--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসমীয়া সমাজখন পৰ্যবেক্ষণ কৰি থকা সময়ত যিবিলাক আসোঁৱাহ লক্ষ্য কৰা হয় তাৰ ভিত্তিতে চিনেমাখন নিৰ্মাণ কৰা বুলি ব্যক্ত কৰে জাহ্নু বৰুৱাই।

ডিজিটেল ডেস্ক: বিশিষ্ট বোলছবি পৰিচালক জাহ্নু বৰুৱাৰ পৰিচালিত নতুন অসমীয়া চলচ্চিত্ৰ ‘হেৰোৱা ছন্দ’ অহা ২ জানুৱাৰীত মুক্তি দিয়া হ’ব।


এই উপলক্ষ্যে ‘হেৰোৱা ছন্দ’ৰ প্ৰচাৰৰ বাবে বুধবাৰে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত উপস্থিত হয়হি চলচ্চিত্ৰখনৰ পৰিচালক জাহ্নু বৰুৱা, অভিনেতা জয় কাশ্যপসহ একাংশ অভিনেতা-অভিনেত্ৰী।


অসমীয়া সমাজখন পৰ্যবেক্ষণ কৰি থকা সময়ত যিবিলাক আসোঁৱাহ লক্ষ্য কৰা হয় তাৰ ভিত্তিতে চিনেমাখন নিৰ্মাণ কৰা বুলি ব্যক্ত কৰে জাহ্নু বৰুৱাই। চিনেমাখন চাই বিশেষকৈ তৰুণ প্ৰজন্ম উপকৃত হ'ব বুলি আশা কৰিছে পৰিচালকে।


প্ৰচলিত সমাজ ব্যৱস্থাৰ ওপৰতে নিৰ্মাণ কৰা চিনেমাখনত কাম কৰি অতি ভাল লগা বুলি উল্লেখ কৰি সকলোকে চাবলৈ আহ্বান জনায় অভিনেতা জয় কাশ্যপে।


জয় কাশ্যপৰ উপৰিও অমৃতা গগৈ, অৰ্জু বৰুৱা, সুকন্যা ৰাজগুৰু, ড° অৰূপ বৰঠাকুৰসহ বহু ন-পুৰণি শিল্পীয়ে অভিনয় কৰা ‘হেৰোৱা ছন্দ’ৰ প্ৰচাৰৰ সময়ত দুটি গীত, ট্ৰেইলাৰো প্ৰদৰ্শন কৰা হয় শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ চৌহদত।


অন্যহাতে জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল সন্দৰ্ভত সোধাত জয় কাশ্যপৰ মন্তব্য-‘‘জুবিন গাৰ্গে ন্যায় পাবই। ভগৱান তুল্য ব্যক্তি এজনে ন্যায় লাভ কৰিবই। দোষীয়ে শাস্তি পাবই। চৰকাৰে ব্যৱস্থা লৈছে।’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ