--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় বাতৰিকাকত 'দ্য হিন্দু'ৰ এটা বাতৰিৰ উদ্ধৃতি দি বুধবাৰে কয় যে আৰাৱলী পৰ্বতৰ ১০০ মিটাৰতকৈ কম উচ্চতাৰ এলেকাবোৰৰ যিকোনো অঞ্চলতে খননৰ অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে।

ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় চৰকাৰে আৰাৱলী পৰ্বতমালাৰ বাবে 'ডেথ ৱাৰেণ্ট' আনিছে। এই মন্তব্য কৰিছে কংগ্রেছ সংসদীয় দলৰ নেত্রী ছোনিয়া গান্ধীয়ে। 


কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় বাতৰিকাকত 'দ্য হিন্দু'ৰ এটা বাতৰিৰ উদ্ধৃতি দি বুধবাৰে কয় যে আৰাৱলী পৰ্বতৰ ১০০ মিটাৰতকৈ কম উচ্চতাৰ এলেকাবোৰৰ যিকোনো অঞ্চলতে খননৰ অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে। ছোনিয়া গান্ধীয়ে কয় যে গুজৰাটৰ পৰা ধৰি ৰাজস্থান আৰু হাৰিয়ানালৈকে ব্যাপি থকা আৰাৱলী পর্বতমালাই বছৰ বছৰ ধৰি ভাৰতীয় ভৌগোলিক ইতিহাসত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। 


মোদী চৰকাৰে ইতিমধ্যে অবৈধ খননত বিধ্বস্ত হোৱা আৰাৱলী পর্বতত খননৰ অনুমতি দি পর্বতমালা এলেকাটোৰ বাবে মৃত্যুৰ বাতৰি কঢ়িয়াই আনিছে বুলি ছোনিয়া গান্ধীয়ে অভিযোগ কৰে। ছোনিয়াই কয় যে চৰকাৰে ঘোষণা কৰিছে ১০০ মিটাৰতকৈ কম উচ্চতাৰ এলেকাবোৰত খননত বাধা নাই। এই সিদ্ধান্তই অবৈধ খননকাৰী আৰু মাফিয়াবোৰক খননৰ বাবে মুকলি নিমন্ত্রণ জনোৱা হৈছে বুলি গান্ধীয়ে আক্ষেপ কৰে। 


কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে অভিযোগ কৰে যে চৰকাৰী নীতি নির্ধাৰণত পৰিৱেশৰ প্ৰতি গুৰুতৰভাবে উপেক্ষা কৰা হৈছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণকো চৰকাৰে দুর্বল কৰি পেলাই ছে বুলি গান্ধীয়ে দাবী কৰে। ছোনিয়া গান্ধীয়ে কয় যে পৰিৱেশ সম্বন্ধীয় বিষয়ত আন্তঃচৰকাৰী সমন্বয় ব্যৱস্থাৰ সৈতে কেন্দ্রীয় চৰকাৰে কাম কৰিব লাগে। দিল্লী আৰু এন চি আৰৰ ভয়াৱহ প্ৰদূষণৰ বিষয়টোও উল্লেখ কৰে ছোনিয়া গান্ধীয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ