--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাছিয়াৰ এম আৰ এন এ ভেকচিন মানৱ দেহত কৰা সকলো পৰীক্ষাত সফল হৈছে। পৰীক্ষাৰ সময়ত ভেকচিনৰ সুৰক্ষা আৰু কেঞ্চাৰৰ বিৰুদ্ধে কার্যকাৰিতা প্রমাণিত হৈছে।

ডিজিটেল ডেস্কঃ ৰাছিয়াই কেঞ্চাৰৰ বিৰুদ্ধে যুঁজত এক বৃহৎ সফলতা লাভ কৰা বুলি দাবী কৰিছে। দেশখনৰ ফেডাৰেল মেডিকেল এণ্ড বায় 'লজিকেল এজেন্সিয়ে (এফ এম বি এ) কেঞ্চাৰৰ ভেকচিন প্রস্তুত কৰিছে। এফ এম বি এৰ মুৰব্বী ভেৰনিকা স্কভৰ্টছভাই কয় যে ৰাছিয়া এণ্টিৰ'মিক্স কেঞ্চাৰ ভেকচিন এতিয়া ব্যৱহাৰৰ বাবে সাজু হৈ পৰিছে।


ৰাছিয়াৰ এম আৰ এন এ ভেকচিন মানৱ দেহত কৰা সকলো পৰীক্ষাত সফল হৈছে। পৰীক্ষাৰ সময়ত ভেকচিনৰ সুৰক্ষা আৰু কেঞ্চাৰৰ বিৰুদ্ধে কার্যকাৰিতা প্রমাণিত হৈছে।


এই ভেকচিনৰ প্ৰাৰম্ভিক লক্ষ্য হ'ল কল'ৰেক্টেল কেঞ্চাৰ (কলন কেঞ্চাৰ)। ৰাছিয়াৰ বাতৰি প্ৰতিষ্ঠান টাছে প্রকাশ কৰা অনুসৰি এই কেঞ্চাৰ ভেকচিনে সুন্দৰ প্ৰদৰ্শন কৰিছে। স্কভর্টছভাই কয় যে এই ভেকচিনক লৈ দীর্ঘদিন গৱেষণা কৰা হৈছিল। ইয়াৰে তিনি বছৰ মানৱ দেহত এই ভেকচিনৰ প্ৰভাৱক লৈ পৰীক্ষা কৰা হৈছিল। তেওঁ লগতে কয় যে এই ভেকচিন এতিয়া ব্যৱহাৰৰ বাবে সাজু আৰু তেওঁলোকে আনুষ্ঠানিক স্বীকৃতি লাভৰ অপেক্ষা কৰি আছে। তেওঁ কয় যে গৱেষণাগাৰত মানৱ দেহত কৰা পৰীক্ষাৰ সময়ত এই ভেকচিনৰ সুৰক্ষা, বাৰে বাৰে ব্যৱহাৰ কৰা সত্ত্বেও ইয়াৰ প্ৰভাৱশীলতা নিশ্চিত কৰিছে। গৱেষকসকলে মানৱ দেহত কৰা পৰীক্ষাৰ সময়ত এই ভেকচিন ব্যৱহাৰ কৰাৰ সময়ত টিউমাৰৰ আকাৰ ৬০%ৰ পৰা ৮০% কম হোৱা দেখা পোৱা গৈছিল।


ইয়াৰ লগতে এই ভেকচিনৰ ব্যৱহাৰে মানুহ জীয়াই থকাৰ দৰ বৃদ্ধি হোৱাৰো ইংগিত পোৱা গৈছিল। প্রথম অৱস্থাত এই ভেকচিনৰ লক্ষ্য হ'ল কলন কেঞ্চাৰ। তদুপৰি গ্লিয় 'ব্লাষ্ট'মা (মগজুৰ কেঞ্চাৰ) আৰু বিশেষ প্ৰকাৰৰ মেলানমাৰ ভেকচিনৰ বিকাশৰ দিশতো প্রগতি লাভ কৰা হৈছে। ইয়াৰ ভিতৰত অকুলাৰ মেলানমাও (এক প্ৰকাৰৰ চকুৰ কেঞ্চাৰ) আছে। ভ্লাদিভস্তকত ৩-৬ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা ইষ্টার্ন ইক'নমিক ফৰামৰ বৈঠকত এই কথা প্রকাশ কৰে স্কভৰ্টছভাই। ইয়াত ৭৫খনতকৈ অধিক দেশৰ ৮,৪০০তকৈ অধিক লোকে অংশগ্রহণ কৰে।


ৰাছিয়াই প্ৰস্তুত কৰা এই ভেকচিন এক এম আৰ এন এ ভেকচিন। ইয়াক প্রতিজন ৰোগীৰ আৰ এন এৰ হিচাপত ষ্টিমুলেট কৰা হ'ব। এই ভেকচিনৰ ব্যৱহাৰৰ আনুষ্ঠানিক স্বীকৃতি লাভৰ পাছত কেঞ্চাৰ ৰোগীয়ে কেম'থেৰাপী লোৱাৰ প্ৰয়োজন নহ'ব। উল্লেখযোগ্য যে ব্ৰিটিছ চৰকাৰে জার্মানিৰ বায়'এনটেকৰ সৈতে মিলি কেঞ্চাৰৰ ভেকচিন প্রস্তুতৰ কাম কৰি আছে। আমেৰিকাৰ ফাৰ্মাচিউটিকেল কোম্পানী মাডর্না আৰু মার্কেও ছালৰ কেঞ্চাৰৰ ভেকচিনৰ বিকাশ কৰাৰ কাম কৰি আছে। ব্যৱহাৰৰ আনুষ্ঠানিক স্বীকৃতি লাভৰ পাছতে এই ভেকচিন বজাৰলৈ আহিব বুলি আশা কৰা হৈছে।



উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ