--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিষয়াসকলে কয় যে প্রতিটো নাম, প্রতিটো ভৱন আৰু প্ৰতিটো প্রতীকে এতিয়া এক সহজ ধাৰণাৰ ফালে আঙুলিয়ায়- 'চৰকাৰ সেৱাৰ বাবে থাকে।'

ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰীৰ কার্যালয় থকা নতুন ভৱনটোৰ নাম হ'ব 'সেৱাতীৰ্থ'। মঙলবাৰে চৰকাৰে এই কথা জনায়। সম্পূৰ্ণ হোৱাৰ শেষ পৰ্যায়ত থকা এই নতুন ভৱনটো চেন্ট্রেল ভিষ্টা ৰিডেভেলপমেন্ট প্রজেক্টৰ অধীনত 'এগজিকিউটিভ এনক্লেভ' নামে জনাজাত আছিল।


প্রধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উপৰি 'এগজিকিউটিভ এনক্লেভ'ত মন্ত্ৰী পৰিষদৰ সচিবালয়, ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয় আৰু ইণ্ডিয়া হাউছ থাকিব। এই ইণ্ডিয়া হাউছত বিদেশৰ পৰা অহা বিশিষ্ট লোকৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। চৰকাৰী বিবৃতিত কোৱা হয় যে সেৱাৰ মনোভাব প্ৰদৰ্শন কৰা কৰ্মস্থান হ'ব 'সেৱাতীৰ্থ।' বিবৃতি মতে, প্রশাসনৰ ধাৰণা 'সত্তা'ৰ (ক্ষমতা) পৰা 'সেৱা'লৈ সলনি হৈছে।


ইফালে, বিভিন্ন ৰাজ্যৰ ৰাজ্যপালৰ বাসভৱন, 'ৰাজভৱন' আৰু 'ৰাজনিৱাস'ৰ নামো 'লোকভৱন' আৰু 'লোকনিৱাস' কৰা হৈছে। চৰকাৰী বিষয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত প্রশাসনক 'কর্তব্য' আৰু স্বচ্ছতা প্রতিফলন কৰাকৈ নতুন আকাৰ দিয়া হৈছে। বিষয়াসকলে কয় যে প্রতিটো নাম, প্রতিটো ভৱন আৰু প্ৰতিটো প্রতীকে এতিয়া এক সহজ ধাৰণাৰ ফালে আঙুলিয়ায়- 'চৰকাৰ সেৱাৰ বাবে থাকে।'


চৰকাৰে কেন্দ্ৰীয় সচিবালয়ৰ নামো কর্তব্য ভৱনলৈ সলনি কৰিছে। ইফালে, দেশৰ ৰাজ্যপালসকলৰ বাসভৱন ৰাজভবন/ৰাজনিৱাসৰ নাম সলনি কৰাক লৈ প্ৰতিক্রিয়া প্রকাশ কৰিছে তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টালিনে। তেওঁ কয় যে নামৰ সলনিতকৈ মানসিকতা সলনিৰহে প্রয়োজন।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ