--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • বুধবাৰে ইউটিউবাৰ ধ্ৰুৱ ৰাথীয়ে টুইটাৰত এটা ভিডিঅ' শ্বেয়াৰ কৰি কিং খানৰ নেট ৱৰ্থ আৰু এবছৰৰ কিমান সম্ভাৱনা খৰচৰ বিষয়ে আলোচনা কৰে।

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ শ্বাহৰূখ খান বিশ্বৰ আটাইতকৈ ধনী অভিনেতা হিচাপে পৰিগণিত হৈছে। অভিনেতাগৰাকীৰ সম্পত্তিৰ পৰিমাণ ১.৪ বিলিয়ন ডলাৰ। 


বুধবাৰে ইউটিউবাৰ ধ্ৰুৱ ৰাথীয়ে টুইটাৰত এটা ভিডিঅ' শ্বেয়াৰ কৰি কিং খানৰ নেট ৱৰ্থ আৰু এবছৰৰ কিমান সম্ভাৱনা খৰচৰ বিষয়ে আলোচনা কৰে।



ভিডিঅ'টোত ধ্ৰুৱ ৰাথীয়ে কৈছে, "শ্বাহৰুখ খান বৰ্তমান কোটিপতি। আপুনি ঠিকেই শুনিছে! বাতৰি অনুসৰি তেওঁৰ সম্পত্তি ১.৪ বিলিয়ন ডলাৰ হৈছেগৈ। ভাৰতীয় মূল্য অনুসৰি সেয়া প্ৰায় ১২,৪০০ কোটি। আপুনি জানেনে সেয়া কিমান টকা? আমি কল্পনা কৰাটোও কঠিন।"


ক'ত খৰচ কৰে তেওঁৰ টকা?


তেওঁ আগলৈ ক'লে শ্বাহৰুখ খানে এই ধন বেংকত ৰাখিলে কিমান সুত উপাৰ্জন কৰিব পাৰে। ৰাথীয়ে আৰু বুজাই দিলে যে শ্বাহৰুখ খানে এবছৰত নিজৰ বিলাসী জীৱনশৈলীৰ বাবে কিমান টকা খৰচ কৰিব পাৰে, যেনে সম্পত্তি কিনা, ব্যক্তিগত জেট বিমান ক্ৰয়,ৰক্ষণাবেক্ষণ আদি । তেওঁ দাবী কৰে যে এই সকলো খৰচৰ পিছতো শ্বাহৰূখ খানৰ হাতত এতিয়াও বহু টকা বাকী থাকিব।


শ্বাহৰূখ খানৰ বাধ্যবাধকতা কি ?


এই সকলোবোৰৰ পিছতে তেওঁ শ্বাহৰুখ খানৰ পান মছলাৰ বিজ্ঞাপনত জড়িত হোৱাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। ভিডিঅ’টোৰ শেষত তেওঁ ছুপাৰষ্টাৰগৰাকীক পান মছলা ব্ৰেণ্ডৰ প্ৰচাৰৰ বাবে প্ৰশ্ন কৰে। ৰাথীয়ে কয়, "শ্বাহৰূখ খানলৈ মোৰ প্ৰশ্ন, ইমান টকা যথেষ্ট নহয়নে? যদি যথেষ্ট হয়, কিয় তেন্তে এতিয়াও পান মছলাৰ দৰে ক্ষতিকাৰক কিবা এটাৰ প্ৰচাৰ কৰিবলৈ বাধ্য হৈছে?"



ধ্ৰুৱ ৰাথীয়ে শ্বাহৰুখ খানক কয় যে তেওঁ পান মছলাৰ বিজ্ঞাপনৰ পৰা উপাৰ্জন কৰা ১০০-২০০ কোটি টকাৰ প্ৰয়োজন নাই। ৰাথীয়ে কয়, "প্ৰশ্নটো হ'ল, আপোনাক আনকি ১০০-২০০ কোটি টকাও অতিৰিক্ত লাগে নেকি? নিজৰ ভিতৰলৈ চাওক আৰু সততাৰে নিজকে এই প্ৰশ্নটো সোধক। এই সকলো টকাৰে আপুনি কি কৰিব? আৰু আনহাতে দেশৰ শীৰ্ষ অভিনেতাই যদি এই ক্ষতিকাৰক সামগ্ৰীৰ প্ৰচাৰ কৰি থাকে, তেন্তে দেশত ইয়াৰ বিৰূপ প্ৰভাৱ নপৰিব নে? এবাৰ ভাৱি চাবচোন "







FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু