--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিষয়াসকলে কয় যে প্রতিটো নাম, প্রতিটো ভৱন আৰু প্ৰতিটো প্রতীকে এতিয়া এক সহজ ধাৰণাৰ ফালে আঙুলিয়ায়- 'চৰকাৰ সেৱাৰ বাবে থাকে।'

ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰীৰ কার্যালয় থকা নতুন ভৱনটোৰ নাম হ'ব 'সেৱাতীৰ্থ'। মঙলবাৰে চৰকাৰে এই কথা জনায়। সম্পূৰ্ণ হোৱাৰ শেষ পৰ্যায়ত থকা এই নতুন ভৱনটো চেন্ট্রেল ভিষ্টা ৰিডেভেলপমেন্ট প্রজেক্টৰ অধীনত 'এগজিকিউটিভ এনক্লেভ' নামে জনাজাত আছিল।


প্রধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উপৰি 'এগজিকিউটিভ এনক্লেভ'ত মন্ত্ৰী পৰিষদৰ সচিবালয়, ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয় আৰু ইণ্ডিয়া হাউছ থাকিব। এই ইণ্ডিয়া হাউছত বিদেশৰ পৰা অহা বিশিষ্ট লোকৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। চৰকাৰী বিবৃতিত কোৱা হয় যে সেৱাৰ মনোভাব প্ৰদৰ্শন কৰা কৰ্মস্থান হ'ব 'সেৱাতীৰ্থ।' বিবৃতি মতে, প্রশাসনৰ ধাৰণা 'সত্তা'ৰ (ক্ষমতা) পৰা 'সেৱা'লৈ সলনি হৈছে।


ইফালে, বিভিন্ন ৰাজ্যৰ ৰাজ্যপালৰ বাসভৱন, 'ৰাজভৱন' আৰু 'ৰাজনিৱাস'ৰ নামো 'লোকভৱন' আৰু 'লোকনিৱাস' কৰা হৈছে। চৰকাৰী বিষয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত প্রশাসনক 'কর্তব্য' আৰু স্বচ্ছতা প্রতিফলন কৰাকৈ নতুন আকাৰ দিয়া হৈছে। বিষয়াসকলে কয় যে প্রতিটো নাম, প্রতিটো ভৱন আৰু প্ৰতিটো প্রতীকে এতিয়া এক সহজ ধাৰণাৰ ফালে আঙুলিয়ায়- 'চৰকাৰ সেৱাৰ বাবে থাকে।'


চৰকাৰে কেন্দ্ৰীয় সচিবালয়ৰ নামো কর্তব্য ভৱনলৈ সলনি কৰিছে। ইফালে, দেশৰ ৰাজ্যপালসকলৰ বাসভৱন ৰাজভবন/ৰাজনিৱাসৰ নাম সলনি কৰাক লৈ প্ৰতিক্রিয়া প্রকাশ কৰিছে তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টালিনে। তেওঁ কয় যে নামৰ সলনিতকৈ মানসিকতা সলনিৰহে প্রয়োজন।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু