স্বতন্ত্ৰৰ আধা সংখ্যকে কয় যে ট্রাম্পৰ নীতিৰ এক নেতিবাচক প্রভাৱ আছে। আনকি বহু ৰিপাব্লিকানেও ট্রাম্পৰ নীতিৰ ইতিবাচক প্ৰভাৱ দেখিবলৈ পোৱা - নাই।


ইফালে যোৱা মাহত ফেব্ৰুৱাৰীৰ পৰা মুদ্রাস্ফীতি আটাইতকৈ বেছি পর্যায়ত আছে। ট্রাম্পে বাজেটত স্বাস্থ্য বিষয়ক সাহায্য কৰ্তন কৰাৰ ফলত ১ কোটি ১৮ লাখ অধিক আমেৰিকান বীমাবিহীন হ'ব। আনহাতে এই বাজেটৰ ফলত ৰাষ্ট্ৰীয় ধাৰত যোগ হ'ব ৩.৩ ট্রিলিয়ন ডলাৰ। উক্ত সমীক্ষাকাৰী সংস্থাই অন্তর্ভুক্ত কৰা অৰ্থনীতি, চৰকাৰী ব্যয়, বাণিজ্য, কৰ, প্ৰব্ৰজন, স্বাস্থ্য সেৱা তথা মধ্য প্রাচ্যৰ যুদ্ধত ট্রাম্পে ৫০ শতাংশতকৈ কম অনুমোদন লাভ কৰিছে। কেৱল ৪৩ শতাংশ লোকেহে ট্রাম্পৰ প্ৰব্ৰজন ব্যৱস্থাপনাক সন্মতি জনায়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু