--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা বছৰ এই ভেজাল ঘিউৰে তৈয়াৰী লাৰুৰ বিষয়টো পোহৰলৈ অহাৰ পাছতে এই বিষয়ত তদন্ত আৰম্ভ কৰা হৈছিল।

ডিজিটেল ডেস্ক : হিন্দু ধর্মীয় লোকসকলৰ পবিত্র তীর্থস্থলী, তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে ব্যৱহাৰ কৰা লাৰুত ভেজাল ঘিউ ব্যৱহাৰ কৰা ঘটনাই সমগ্র হিন্দু লোকসকলৰ ধর্মীয় আৱেগত আঘাত হানিছিল। তিৰুপতি মন্দিৰৰ পৱিত্ৰ প্ৰসাদৰ বিশুদ্ধতাক লৈও বহু ধর্মপ্রাণ লোকৰ মাজত প্ৰশ্নৰ অৱতাৰণা হৈছে। 


যোৱা বছৰ এই ভেজাল ঘিউৰে তৈয়াৰী লাৰুৰ বিষয়টো পোহৰলৈ অহাৰ পাছতে এই বিষয়ত তদন্ত আৰম্ভ কৰা হৈছিল। এই বিষয়ত কৰা তদন্তত প্রকাশ পাইছে যে তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে পৰিৱেশন কৰা প্ৰায় ২০ কোটি লাৰু ভেজাল ঘিউৰে পৰিৱেশন কৰা হৈছিল। 


তিৰুমালা তিৰুপতি দেৱস্থানমৰ অধ্যক্ষ বি আৰ নাইডুয়ে প্রকাশ কৰা মতে, ২০১৯-২০২৪ বৰ্ষৰ সময়ছোৱাত তিৰুপতি মন্দিৰত ৪৮.৭৬ কোটি লাৰু প্রসাদ হিচাপে আগবঢ়োৱা হৈছিল। শ্রীভেংকটাশ্বৰা মন্দিৰৰ ন্যাসৰক্ষী ব'ৰ্ডৰ (টি টি ডি) অধ্যক্ষজনে কয় যে মন্দিৰত দৈনিক ভক্তৰ আগমন, সামগ্রী ক্ৰয়ৰ হিচাপ, উৎপাদন আৰু বিক্ৰীৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি এই সহজ গণনা কৰা হৈছিল। যোৱা বছৰ পোহৰলৈ অহা প্ৰসাদ ভেজালকৰণৰ ঘটনাটোৱে লাখ লাখ ভক্তব ধর্মীয় আৱেগত আঘাত হানে। কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ (চি বি আই) নেতৃত্বৰ এটা বিশেষ তদন্তকাৰী দলে (এছ আই টি) এই বিষয়টো এতিয়া তদন্ত কৰি আছে। এই এছ আই টিয়ে উদ্ধাৰ কৰিছে যে 'পাম অইল' (তাল জাতীয় তেল) আৰু আন বিষাক্ত উপাদানৰ সৈতে মিশ্ৰণ কৰা ৬৮ লাখ কিল'গ্রাম ভেজাল ঘিউৰে প্রায় ২০ কোটি লাৰু প্রস্তুত কৰা হৈছিল আৰু ইয়াৰ মূল্য আছিল ২৫০ কোটি টকা। এই ভেজাল ঘিউখিনি উত্তৰাখণ্ডৰ ভোলে বাবা ডেইৰী আৰু ইয়াৰ সহযোগী কোম্পানীসমূহে যোগান ধৰিছিল। 


আনহাতে, ২০১৯-২৪ বৰ্ষৰ সময়ছোৱাত প্রায় ১১ কোটি ভক্তই তিৰুপতি মন্দিৰ দর্শনৰ বাবে আহিছিল। আনহাতে, এইটো নির্ধাৰণ কৰিব পৰা হোৱা নাই যে কোন কোন ভক্তই এই ভেজাল ঘিউৰে তৈয়াৰী লাৰু প্রসাদ হিচাপে লৈছিল। তিৰুমালা তিৰুপতি দেৱস্থানম ব'র্ডে স্বীকাৰ কৰিছে যে ভি ভি আই পিসকলৰ বাবে পৰিৱেশন কৰা লাৰুও এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই। আনহাতে, এই সন্দর্ভত টি টি ডিৰ প্রাক্তন অধ্যক্ষ আৰু ৱাই এছ আৰ চি পিৰ প্রাক্তন সাংসদ ৱাই ভি চুব্বা ৰেড্ডীক এছ আই টিয়ে জেৰা কৰিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ