--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • তেওঁ কিশোৰজনৰ হাতৰ পৰা বৈ অহা তেজ পান কৰি থকা অৱস্থাত ধৰা পৰে।

ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ দামোহ জিলাত এক বিৰল আৰু অতি ভয়ংকৰ হত্যাকাণ্ডই সমগ্ৰ দেশ কঁপাই গৈছে।


এগৰাকী ৪৬ বছৰীয়া লোকে এজন ১৬ বছৰীয়া কিশোৰক অতি নৃশংসভাৱে হত্যা কৰাই নহয়, বৰঞ্চ ভুক্তভোগীৰ মঙহ খোৱা আৰু তেজ পান কৰাৰ দৰে লোমহৰ্ষক কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। 


অভিযুক্তৰ নাম গুড্ডা পেটেল বুলি চিনাক্ত কৰা হৈছে, যি নিজ পত্নীক হত্যা কৰাৰ অপৰাধত কাৰাগাৰত আছিল আৰু মাত্ৰ কেইসপ্তাহমান পূৰ্বেহে জামিনত মুক্তি পাইছিল।


আৰক্ষীৰ সূত্ৰ অনুসৰি, সমন্না গাঁৱৰ নিবাসী গুড্ডা পেটেলে বৃহস্পতিবাৰে অৰ্থখেড়া গাঁৱৰ এজন ১৬ বছৰীয়া কিশোৰক আক্ৰমণ কৰে। কিশোৰজনে সমন্না গাঁৱত থকা নিজ ভনীয়েকৰ ঘৰলৈ আহিছিল আৰু মটৰ চাইকেলেৰে উভতি যোৱাৰ সময়তে গুড্ডাই তেওঁক বাট আগচি ধৰে। অভিযুক্তজনে পোনপ্ৰথমে এটা লোহাৰে আৰু তাৰ পিছত এটা গধুৰ হাতুৰীৰে কিশোৰজনক উপৰ্যুপৰি আঘাত কৰে। আক্ৰমণ ইমানেই তীব্ৰ আছিল যে থিতাতে কিশোৰজনৰ মৃত্যু হয়।


উল্লেখ্য যে কিশোৰজনৰ চিঞৰ শুনি গাঁৱৰ মানুহ যেতিয়া ঘটনাস্থলীত উপস্থিত হয়, তেতিয়া তেওঁলোকে এক বীভৎস দৃশ্য প্ৰত্যক্ষ কৰে। গাঁৱৰ ৰাইজৰ অভিযোগ অনুসৰি অভিযুক্ত পেটেলে মৃত কিশোৰজনৰ মূৰৰ পৰা মগজু উলিয়াই ভক্ষণ কৰি আছিল।


তেওঁ কিশোৰজনৰ হাতৰ পৰা বৈ অহা তেজ পান কৰি থকা অৱস্থাত ধৰা পৰে।


যেতিয়া ৰাইজে তেওঁক ধৰিবলৈ চেষ্টা কৰে, পেটেলে হাতুৰীৰে তেওঁলোকক আক্ৰমণ কৰাৰ ভাবুকি দি ওচৰৰে এখন পথাৰলৈ পলাই যায়। গাঁৱৰ ৰাইজে তেওঁক ঘেৰি ধৰি শিলগুটি নিক্ষেপ কৰে আৰু অৱশেষত আৰক্ষীয়ে প্ৰায় এঘণ্টাৰ জোৰদাৰ অভিযানৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।



আৰক্ষীৰ তথ্য অনুসৰি, গুড্ডা পেটেল এজন পূৰ্বৰ দাগী অপৰাধী। কেইবছৰমান পূৰ্বে তেওঁ নিজ পত্নীৰ ডিঙি কাটি হত্যা কৰাৰ বাবে দোষী সাব্যস্ত হৈছিল। ২০২৬ চনৰ জানুৱাৰী মাহতহে তেওঁ কাৰাগাৰৰ পৰা মুক্তি পাইছিল। জেলৰ পৰা ওলাই অহাৰ মাত্ৰ কেইদিনমানৰ পাছতে পুনৰ এনে এক পাশৱিক কাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


আৰক্ষীয়ে বৰ্তমান কিশোৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু কি উদ্দেশ্যে এই হত্যাকাণ্ড সংঘটিত কৰা হৈছে, সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ভুক্তভোগী পৰিয়ালে অভিযুক্তৰ বাবে মৃত্যুদণ্ডৰ দাবী জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু