--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰথমটো ইউনিটত বিজুতিৰ পাছত কালি সফলভাবে দ্বিতীয়টো ইউনিটৰ জৰিয়তে ২৫০ মেগাৱাট বিজুলী উৎপাদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰে এন এইচ পি চিয়ে।

ডিজিটেল ডেস্ক: অসমৰ বিভিন্ন দল-সংগঠনৰ বিৰোধিতাৰ পাছতো এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ কাম অব্যাহত ৰাখি আজি দ্বিতীয়টো ইউনিটৰ দ্বাৰা বিদ্যুৎ উৎপাদন আৰম্ভ কৰিলে। 


প্ৰথমটো ইউনিটত বিজুতিৰ পাছত কালি সফলভাবে দ্বিতীয়টো ইউনিটৰ জৰিয়তে ২৫০ মেগাৱাট বিজুলী উৎপাদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰে এন এইচ পি চিয়ে। ইফালে, নামনি সোৱণশিৰি প্ৰকল্পত বিদ্যুৎ উৎপাদনক আদৰণি জনাইছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। ছ'চিয়েল মিডিয়াযোগে তেওঁ কয়, 'দীর্ঘ প্রতীক্ষিত সোৱণশিৰি নামনি জলবিদ্যুৎ প্রকল্পৰ প্ৰথম পর্যায় আজি আৰম্ভণিৰে কাৰ্যক্ষম হৈছে। এই প্রকল্পই লাখ লাখ লোকৰ বাবে স্বচ্ছ শক্তি উৎপাদন কৰি দেশৰ শক্তি নিৰাপত্তাক এক গুৰুত্বপূৰ্ণ গতি প্রদান কৰিব আৰু আমাৰ বিকাশৰ আকাংক্ষাক অধিক ইন্ধন যোগাব।'


উল্লেখযোগ্য যে বিভিন্ন বেমেজালি আৰু ত্রুটীৰে নিৰ্মাণ কৰা ২০০০ মেগাৱাট শক্তি উৎপাদন সম্পন্ন এই নদী বান্ধটো আৰম্ভ হ'লেও বর্তমান ২৫০ মেগাৱাটৰ অধিক বিদ্যুৎ উৎপাদন কৰিব নোৱাৰে। কিয়নো ৮টা ইউনিটৰ ভিতৰত যি ২টা ইউনিটৰ কাম আৰম্ভ কৰা হৈছে, তাৰো প্ৰথমটো টার্বাইনৰ ৰটাৰৰ বিয়েৰিং ভগাৰ ফলত সেয়া বিকল হৈ আছে। ইফালে, টালি-টোপোলা মাৰি কোনোমতে ২৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হোৱা প্রকল্পটো প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দ্বাৰাই উদ্বোধন কৰিবলৈ এন এইচ পি চি কর্তৃপক্ষই চেষ্টা চলাই আছে যদিও এতিয়াও প্রধানমন্ত্রীৰ কার্যালয়ে সেউজ সংকেত প্ৰদান কৰা নাই। 


মন কৰিবলগীয়া কথা যে ২০০০ মেগাৱাটৰ এই নদী বান্ধটো নিৰ্মাণৰ বাবে ইতিমধ্যে ২৬ হাজাৰ ৭৫ কোটি টকা ব্যয় কৰা হৈছে। কিন্তু ইমান বৃহৎ পৰিমাণৰ ধন ব্যয় কৰাৰ পাছতো প্রকল্পটো নিখুঁতভাবে নির্মাণ নহ'ল। যাৰবাবে সততে প্রকল্পটোত অঘটন ঘটি আছে। এনে পৰিস্থিতিত অতি ভূকম্পন এলেকাত নিৰ্মাণ কৰা প্ৰকল্পটোক লৈ অসমৰ ৰাইজ শংকিত হৈ পৰিছে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement