--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই পৰুৱাটো উষ্ণমণ্ডলীয় অঞ্চলত পোৱা 'স্পাইনি পৰুৱা' গোটৰ অন্তৰ্ভুক্ত আৰু ভাৰতত এই গোটৰ কেৱল তৃতীয়টো প্রজাতি হিচাপে নথিভুক্ত হৈছে।

ডিজিটেল ডেস্ক : অসমৰ গুৱাহাটীৰ গড়ভাঙা সংৰক্ষিত বনাঞ্চলত Polyrhachis garbhangaensis নামৰ এটা নতুন পৰুৱা প্ৰজাতি আৱিষ্কাৰ কৰা হৈছে। এই আৱিষ্কাৰৰ বিষয়ে যোৱা ৩০ জানুৱাৰীত আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক জার্নেল Asian Myrmecology-ত প্রকাশ পাইছে। গৱেষকসকলে এই প্ৰজাতিটোৰ উৎপত্তিস্থলক সন্মান জনাই ইয়াৰ সাধাৰণ নাম হিচাপে 'অসমীয়া স্পাইনি পৰুৱা' বুলি প্ৰস্তাৱ কৰিছে। 


'বৈজ্ঞানিক নাম garbhangaensis গড়ভাঙা সংৰক্ষিত বনাঞ্চলৰ পৰা উদ্ভৱ হৈছে, য'ত এই প্রজাতিটো প্ৰথমবাৰৰ বাবে সংগ্ৰহ কৰা হৈছিল। এই পৰুৱাটো উষ্ণমণ্ডলীয় অঞ্চলত পোৱা 'স্পাইনি পৰুৱা' গোটৰ অন্তৰ্ভুক্ত আৰু ভাৰতত এই গোটৰ কেৱল তৃতীয়টো প্রজাতি হিচাপে নথিভুক্ত হৈছে। আৱিষ্কাৰটো অসমৰ গুৱাহাটীস্থিত ভেটাপাৰাৰ বাসিন্দা, ধীৰেশ্বৰ শৰ্মা আৰু ভৱানী দেৱীৰ কন্যা অংকিতা শৰ্মাৰ নেতৃত্বত কৰা এক সহযোগিতামূলক গৱেষণা প্ৰচেষ্টাৰ ফল। 


অংকিতা শৰ্মা বেংগালুৰুস্থিত নেশ্যনেল ইনষ্টিটিউট অব্‌ এডভান্সড ষ্টাডিজৰ অন্তিম বৰ্ষৰ পি এইচ ডি গৱেষক। এই গৱেষণাত পল এন্টনি মেংগালি, সুৰজ কুমাৰ সিংহা দেউ আৰু সংগাভী ধনপালেও সমানভাৱে অৱদান আগবঢ়াইছিল। অধ্যয়নটো অধ্যাপক অনিন্দ্য সিন্‌হাৰ তত্ত্বাৱধানত সম্পন্ন কৰা হয়। এই আৱিষ্কাৰে নগৰৰ কাষৰ সৰু আৰু খণ্ডিত বনাঞ্চলসমূহতো অচিনাক্ত জীৱবৈচিত্র্য লুকাই থাকে বুলি স্পষ্ট কৰে আৰু এনে অঞ্চল সংৰক্ষণৰ প্ৰয়োজনীয়তা প্রতিপন্ন কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক