--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্রায় ১০ মিলিয়ন (১ কোটি) প্ৰৱাসী ভাৰতীয় উপসাগৰীয় অঞ্চলটোত বিভিন্ন খণ্ডত কৰ্মৰত হৈ আছে।

ডিজিটেল ডেস্ক : ইৰানৰ সৈতে আমেৰিকা-ইজৰাইলৰ ভয়ানক যুদ্ধ চলি থকাৰ মাজতে মধ্য প্রাচ্যৰ বিভিন্ন দেশত থকা প্ৰৱাসী ভাৰতীয়সকললৈ সংকট নামি আহিছে। 


প্রায় ১০ মিলিয়ন (১ কোটি) প্ৰৱাসী ভাৰতীয় উপসাগৰীয় অঞ্চলটোত বিভিন্ন খণ্ডত কৰ্মৰত হৈ আছে। আনহাতে, বৰ্তমানৰ এই পৰিস্থিতিটোৱে বিশেষকৈ মধ্য প্রাচ্যৰ শক্তি খণ্ডত নিয়োজিত থকা ভাৰতীয় প্ৰৱাসী লোকসকলৰ ভৱিষ্যৎ অনিশ্চয়তাৰ দিশত গতি কৰিছে। ইৰানত আমেৰিকা-ইজৰাইলে আক্ৰমণ কৰাৰ পাছত ইৰানে মধ্য প্রাচ্যৰ দেশসমূহত থকা মার্কিন ঘাটিসমূহত ভয়াৱহ আক্রমণ চলাইছে।


ছৌদি আৰব, ইউ এ ই আৰু কাটাৰত থকা তেল শোধনাগাৰবোৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ইৰানে। প্রায় ১ কোটি ভাৰতীয় মধ্য প্রাচ্যত প্রধানকৈ শক্তি খণ্ডত নিয়োজিত হৈ থকাৰ বাবে তেওঁলোকৰ জীৱন-জীৱিকা সংকটাপূৰ্ণ হৈ পৰিছে। আনহাতে ইউ এ ইত ডুবাইসহ বিভিন্ন অঞ্চলত কর্ম সূত্রে ৩৫ লাখ প্ৰৱাসী ভাৰতীয় আছে। এই প্ৰৱাসী ভাৰতীয়সকল স্বদেশলৈ ঘূৰি অহাৰ বাবে উদগ্ৰীৱ হৈ আছে। আনহাতে, পৰিবহণ হাব খ্যাত ডুবাইত হাজাৰ হাজাৰ ভাৰতীয়ই স্বদেশলৈ ঘূৰি অহাৰ বাবে প্রচেষ্টা চলাই আছে। যুদ্ধৰ বাবে আকাশমাৰ্গ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত দৈনিক ২৫০খন বিমানৰ উৰণ বাতিল কৰা হৈছে।


আনহাতে, মধ্য প্রাচ্যৰ দেশবোৰৰ পৰা ভাৰতীয় অর্থনতিত প্ৰভূত অৱদান আগবঢ়াই থকা এইসকল প্ৰৱাসীৰ বাবে চৰকাৰে কি ব্যৱস্থা লয় সেয়া সময়েহে ক'ব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ