--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় বাতৰিকাকত 'দ্য হিন্দু'ৰ এটা বাতৰিৰ উদ্ধৃতি দি বুধবাৰে কয় যে আৰাৱলী পৰ্বতৰ ১০০ মিটাৰতকৈ কম উচ্চতাৰ এলেকাবোৰৰ যিকোনো অঞ্চলতে খননৰ অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে।

ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় চৰকাৰে আৰাৱলী পৰ্বতমালাৰ বাবে 'ডেথ ৱাৰেণ্ট' আনিছে। এই মন্তব্য কৰিছে কংগ্রেছ সংসদীয় দলৰ নেত্রী ছোনিয়া গান্ধীয়ে। 


কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় বাতৰিকাকত 'দ্য হিন্দু'ৰ এটা বাতৰিৰ উদ্ধৃতি দি বুধবাৰে কয় যে আৰাৱলী পৰ্বতৰ ১০০ মিটাৰতকৈ কম উচ্চতাৰ এলেকাবোৰৰ যিকোনো অঞ্চলতে খননৰ অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে। ছোনিয়া গান্ধীয়ে কয় যে গুজৰাটৰ পৰা ধৰি ৰাজস্থান আৰু হাৰিয়ানালৈকে ব্যাপি থকা আৰাৱলী পর্বতমালাই বছৰ বছৰ ধৰি ভাৰতীয় ভৌগোলিক ইতিহাসত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। 


মোদী চৰকাৰে ইতিমধ্যে অবৈধ খননত বিধ্বস্ত হোৱা আৰাৱলী পর্বতত খননৰ অনুমতি দি পর্বতমালা এলেকাটোৰ বাবে মৃত্যুৰ বাতৰি কঢ়িয়াই আনিছে বুলি ছোনিয়া গান্ধীয়ে অভিযোগ কৰে। ছোনিয়াই কয় যে চৰকাৰে ঘোষণা কৰিছে ১০০ মিটাৰতকৈ কম উচ্চতাৰ এলেকাবোৰত খননত বাধা নাই। এই সিদ্ধান্তই অবৈধ খননকাৰী আৰু মাফিয়াবোৰক খননৰ বাবে মুকলি নিমন্ত্রণ জনোৱা হৈছে বুলি গান্ধীয়ে আক্ষেপ কৰে। 


কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে অভিযোগ কৰে যে চৰকাৰী নীতি নির্ধাৰণত পৰিৱেশৰ প্ৰতি গুৰুতৰভাবে উপেক্ষা কৰা হৈছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণকো চৰকাৰে দুর্বল কৰি পেলাই ছে বুলি গান্ধীয়ে দাবী কৰে। ছোনিয়া গান্ধীয়ে কয় যে পৰিৱেশ সম্বন্ধীয় বিষয়ত আন্তঃচৰকাৰী সমন্বয় ব্যৱস্থাৰ সৈতে কেন্দ্রীয় চৰকাৰে কাম কৰিব লাগে। দিল্লী আৰু এন চি আৰৰ ভয়াৱহ প্ৰদূষণৰ বিষয়টোও উল্লেখ কৰে ছোনিয়া গান্ধীয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু