--°C
Loading...
Advertisement
Listen to Article
5 min read
80%

In Short

  • লক্ষণীয়ভাৱে গুৱাহাটীৰ পাছত, 'দিৱানা তেৰা ট্যুৰ' ইন্দোৰ, জয়পুৰ আৰু লক্ষ্ণৌলৈ যাত্ৰা কৰিব।

ডিজিটেল ডেস্ক : অসমৰ হাৰ্টথ্র'ব, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্রতি দেখুওৱা সন্মান, মৰম আৰু শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায়ৰ বাবে অসমৰ জনসাধাৰণে দেখুওৱা একতা দেখি অভিভূত হৈ পৰিছে বলিউডৰ খ্যাতনামা শিল্পীসকলো। 


প্রখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰত গুৱাহাটীত তেওঁৰ 'দিৱানা তেৰা ট্যুৰ'ৰ শুভাৰম্ভ কৰিবলগীয়া অনুষ্ঠানৰ প্রাকমুহূর্তত শেহতীয়াকৈ কৰা এক বাৰ্তালাপত জুবিন গাৰ্গক সম্মান জনোৱাৰ বাবে অসমৰ জনসাধাৰণে দেখুওৱা একতা দেখি তেওঁ আৱেগিক হৈ পৰে। বাৰ্তালাপটোত বলিউডৰ জনপ্রিয় সংগীত শিল্পীগৰাকীয়ে এনে সামুহিক মৰম আৰু শ্রদ্ধা তেওঁ পৃথিৱীৰ আন ক'তো দেখা নাই বুলি উল্লেখ কৰি অসমৰ লোকৰ আন্তৰিকতা আৰু সৰল আৱেগৰ বাবেই অসমবাসীৰ সৈতে তেওঁৰ সম্পৰ্ক সংগীতৰ সীমা অতিক্ৰম কৰি গৈছে বুলি উল্লেখ কৰাৰ লগতে যদি তেওঁৰ পুনৰ জনম হয়, তেন্তে তেওঁ তেওঁৰ জন্মস্থান হিচাপে অসমকহে বাছি ল'বলৈ পচন্দ কৰিব বুলি মন্তব্য কৰে। 


বিশেষকৈ বছৰ বছৰ ধৰি ভাৰত আৰু বিশ্বৰ বিভিন্ন স্থানত অনুষ্ঠান পৰিৱেশন কৰি আহিছে যদিও ছনু নিগমৰ গুৱাহাটীত তেওঁৰ পূৰ্বৰ একমাত্র উপস্থিতি আছিল এক বঁটা বিতৰণী সমাৰোহত। সেই একেটা অনুষ্ঠানতে তেওঁ একেলগে অসমৰ প্ৰাণৰ শিল্পী, মহানায়ক জুবিন গাৰ্গৰ সৈতে মঞ্চত কণ্ঠদান কৰিছিল। সেই মধুৰ স্মৃতি আজিও নিজৰ মনত সাঁচি ৰাখিছে বুলি ছনু নিগমে মন্তব্য কৰে। সেয়ে শেহতীয়া বার্তালাপটোত ছনু নিগমে গুৱাহাটীত এই তেওঁৰ ট্যুৰ আৰম্ভ কৰাৰ সিদ্ধান্ত অতি ব্যক্তিগত বুলি উল্লেখ কৰি এই চহৰখন জুবিনৰ স্মৃতিৰ সৈতে তেওঁৰ হৃদয়ত গভীৰভাৱে জড়িত হৈ আছে আৰু জুবিনৰ অকাল বিয়োগত তেওঁৰ ওপৰতো গভীৰ প্ৰভাৱ পেলাইছিল বুলি কয়। উল্লেখযোগ্য যে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এই উদ্বোধনী অনুষ্ঠানটো কেৱল এক কনচাৰ্টৰ আৰম্ভণিতেই সীমাবদ্ধ নাথাকিব। বৰং, অঞ্চলটোক হৃদয়ৰ পৰা ভালপোৱা এজন শিল্পীৰ বাবে ই গভীৰ চিন্তা, আত্মিক সংযোগ আৰু কৃতজ্ঞতা প্রকাশৰ এক বিশেষ মুহূর্ত হৈ উঠিব। শেহতীয়া বছৰবোৰত উত্তৰ-পূব ভাৰত লাইভ সংগীত আৰু সাংস্কৃতিক মহোৎসৱৰ বাবে দেশৰ অন্যতম গতিশীল কেন্দ্র হিচাপে দ্রুতগতিত আত্মপ্রকাশ কৰিছে। অসম আৰু মেঘালয়ত অনুষ্ঠিত কনচাৰ্টসমূহে দেশৰ বৃহৎ সংখ্যক দর্শকক আকর্ষণ কৰিছে। ইয়াৰ ফলত পর্যটন শক্তিশালী হৈছে, নতুন সৃষ্টিশীল জীৱিকাৰ সৃষ্টি হৈছে আৰু অঞ্চলটোক সংগীত অনুভৱৰ বাবে এক সুকীয়া গন্তব্যস্থান হিচাপে প্রতিষ্ঠা কৰিছে। এই গতিশীলতাই উদ্যোগ পর্যবেক্ষকসকলক উত্তৰ-পূবক এক উদীয়মান কনচার্ট অর্থনীতি হিচাপে বৰ্ণনা কৰিবলৈ উৎসাহিত কৰিছে। এই অনুভৱকে প্রতিধ্বনিত কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো অহা বছৰ বা তাৰ পিছৰ বছৰ ছাকিৰাক অসমলৈ আমন্ত্রণ জনাব বিচাৰোঁ বুলি মন্তব্য কৰি সমগ্ৰ ভাৰততে লাইভ কনচাৰ্টৰ যি লহৰ উঠিছে সেয়াই এক সাংস্কৃতিক আন্দোলনক অনুপ্ৰেৰণা যোগাইছে, শৈল্পিক প্ৰকাশৰ পৰিসৰ বহল কৰিছে আৰু চহৰসমূহক সৃজনশীলতাৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাত সহায় কৰিছে বুলি উল্লেখ কৰে। 


লক্ষণীয়ভাৱে গুৱাহাটীৰ পাছত, 'দিৱানা তেৰা ট্যুৰ' ইন্দোৰ, জয়পুৰ আৰু লক্ষ্ণৌলৈ যাত্ৰা কৰিব। গুৱাহাটীৰ অনুষ্ঠানত ছনু নিগমে এক বিশেষভাৱে নির্বাচিত লাইভ অভিজ্ঞতাৰ জৰিয়তে তেওঁৰ আটাইতকৈ জনপ্ৰিয় গীতসমূহ পৰিৱেশন কৰিব। গুৱাহাটীৰ এই অনুষ্ঠানটো অঞ্চলটোৰ প্ৰতি থকা শিল্পীগৰাকীৰ স্মৃতি আৰু মৰমত গভীৰভাৱে শিপাই যোৱা এক আন্তৰিক, নষ্টালজিক সন্ধিয়া হিচাপে বিশেষভাৱে চিহ্নিত হ'ব বুলি অনুৰাগীসকলে আশা প্রকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement