--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা বছৰ এই ভেজাল ঘিউৰে তৈয়াৰী লাৰুৰ বিষয়টো পোহৰলৈ অহাৰ পাছতে এই বিষয়ত তদন্ত আৰম্ভ কৰা হৈছিল।

ডিজিটেল ডেস্ক : হিন্দু ধর্মীয় লোকসকলৰ পবিত্র তীর্থস্থলী, তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে ব্যৱহাৰ কৰা লাৰুত ভেজাল ঘিউ ব্যৱহাৰ কৰা ঘটনাই সমগ্র হিন্দু লোকসকলৰ ধর্মীয় আৱেগত আঘাত হানিছিল। তিৰুপতি মন্দিৰৰ পৱিত্ৰ প্ৰসাদৰ বিশুদ্ধতাক লৈও বহু ধর্মপ্রাণ লোকৰ মাজত প্ৰশ্নৰ অৱতাৰণা হৈছে। 


যোৱা বছৰ এই ভেজাল ঘিউৰে তৈয়াৰী লাৰুৰ বিষয়টো পোহৰলৈ অহাৰ পাছতে এই বিষয়ত তদন্ত আৰম্ভ কৰা হৈছিল। এই বিষয়ত কৰা তদন্তত প্রকাশ পাইছে যে তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে পৰিৱেশন কৰা প্ৰায় ২০ কোটি লাৰু ভেজাল ঘিউৰে পৰিৱেশন কৰা হৈছিল। 


তিৰুমালা তিৰুপতি দেৱস্থানমৰ অধ্যক্ষ বি আৰ নাইডুয়ে প্রকাশ কৰা মতে, ২০১৯-২০২৪ বৰ্ষৰ সময়ছোৱাত তিৰুপতি মন্দিৰত ৪৮.৭৬ কোটি লাৰু প্রসাদ হিচাপে আগবঢ়োৱা হৈছিল। শ্রীভেংকটাশ্বৰা মন্দিৰৰ ন্যাসৰক্ষী ব'ৰ্ডৰ (টি টি ডি) অধ্যক্ষজনে কয় যে মন্দিৰত দৈনিক ভক্তৰ আগমন, সামগ্রী ক্ৰয়ৰ হিচাপ, উৎপাদন আৰু বিক্ৰীৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি এই সহজ গণনা কৰা হৈছিল। যোৱা বছৰ পোহৰলৈ অহা প্ৰসাদ ভেজালকৰণৰ ঘটনাটোৱে লাখ লাখ ভক্তব ধর্মীয় আৱেগত আঘাত হানে। কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ (চি বি আই) নেতৃত্বৰ এটা বিশেষ তদন্তকাৰী দলে (এছ আই টি) এই বিষয়টো এতিয়া তদন্ত কৰি আছে। এই এছ আই টিয়ে উদ্ধাৰ কৰিছে যে 'পাম অইল' (তাল জাতীয় তেল) আৰু আন বিষাক্ত উপাদানৰ সৈতে মিশ্ৰণ কৰা ৬৮ লাখ কিল'গ্রাম ভেজাল ঘিউৰে প্রায় ২০ কোটি লাৰু প্রস্তুত কৰা হৈছিল আৰু ইয়াৰ মূল্য আছিল ২৫০ কোটি টকা। এই ভেজাল ঘিউখিনি উত্তৰাখণ্ডৰ ভোলে বাবা ডেইৰী আৰু ইয়াৰ সহযোগী কোম্পানীসমূহে যোগান ধৰিছিল। 


আনহাতে, ২০১৯-২৪ বৰ্ষৰ সময়ছোৱাত প্রায় ১১ কোটি ভক্তই তিৰুপতি মন্দিৰ দর্শনৰ বাবে আহিছিল। আনহাতে, এইটো নির্ধাৰণ কৰিব পৰা হোৱা নাই যে কোন কোন ভক্তই এই ভেজাল ঘিউৰে তৈয়াৰী লাৰু প্রসাদ হিচাপে লৈছিল। তিৰুমালা তিৰুপতি দেৱস্থানম ব'র্ডে স্বীকাৰ কৰিছে যে ভি ভি আই পিসকলৰ বাবে পৰিৱেশন কৰা লাৰুও এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই। আনহাতে, এই সন্দর্ভত টি টি ডিৰ প্রাক্তন অধ্যক্ষ আৰু ৱাই এছ আৰ চি পিৰ প্রাক্তন সাংসদ ৱাই ভি চুব্বা ৰেড্ডীক এছ আই টিয়ে জেৰা কৰিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু