--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • প্রণিধানযোগ্য যে ঐতিহাসিক অসম আন্দোলনৰ প্ৰেক্ষাপটত প্রতিষ্ঠা হোৱা দেশৰ অগ্ৰণী শিক্ষানুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ত ৭২দিনে আন্দোলন চলি আহিছে বিশ্ববিদ্যালয়ৰ বিতর্কিত উপাচাৰ্যৰ অপসাৰণ আৰু ইয়াত সংঘটিত বিভিন্ন দুর্নীতিৰ বিৰুদ্ধে।

ডিজিটেল ডেস্ক : 'এখন বিশ্ববিদ্যালয়ৰ শিক্ষাবিদসকল ভুল তথ্যৰে আগ নাবাঢ়ে। ছাত্র-ছাত্রীসকলে আন্দোলনৰ জৰিয়তে কি ক'বলৈ বিচাৰিছে, তেওঁলোকৰ মনৰ কথা জনাটো প্রয়োজন। শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত প্রতিষ্ঠা হোৱা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতি দায়িত্ব আমাৰ সকলোৰে আছে। অসম সাহিত্য সভাই এই ক্ষেত্ৰত কৰিবলগীয়া সকলোখিনি কৰিব।'-


কালি তেজপুৰ বিশ্ববিদ্যালয়ৰ আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ আগত এইদৰে বক্তব্য ৰাখে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিত বৰাই। ইতিমধ্যে তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্র-শিক্ষক সমাজৰ আন্দোলনে ৭২ দিনত ভৰি থোৱাৰ পাছতো ইয়াৰ সমাধান নোলোৱাত উদ্বিগ্নতা প্রকাশ কৰি বৰাই কয় যে ছাত্র-ছাত্রীসকল যি সময়ত শ্রেণীকোঠাত থাকিব লাগিছিল, সেই সময়ত তেওঁলোকে এইদৰে আন্দোলন কৰিবলগীয়া হৈছে।


ছাত্র-ছাত্রীসকলৰ প্ৰতিদিনৰ মূল্যৱান সময়বোৰ এইদৰে ক্ষতি হোৱাৰ দায়িত্ব বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক মুৰব্বীসকলে ল'বনে বুলি মন্তব্য কৰি প্ৰধান সম্পাদকজনে লগতে ঘোষণা কৰে যে তেজপুৰ বিশ্ববিদ্যালয়ৰ এই পৰিস্থিতি আৰু ইয়াৰ আঁৰৰ কেৰোণ জানিবলৈ অসম সাহিত্য সভাই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে দেশৰ উচ্চ শিক্ষা মন্ত্ৰ্যালয়কে ধৰি সকলো পক্ষৰে যোগাযোগ কৰিব।


উল্লেখযোগ্য যে তেজপুৰ বিশ্ববিদ্যালয়ত আন্দোলনে এতিয়া অৱস্থান ধৰ্মঘটৰ ৰূপ লৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলে পাল প্রতিদিনে নিশাই এই আন্দোলন অব্যাহত ৰাখিছে। বিশ্ববিদ্যালয়খনত এনে পৰিস্থিতিলৈ গতি কৰাৰ সময়ত চৰকাৰ তথা সংশ্লিষ্ট বিভাগসমূহে নীৰৱতা অৱলম্বন কৰাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীসকলৰ কাষ চাপি পৰিস্থিতিৰ বুজ লৈছে আছুৰ প্ৰতিনিধি দলৰ উপৰি অসম সাহিত্য সভাৰ সঁজাতী দলে। তদুপৰি আগমন ঘটিছে একাধিক ৰাজনীতিকৰো।


কালি দিনত অসম সাহিত্য সভাৰ প্রধান সম্পাদক বৰাৰ লগতে অসম সাহিত্য সভাৰ পৰিৱেশ্য কলা উপ-সমিতিৰ সভাপতি চৈয়দ মাৰুফ হুছেইন, প্রাক্তন প্রধান সম্পাদক তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু শিক্ষক গোটৰ আমন্ত্রণক্রমে তথা অসম সাহিত্য সভাৰ সভাপতিৰ নিৰ্দেশ মর্মে বিশ্ববিদ্যালয়খনত চলি থকা প্ৰতিবাদৰ বিষয়ে বুজ ল'বলৈ সাহিত্য সভাৰ প্রতিনিধিৰ দলটো আজি উপস্থিত হয়হি বিশ্ববিদ্যালয়খনত।


প্রতিবাদস্থলীত বৰাই তেওঁৰ বক্তব্যত কয় যে বিগত পাঁচদিন ধৰি বিশ্ববিদ্যালয়খনত বন্ধ হৈ থকা শৈক্ষিক পৰিৱেশ আৰু ইয়াৰ অন্তৰালত থকা কেৰোণ উলিয়াব লাগিব। ব্যাহত শৈক্ষিক পৰিৱেশক লৈ ক্ষোভ প্রকাশ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ পুনৰ নিৰ্মাণ কৰিবলৈ বিশ্ববিদ্যালয়ৰ ঊর্ধ্বতন কর্তৃপক্ষৰ প্রতি আহ্বান জনায়। আনহাতে, অসম সাহিত্য সভাৰ প্রতিনিধি দলটোৰ সৈতে যোৱা অসম সাহিত্য সভাৰ প্ৰাক্তন প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাই প্ৰতিবাদকাৰীসকলৰ সন্মুখত ভাষণ প্ৰদান কৰি উদ্বুদ্ধ কৰে।


প্রণিধানযোগ্য যে ঐতিহাসিক অসম আন্দোলনৰ প্ৰেক্ষাপটত প্রতিষ্ঠা হোৱা দেশৰ অগ্ৰণী শিক্ষানুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ত ৭২দিনে আন্দোলন চলি আহিছে বিশ্ববিদ্যালয়ৰ বিতর্কিত উপাচাৰ্যৰ অপসাৰণ আৰু ইয়াত সংঘটিত বিভিন্ন দুর্নীতিৰ বিৰুদ্ধে। তদুপৰি বিশ্ববিদ্যালয়খনৰ শৈক্ষিক ভৱন আৰু বিশ্ববিদ্যালয়ৰ প্রশাসনিক বিভাগসমূহ যোৱা পাঁচদিনে বন্ধ কৰি দিছে প্রতিবাদী যৌথ মঞ্চই।


আনহাতে, দেওবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্রতিনিধি দলো উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰ সকলো কথাৰ বুজ লোৱাৰ লগতে প্রতিবাদী ভাষণেৰে অতি শীঘ্রেই দুর্নীতিগ্রস্ত উপাচাৰ্যক অপসাৰণ কৰিবলৈ দাবী জনায়। সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি নিতুল বৰা, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নয়নজ্যোতি গগৈ, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথ, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰূপ তালুকদাৰ, তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেৱাঞ্জন বিকাশ পাঠক আদি উপস্থিত হৈ বিশ্ববিদ্যালয়খনৰ শিক্ষার্থী-শিক্ষক আৰু কৰ্মচাৰীসকলে ধাৰাবাহিকভাৱে চলাই অহা আন্দোলনলৈ সম্পূর্ণ সহযোগিতা আগবঢ়োৱা হ'ব বুলি মন্তব্য কৰি ঐতিহাসিক অসম আন্দোলনৰ ফলশ্রুতিত গঢ়ি উঠা বিশ্ববিদ্যালয়খনৰ এনে পৰিস্থিতি সদৌ অসম ছাত্র সন্থাই কেতিয়াও সহ্য কৰি নাথাকে বুলি মন্তব্য কৰি এই প্রতিবাদ বিশ্ববিদ্যালয়ৰ ভিতৰৰ পৰা বাহিৰলৈ প্রয়োজন হ'লে উলিয়াই নিয়া হ'ব বুলি মন্তব্য কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement