--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্রায় ১০ মিলিয়ন (১ কোটি) প্ৰৱাসী ভাৰতীয় উপসাগৰীয় অঞ্চলটোত বিভিন্ন খণ্ডত কৰ্মৰত হৈ আছে।

ডিজিটেল ডেস্ক : ইৰানৰ সৈতে আমেৰিকা-ইজৰাইলৰ ভয়ানক যুদ্ধ চলি থকাৰ মাজতে মধ্য প্রাচ্যৰ বিভিন্ন দেশত থকা প্ৰৱাসী ভাৰতীয়সকললৈ সংকট নামি আহিছে। 


প্রায় ১০ মিলিয়ন (১ কোটি) প্ৰৱাসী ভাৰতীয় উপসাগৰীয় অঞ্চলটোত বিভিন্ন খণ্ডত কৰ্মৰত হৈ আছে। আনহাতে, বৰ্তমানৰ এই পৰিস্থিতিটোৱে বিশেষকৈ মধ্য প্রাচ্যৰ শক্তি খণ্ডত নিয়োজিত থকা ভাৰতীয় প্ৰৱাসী লোকসকলৰ ভৱিষ্যৎ অনিশ্চয়তাৰ দিশত গতি কৰিছে। ইৰানত আমেৰিকা-ইজৰাইলে আক্ৰমণ কৰাৰ পাছত ইৰানে মধ্য প্রাচ্যৰ দেশসমূহত থকা মার্কিন ঘাটিসমূহত ভয়াৱহ আক্রমণ চলাইছে।


ছৌদি আৰব, ইউ এ ই আৰু কাটাৰত থকা তেল শোধনাগাৰবোৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ইৰানে। প্রায় ১ কোটি ভাৰতীয় মধ্য প্রাচ্যত প্রধানকৈ শক্তি খণ্ডত নিয়োজিত হৈ থকাৰ বাবে তেওঁলোকৰ জীৱন-জীৱিকা সংকটাপূৰ্ণ হৈ পৰিছে। আনহাতে ইউ এ ইত ডুবাইসহ বিভিন্ন অঞ্চলত কর্ম সূত্রে ৩৫ লাখ প্ৰৱাসী ভাৰতীয় আছে। এই প্ৰৱাসী ভাৰতীয়সকল স্বদেশলৈ ঘূৰি অহাৰ বাবে উদগ্ৰীৱ হৈ আছে। আনহাতে, পৰিবহণ হাব খ্যাত ডুবাইত হাজাৰ হাজাৰ ভাৰতীয়ই স্বদেশলৈ ঘূৰি অহাৰ বাবে প্রচেষ্টা চলাই আছে। যুদ্ধৰ বাবে আকাশমাৰ্গ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত দৈনিক ২৫০খন বিমানৰ উৰণ বাতিল কৰা হৈছে।


আনহাতে, মধ্য প্রাচ্যৰ দেশবোৰৰ পৰা ভাৰতীয় অর্থনতিত প্ৰভূত অৱদান আগবঢ়াই থকা এইসকল প্ৰৱাসীৰ বাবে চৰকাৰে কি ব্যৱস্থা লয় সেয়া সময়েহে ক'ব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু