--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰথমটো ইউনিটত বিজুতিৰ পাছত কালি সফলভাবে দ্বিতীয়টো ইউনিটৰ জৰিয়তে ২৫০ মেগাৱাট বিজুলী উৎপাদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰে এন এইচ পি চিয়ে।

ডিজিটেল ডেস্ক: অসমৰ বিভিন্ন দল-সংগঠনৰ বিৰোধিতাৰ পাছতো এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ কাম অব্যাহত ৰাখি আজি দ্বিতীয়টো ইউনিটৰ দ্বাৰা বিদ্যুৎ উৎপাদন আৰম্ভ কৰিলে। 


প্ৰথমটো ইউনিটত বিজুতিৰ পাছত কালি সফলভাবে দ্বিতীয়টো ইউনিটৰ জৰিয়তে ২৫০ মেগাৱাট বিজুলী উৎপাদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰে এন এইচ পি চিয়ে। ইফালে, নামনি সোৱণশিৰি প্ৰকল্পত বিদ্যুৎ উৎপাদনক আদৰণি জনাইছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। ছ'চিয়েল মিডিয়াযোগে তেওঁ কয়, 'দীর্ঘ প্রতীক্ষিত সোৱণশিৰি নামনি জলবিদ্যুৎ প্রকল্পৰ প্ৰথম পর্যায় আজি আৰম্ভণিৰে কাৰ্যক্ষম হৈছে। এই প্রকল্পই লাখ লাখ লোকৰ বাবে স্বচ্ছ শক্তি উৎপাদন কৰি দেশৰ শক্তি নিৰাপত্তাক এক গুৰুত্বপূৰ্ণ গতি প্রদান কৰিব আৰু আমাৰ বিকাশৰ আকাংক্ষাক অধিক ইন্ধন যোগাব।'


উল্লেখযোগ্য যে বিভিন্ন বেমেজালি আৰু ত্রুটীৰে নিৰ্মাণ কৰা ২০০০ মেগাৱাট শক্তি উৎপাদন সম্পন্ন এই নদী বান্ধটো আৰম্ভ হ'লেও বর্তমান ২৫০ মেগাৱাটৰ অধিক বিদ্যুৎ উৎপাদন কৰিব নোৱাৰে। কিয়নো ৮টা ইউনিটৰ ভিতৰত যি ২টা ইউনিটৰ কাম আৰম্ভ কৰা হৈছে, তাৰো প্ৰথমটো টার্বাইনৰ ৰটাৰৰ বিয়েৰিং ভগাৰ ফলত সেয়া বিকল হৈ আছে। ইফালে, টালি-টোপোলা মাৰি কোনোমতে ২৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হোৱা প্রকল্পটো প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দ্বাৰাই উদ্বোধন কৰিবলৈ এন এইচ পি চি কর্তৃপক্ষই চেষ্টা চলাই আছে যদিও এতিয়াও প্রধানমন্ত্রীৰ কার্যালয়ে সেউজ সংকেত প্ৰদান কৰা নাই। 


মন কৰিবলগীয়া কথা যে ২০০০ মেগাৱাটৰ এই নদী বান্ধটো নিৰ্মাণৰ বাবে ইতিমধ্যে ২৬ হাজাৰ ৭৫ কোটি টকা ব্যয় কৰা হৈছে। কিন্তু ইমান বৃহৎ পৰিমাণৰ ধন ব্যয় কৰাৰ পাছতো প্রকল্পটো নিখুঁতভাবে নির্মাণ নহ'ল। যাৰবাবে সততে প্রকল্পটোত অঘটন ঘটি আছে। এনে পৰিস্থিতিত অতি ভূকম্পন এলেকাত নিৰ্মাণ কৰা প্ৰকল্পটোক লৈ অসমৰ ৰাইজ শংকিত হৈ পৰিছে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু