--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আমেৰিকাৰ প্ৰাপ্তবয়স্ক লোকৰ চাৰিভাগৰ তিনিভাগেই ভাবে যে ট্রাম্পে শাসনভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা তেওঁলোকক ট্রাম্পৰ নীতিয়ে সহায় কৰা নাই

ডিজিটেল ডেস্কঃ শুল্কৰ ভাবুকিকে ধৰি বিভিন্ন ধৰণৰ ভাবুকিৰে। সম্প্ৰতি বিশ্বজুৰি নিজৰ প্ৰাধান্য, গুৰুত্ব বৃদ্ধি কৰাৰ চেষ্টাত ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প নিজৰ দেশতেই যে জনপ্রিয় নহয় সেই কথা পোহৰলৈ আহিছে শেহতীয়া এক সমীক্ষাত।


আমেৰিকাৰ প্ৰাপ্তবয়স্ক লোকৰ চাৰিভাগৰ তিনিভাগেই ভাবে যে ট্রাম্পে শাসনভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা তেওঁলোকক ট্রাম্পৰ নীতিয়ে সহায় কৰা নাই। নতুন সমীক্ষাটোত অর্থনীতি, প্ৰব্ৰজন, চৰকাৰী ব্যয় আৰু স্বাস্থ্য সেৱাকে ধৰি প্রধান বিষয়-সমস্যাবোৰত তেওঁ শোচনীয় নম্বৰ লাভকৰিছে। দৰাচলতে এছচিয়েটেড প্রেছ-এন অ' আৰ চি চেণ্টাৰে এই সমীক্ষাত অন্তর্ভুক্ত কৰা সমস্যাৰ যিকোনো এটাতেই ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতিজনে সংখ্যাগৰিষ্ঠৰ অনুমোদন লাভ কৰাত ব্যর্থ হয়। আনকি প্রব্রজন বিষয়টো তেওঁ যোৱা বছৰতকৈ কম নম্বৰ লাভ কৰে।


আমেৰিকাৰ প্ৰাপ্তবয়স্কৰ প্ৰায় আধাসংখ্যকেই কয় যে ছমাহৰ আগতে দ্বিতীয়টো কাৰ্যকাল আৰম্ভ কৰা ট্রাম্পৰ নীতিয়ে 'তেওঁলোকক অধিক যাতনা দিছে।' ১০ জনৰ ভিতৰত দুজনে কয় যে ট্রাম্পৰ নীতিয়ে তেওঁলোকৰ জীৱনত 'কোনো পৰিৱৰ্তন অনা নাই।' আনহাতে এক চতুর্থাংশইহে মত দিয়ে যে তেওঁৰ নীতিয়ে 'তেওঁলোকক অধিক (আগতকৈ) সহায় কৰিছে।' আনহাতে ডেমক্রেটৰ গৰিষ্ঠসংখ্যক আৰু স্বতন্ত্ৰৰ আধা সংখ্যকে কয় যে ট্রাম্পৰ নীতিৰ এক নেতিবাচক প্রভাৱ আছে। আনকি বহু ৰিপাব্লিকানেও ট্রাম্পৰ নীতিৰ ইতিবাচক প্ৰভাৱ দেখিবলৈ পোৱা - নাই।


ইফালে যোৱা মাহত ফেব্ৰুৱাৰীৰ পৰা মুদ্রাস্ফীতি আটাইতকৈ বেছি পর্যায়ত আছে। ট্রাম্পে বাজেটত স্বাস্থ্য বিষয়ক সাহায্য কৰ্তন কৰাৰ ফলত ১ কোটি ১৮ লাখ অধিক আমেৰিকান বীমাবিহীন হ'ব। আনহাতে এই বাজেটৰ ফলত ৰাষ্ট্ৰীয় ধাৰত যোগ হ'ব ৩.৩ ট্রিলিয়ন ডলাৰ। উক্ত সমীক্ষাকাৰী সংস্থাই অন্তর্ভুক্ত কৰা অৰ্থনীতি, চৰকাৰী ব্যয়, বাণিজ্য, কৰ, প্ৰব্ৰজন, স্বাস্থ্য সেৱা তথা মধ্য প্রাচ্যৰ যুদ্ধত ট্রাম্পে ৫০ শতাংশতকৈ কম অনুমোদন লাভ কৰিছে। কেৱল ৪৩ শতাংশ লোকেহে ট্রাম্পৰ প্ৰব্ৰজন ব্যৱস্থাপনাক সন্মতি জনায়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ