--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্রী সিদ্দাৰামাইয়াই।

ডিজিটেল ডেস্কঃ কৰ্ণাটক চৰকাৰে ৰাজ্যখনৰ শিশুসকলৰ বাবে এক ঐতিহাসিক আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।


১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্রী সিদ্দাৰামাইয়াই। আজি ৰাজ্যিক বাজেট উত্থাপন কৰাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ ঘোষণাটো কৰে।


মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে শিশুসকলৰ মাজত মোবাইল ফোন আৰু ছ’চিয়েল মিডিয়াৰ বৰ্ধিত আসক্তিৰ বিৰূপ প্ৰভাৱ ৰোধ কৰিবলৈ চৰকাৰে এই সিদ্ধান্ত লৈছে। তেওঁৰ মতে সামাজিক মাধ্যমৰ অতিমাত্ৰা ব্যৱহাৰে শিশুৰ মানসিক স্বাস্থ্যৰ ক্ষতি কৰিছে। অনলাইন গেমিং আৰু চুটি ভিডিঅ’ৰ নিচাই ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাত ব্যাঘাত জন্মাইছে। মোবাইলৰ পৃথিৱীতে আৱদ্ধ হৈ থকাৰ বাবে শিশুৰ শাৰীৰিক পৰিশ্ৰম আৰু খেল-ধেমালি কমি আহিছে।


এই নিষেধাজ্ঞা ঘোষণা কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে বেংগালুৰুত আয়োজিত উপাচাৰ্য সন্মিলনত বিভিন্ন শিক্ষা বিশেষজ্ঞৰ সৈতে এই বিষয়ত মত বিনিময় কৰিছিল। বিশেষজ্ঞসকলৰ পৰামৰ্শ আৰু বৰ্তমানৰ সামাজিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই আইনী পদক্ষেপ হাতত লৈছে।


বাজেট ভাষণত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে শিশুসকলক ছ’চিয়েল মিডিয়াৰ কুফলৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰে কঠোৰ নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিছে। এই সিদ্ধান্তই ৰাজ্যখনৰ লাখ লাখ কিশোৰ-কিশোৰীৰ জীৱনশৈলীত প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু