--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাছিয়াৰ এম আৰ এন এ ভেকচিন মানৱ দেহত কৰা সকলো পৰীক্ষাত সফল হৈছে। পৰীক্ষাৰ সময়ত ভেকচিনৰ সুৰক্ষা আৰু কেঞ্চাৰৰ বিৰুদ্ধে কার্যকাৰিতা প্রমাণিত হৈছে।

ডিজিটেল ডেস্কঃ ৰাছিয়াই কেঞ্চাৰৰ বিৰুদ্ধে যুঁজত এক বৃহৎ সফলতা লাভ কৰা বুলি দাবী কৰিছে। দেশখনৰ ফেডাৰেল মেডিকেল এণ্ড বায় 'লজিকেল এজেন্সিয়ে (এফ এম বি এ) কেঞ্চাৰৰ ভেকচিন প্রস্তুত কৰিছে। এফ এম বি এৰ মুৰব্বী ভেৰনিকা স্কভৰ্টছভাই কয় যে ৰাছিয়া এণ্টিৰ'মিক্স কেঞ্চাৰ ভেকচিন এতিয়া ব্যৱহাৰৰ বাবে সাজু হৈ পৰিছে।


ৰাছিয়াৰ এম আৰ এন এ ভেকচিন মানৱ দেহত কৰা সকলো পৰীক্ষাত সফল হৈছে। পৰীক্ষাৰ সময়ত ভেকচিনৰ সুৰক্ষা আৰু কেঞ্চাৰৰ বিৰুদ্ধে কার্যকাৰিতা প্রমাণিত হৈছে।


এই ভেকচিনৰ প্ৰাৰম্ভিক লক্ষ্য হ'ল কল'ৰেক্টেল কেঞ্চাৰ (কলন কেঞ্চাৰ)। ৰাছিয়াৰ বাতৰি প্ৰতিষ্ঠান টাছে প্রকাশ কৰা অনুসৰি এই কেঞ্চাৰ ভেকচিনে সুন্দৰ প্ৰদৰ্শন কৰিছে। স্কভর্টছভাই কয় যে এই ভেকচিনক লৈ দীর্ঘদিন গৱেষণা কৰা হৈছিল। ইয়াৰে তিনি বছৰ মানৱ দেহত এই ভেকচিনৰ প্ৰভাৱক লৈ পৰীক্ষা কৰা হৈছিল। তেওঁ লগতে কয় যে এই ভেকচিন এতিয়া ব্যৱহাৰৰ বাবে সাজু আৰু তেওঁলোকে আনুষ্ঠানিক স্বীকৃতি লাভৰ অপেক্ষা কৰি আছে। তেওঁ কয় যে গৱেষণাগাৰত মানৱ দেহত কৰা পৰীক্ষাৰ সময়ত এই ভেকচিনৰ সুৰক্ষা, বাৰে বাৰে ব্যৱহাৰ কৰা সত্ত্বেও ইয়াৰ প্ৰভাৱশীলতা নিশ্চিত কৰিছে। গৱেষকসকলে মানৱ দেহত কৰা পৰীক্ষাৰ সময়ত এই ভেকচিন ব্যৱহাৰ কৰাৰ সময়ত টিউমাৰৰ আকাৰ ৬০%ৰ পৰা ৮০% কম হোৱা দেখা পোৱা গৈছিল।


ইয়াৰ লগতে এই ভেকচিনৰ ব্যৱহাৰে মানুহ জীয়াই থকাৰ দৰ বৃদ্ধি হোৱাৰো ইংগিত পোৱা গৈছিল। প্রথম অৱস্থাত এই ভেকচিনৰ লক্ষ্য হ'ল কলন কেঞ্চাৰ। তদুপৰি গ্লিয় 'ব্লাষ্ট'মা (মগজুৰ কেঞ্চাৰ) আৰু বিশেষ প্ৰকাৰৰ মেলানমাৰ ভেকচিনৰ বিকাশৰ দিশতো প্রগতি লাভ কৰা হৈছে। ইয়াৰ ভিতৰত অকুলাৰ মেলানমাও (এক প্ৰকাৰৰ চকুৰ কেঞ্চাৰ) আছে। ভ্লাদিভস্তকত ৩-৬ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা ইষ্টার্ন ইক'নমিক ফৰামৰ বৈঠকত এই কথা প্রকাশ কৰে স্কভৰ্টছভাই। ইয়াত ৭৫খনতকৈ অধিক দেশৰ ৮,৪০০তকৈ অধিক লোকে অংশগ্রহণ কৰে।


ৰাছিয়াই প্ৰস্তুত কৰা এই ভেকচিন এক এম আৰ এন এ ভেকচিন। ইয়াক প্রতিজন ৰোগীৰ আৰ এন এৰ হিচাপত ষ্টিমুলেট কৰা হ'ব। এই ভেকচিনৰ ব্যৱহাৰৰ আনুষ্ঠানিক স্বীকৃতি লাভৰ পাছত কেঞ্চাৰ ৰোগীয়ে কেম'থেৰাপী লোৱাৰ প্ৰয়োজন নহ'ব। উল্লেখযোগ্য যে ব্ৰিটিছ চৰকাৰে জার্মানিৰ বায়'এনটেকৰ সৈতে মিলি কেঞ্চাৰৰ ভেকচিন প্রস্তুতৰ কাম কৰি আছে। আমেৰিকাৰ ফাৰ্মাচিউটিকেল কোম্পানী মাডর্না আৰু মার্কেও ছালৰ কেঞ্চাৰৰ ভেকচিনৰ বিকাশ কৰাৰ কাম কৰি আছে। ব্যৱহাৰৰ আনুষ্ঠানিক স্বীকৃতি লাভৰ পাছতে এই ভেকচিন বজাৰলৈ আহিব বুলি আশা কৰা হৈছে।



উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু