--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কিছুমান অঞ্চলত বৰষুণৰ অভাৱত খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ মাজতেই দেশৰ কৃষকসকললৈ আশাৰ বতৰা আনিছে দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ গৱেষকে

ডিজিটেল ডেস্ক : জলবায়ু পৰিৱৰ্তনৰ দৰে পৰিঘটনাৰ বাবে বর্তমান সময়ত দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱ অধিক প্রতিকূল হৈ পৰিছে।


ইয়াৰ বাবেই দেশৰ বিভিন্ন প্ৰান্তৰত প্ৰবল বৰষুণ, আকস্মিক বান, ভূমিস্খলন আদি প্রাকৃতিক দুর্যোগ হৈছে।


আনহাতে, কিছুমান অঞ্চলত বৰষুণৰ অভাৱত খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ মাজতেই দেশৰ কৃষকসকললৈ আশাৰ বতৰা আনিছে দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ গৱেষকে। দেশৰ খৰাংপীড়িত অঞ্চলৰ কৃষকসকলৰ সহায়ক হোৱাকৈ আৰু জলসিঞ্চনৰ প্রয়োজনীয়তা পূৰণ কৰিবলৈ ইণ্ডিয়ান ইনষ্টিটিউট অব্ টেকন'লজী (আই আই টি) বম্বে আৰু পুনেৰ ইণ্ডিয়ান ইনষ্টিটিউট অব্ ট্রপিকেল মেটেৰ'লজীৰ (আই আই টি এম)ৰ গৱেষকসকলে এটা স্মার্ট জলসিঞ্চন পদ্ধতি মুকলি কৰিছে।


মহাৰাষ্ট্ৰৰ নাছিকত পৰীক্ষণ কৰা এই স্মার্ট জলসিঞ্চন পদ্ধতিটো শেহতীয়াকৈ পশ্চিম বংগৰ ১২খন খৰাংপীড়িত অঞ্চলত প্রয়োগ কৰা হৈছে। গৱেষক দলটোৱে প্ৰকাশ কৰা অনুসৰি, এই জলসিঞ্চন পদ্ধতিটোৱে সদ্যহতে পাঁচটা খাদ্য-শস্যৰ বাবে পৰম্পৰাগত জলসিঞ্চন পদ্ধতিৰ তুলনাত ১০-৩০ শতাংশ পানীৰ ব্যৱহাৰ হ্ৰাস কৰাত সহায় কৰিছে। নাছিকত পাইলট প্রজেক্টৰ সময়ত গৱেষকসকলে তথ্য লাভ কৰিছিল যে কিছুমান অভিজ্ঞ কৃষকে তেওঁলোকৰ আঙুৰৰ খেতিত এই পৰম্পৰাগত জলসিঞ্চন পদ্ধতি ব্যৱহাৰ কৰি উপকৃত হৈছিল। কিন্তু যেতিয়া বৰষুণ আহে, তেতিয়া জলসিঞ্চন কৰা খেতিডৰাই ইতিমধ্যেই পানী লাভ কৰে। কিন্তু জলসিঞ্চনৰ পানীখিনি অপচয় হয়। ভূমিৰ তললৈ পানীখিনি শুহি লোৱাৰ ফলত জলসিঞ্চনৰ পানীখিনি অপচয় হয়। এই পানীৰ অপচয় হ্রাস কৰাৰ বাবে এই নতুন স্মার্ট জলসিঞ্চন পদ্ধতি ব্যৱহাৰ কৰে নাছিকৰ কৃষকসকলে আৰু তেওঁলোক উপকৃত হয়। এই নতুন মডেলটোৱে এতিয়া একত্রিতভাৱে আই আই টি এম, পুনেৰ পৰা ১-৩ সপ্তাহৰ পূৰ্বে বতৰৰ আগজাননী লাভ কৰে আৰু উপগ্ৰহৰ দ্বাৰা প্রেৰিত ভূমি আর্দ্রতাৰ ডাটা আই আই টি, বম্বেই প্রস্তুত কৰে আৰু আগতীয়াকৈ তিনি সপ্তাহ পূর্বে খেতিডৰাত জলসিঞ্চনৰ পানীৰ প্ৰয়োজনীয়তাৰ দিশত পূর্বানুমান কৰে।


যদি বৰষুণৰ সম্ভাৱনা নাথাকে, তেনেহ'লে এই পদ্ধতিয়ে জলসিঞ্চনৰ বাবে অনুমোদন দিয়ে। যদি । যদি বৰষুণ আহি মাটিডোখৰ জীপাল কৰি ৰাখে, তেনেহ'লে জলসিঞ্চন পলমকৈ কৰাৰ বাবে পৰামৰ্শ দিয়ে। গৱেষকসকলে পশ্চিম বংগৰ ১২খন জিলাৰ খৰাংপীড়িত অঞ্চল এই পদ্ধতিৰ বাবে বাছি লৈছে। এই অঞ্চলসমূহত ঘাইকৈ মাকৈ, ঘেহু, কুঁহিয়াৰ, বেলিফুল, বাদাম আদি পাঁচটা খাদ্য-শস্যৰ খেতিৰ বাবে এই স্মার্ট জলসিঞ্চন পদ্ধতি প্রয়োগ কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক