--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসমীয়া সমাজখন পৰ্যবেক্ষণ কৰি থকা সময়ত যিবিলাক আসোঁৱাহ লক্ষ্য কৰা হয় তাৰ ভিত্তিতে চিনেমাখন নিৰ্মাণ কৰা বুলি ব্যক্ত কৰে জাহ্নু বৰুৱাই।

ডিজিটেল ডেস্ক: বিশিষ্ট বোলছবি পৰিচালক জাহ্নু বৰুৱাৰ পৰিচালিত নতুন অসমীয়া চলচ্চিত্ৰ ‘হেৰোৱা ছন্দ’ অহা ২ জানুৱাৰীত মুক্তি দিয়া হ’ব।


এই উপলক্ষ্যে ‘হেৰোৱা ছন্দ’ৰ প্ৰচাৰৰ বাবে বুধবাৰে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত উপস্থিত হয়হি চলচ্চিত্ৰখনৰ পৰিচালক জাহ্নু বৰুৱা, অভিনেতা জয় কাশ্যপসহ একাংশ অভিনেতা-অভিনেত্ৰী।


অসমীয়া সমাজখন পৰ্যবেক্ষণ কৰি থকা সময়ত যিবিলাক আসোঁৱাহ লক্ষ্য কৰা হয় তাৰ ভিত্তিতে চিনেমাখন নিৰ্মাণ কৰা বুলি ব্যক্ত কৰে জাহ্নু বৰুৱাই। চিনেমাখন চাই বিশেষকৈ তৰুণ প্ৰজন্ম উপকৃত হ'ব বুলি আশা কৰিছে পৰিচালকে।


প্ৰচলিত সমাজ ব্যৱস্থাৰ ওপৰতে নিৰ্মাণ কৰা চিনেমাখনত কাম কৰি অতি ভাল লগা বুলি উল্লেখ কৰি সকলোকে চাবলৈ আহ্বান জনায় অভিনেতা জয় কাশ্যপে।


জয় কাশ্যপৰ উপৰিও অমৃতা গগৈ, অৰ্জু বৰুৱা, সুকন্যা ৰাজগুৰু, ড° অৰূপ বৰঠাকুৰসহ বহু ন-পুৰণি শিল্পীয়ে অভিনয় কৰা ‘হেৰোৱা ছন্দ’ৰ প্ৰচাৰৰ সময়ত দুটি গীত, ট্ৰেইলাৰো প্ৰদৰ্শন কৰা হয় শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ চৌহদত।


অন্যহাতে জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল সন্দৰ্ভত সোধাত জয় কাশ্যপৰ মন্তব্য-‘‘জুবিন গাৰ্গে ন্যায় পাবই। ভগৱান তুল্য ব্যক্তি এজনে ন্যায় লাভ কৰিবই। দোষীয়ে শাস্তি পাবই। চৰকাৰে ব্যৱস্থা লৈছে।’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু