--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • তেওঁ কিশোৰজনৰ হাতৰ পৰা বৈ অহা তেজ পান কৰি থকা অৱস্থাত ধৰা পৰে।

ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ দামোহ জিলাত এক বিৰল আৰু অতি ভয়ংকৰ হত্যাকাণ্ডই সমগ্ৰ দেশ কঁপাই গৈছে।


এগৰাকী ৪৬ বছৰীয়া লোকে এজন ১৬ বছৰীয়া কিশোৰক অতি নৃশংসভাৱে হত্যা কৰাই নহয়, বৰঞ্চ ভুক্তভোগীৰ মঙহ খোৱা আৰু তেজ পান কৰাৰ দৰে লোমহৰ্ষক কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। 


অভিযুক্তৰ নাম গুড্ডা পেটেল বুলি চিনাক্ত কৰা হৈছে, যি নিজ পত্নীক হত্যা কৰাৰ অপৰাধত কাৰাগাৰত আছিল আৰু মাত্ৰ কেইসপ্তাহমান পূৰ্বেহে জামিনত মুক্তি পাইছিল।


আৰক্ষীৰ সূত্ৰ অনুসৰি, সমন্না গাঁৱৰ নিবাসী গুড্ডা পেটেলে বৃহস্পতিবাৰে অৰ্থখেড়া গাঁৱৰ এজন ১৬ বছৰীয়া কিশোৰক আক্ৰমণ কৰে। কিশোৰজনে সমন্না গাঁৱত থকা নিজ ভনীয়েকৰ ঘৰলৈ আহিছিল আৰু মটৰ চাইকেলেৰে উভতি যোৱাৰ সময়তে গুড্ডাই তেওঁক বাট আগচি ধৰে। অভিযুক্তজনে পোনপ্ৰথমে এটা লোহাৰে আৰু তাৰ পিছত এটা গধুৰ হাতুৰীৰে কিশোৰজনক উপৰ্যুপৰি আঘাত কৰে। আক্ৰমণ ইমানেই তীব্ৰ আছিল যে থিতাতে কিশোৰজনৰ মৃত্যু হয়।


উল্লেখ্য যে কিশোৰজনৰ চিঞৰ শুনি গাঁৱৰ মানুহ যেতিয়া ঘটনাস্থলীত উপস্থিত হয়, তেতিয়া তেওঁলোকে এক বীভৎস দৃশ্য প্ৰত্যক্ষ কৰে। গাঁৱৰ ৰাইজৰ অভিযোগ অনুসৰি অভিযুক্ত পেটেলে মৃত কিশোৰজনৰ মূৰৰ পৰা মগজু উলিয়াই ভক্ষণ কৰি আছিল।


তেওঁ কিশোৰজনৰ হাতৰ পৰা বৈ অহা তেজ পান কৰি থকা অৱস্থাত ধৰা পৰে।


যেতিয়া ৰাইজে তেওঁক ধৰিবলৈ চেষ্টা কৰে, পেটেলে হাতুৰীৰে তেওঁলোকক আক্ৰমণ কৰাৰ ভাবুকি দি ওচৰৰে এখন পথাৰলৈ পলাই যায়। গাঁৱৰ ৰাইজে তেওঁক ঘেৰি ধৰি শিলগুটি নিক্ষেপ কৰে আৰু অৱশেষত আৰক্ষীয়ে প্ৰায় এঘণ্টাৰ জোৰদাৰ অভিযানৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।



আৰক্ষীৰ তথ্য অনুসৰি, গুড্ডা পেটেল এজন পূৰ্বৰ দাগী অপৰাধী। কেইবছৰমান পূৰ্বে তেওঁ নিজ পত্নীৰ ডিঙি কাটি হত্যা কৰাৰ বাবে দোষী সাব্যস্ত হৈছিল। ২০২৬ চনৰ জানুৱাৰী মাহতহে তেওঁ কাৰাগাৰৰ পৰা মুক্তি পাইছিল। জেলৰ পৰা ওলাই অহাৰ মাত্ৰ কেইদিনমানৰ পাছতে পুনৰ এনে এক পাশৱিক কাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


আৰক্ষীয়ে বৰ্তমান কিশোৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু কি উদ্দেশ্যে এই হত্যাকাণ্ড সংঘটিত কৰা হৈছে, সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ভুক্তভোগী পৰিয়ালে অভিযুক্তৰ বাবে মৃত্যুদণ্ডৰ দাবী জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ