--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্রী সিদ্দাৰামাইয়াই।

ডিজিটেল ডেস্কঃ কৰ্ণাটক চৰকাৰে ৰাজ্যখনৰ শিশুসকলৰ বাবে এক ঐতিহাসিক আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।


১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্রী সিদ্দাৰামাইয়াই। আজি ৰাজ্যিক বাজেট উত্থাপন কৰাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ ঘোষণাটো কৰে।


মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে শিশুসকলৰ মাজত মোবাইল ফোন আৰু ছ’চিয়েল মিডিয়াৰ বৰ্ধিত আসক্তিৰ বিৰূপ প্ৰভাৱ ৰোধ কৰিবলৈ চৰকাৰে এই সিদ্ধান্ত লৈছে। তেওঁৰ মতে সামাজিক মাধ্যমৰ অতিমাত্ৰা ব্যৱহাৰে শিশুৰ মানসিক স্বাস্থ্যৰ ক্ষতি কৰিছে। অনলাইন গেমিং আৰু চুটি ভিডিঅ’ৰ নিচাই ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাত ব্যাঘাত জন্মাইছে। মোবাইলৰ পৃথিৱীতে আৱদ্ধ হৈ থকাৰ বাবে শিশুৰ শাৰীৰিক পৰিশ্ৰম আৰু খেল-ধেমালি কমি আহিছে।


এই নিষেধাজ্ঞা ঘোষণা কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে বেংগালুৰুত আয়োজিত উপাচাৰ্য সন্মিলনত বিভিন্ন শিক্ষা বিশেষজ্ঞৰ সৈতে এই বিষয়ত মত বিনিময় কৰিছিল। বিশেষজ্ঞসকলৰ পৰামৰ্শ আৰু বৰ্তমানৰ সামাজিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই আইনী পদক্ষেপ হাতত লৈছে।


বাজেট ভাষণত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে শিশুসকলক ছ’চিয়েল মিডিয়াৰ কুফলৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰে কঠোৰ নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিছে। এই সিদ্ধান্তই ৰাজ্যখনৰ লাখ লাখ কিশোৰ-কিশোৰীৰ জীৱনশৈলীত প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ