--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মুখ্যমন্ত্রী দেৱেন্দ্র ফড়নৱিচে কয় যে তেনে মিত্রতা দলৰ নেতৃত্বই অনুমোদন জনোৱা নাই আৰু ই নিয়মানুৱর্তিতা উলংঘন কৰিছে।

ডিজিটেল ডেস্ক: চকু কপালত উঠোৱা ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতিত। একপ্ৰকাৰে বাঘে-ছাগে একে ঘাটতে পানী খোৱা ঘটনা। ৰাজ্যখনৰ দুটা পৌৰ পৰিষদত (কাউন্সিল) নির্বাচনৰ পাছত শাসক বিজেপিয়ে মিত্ৰতা কৰিছে চিৰশত্ৰু কংগ্ৰেছ আৰু আছাদুদ্দিন অ'ৱেছী নেতৃত্বাধীন অল ইণ্ডিয়া মজলিছ-এ-ইত্তেহাদুল মুছলিমীন (এ আই এম আই এম)ৰ সৈতে।


আনহাতে, এই মিত্রতাত শাসক দলকে ধৰি বিৰোধী দলৰ ৰাজ্যিক নেতৃত্ব ক্ষুব্ধ হৈ পৰিছে। উক্ত মিত্ৰতাৰ পাছতে কংগ্রেছে নতুনকৈ নিৰ্বাচিত ১২জন পাৰিষদক নিলম্বন কৰে। মুখ্যমন্ত্রী দেৱেন্দ্র ফড়নৱিচে কয় যে তেনে মিত্রতা দলৰ নেতৃত্বই অনুমোদন জনোৱা নাই আৰু ই নিয়মানুৱর্তিতা উলংঘন কৰিছে। 


ইফালে ৰাজ্যখনত বিজেপিৰ মিত্ৰ দল শিৱ সেনাই (সিন্ধে) ইয়াক 'মিত্রতা ধর্ম'ত বিশ্বাসঘাতকতা বুলি অভিহিত কৰে। যোৱা ২০ ডিচেম্বৰত পৌৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত মিত্র দল একনাথ সিন্ধে নেতৃত্বাধীন শিৱ সেনাক একাষৰীয়া কৰি বিজেপিয়ে অম্বৰনাথ পৌৰ পৰিষদ গঠনৰ বাবে চিৰশত্রু কংগ্ৰেছ আৰু অজিত পাৱাৰ নেতৃত্বাধীন নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এন চি পি) সৈতে মিত্ৰতা কৰে। এই মিত্রজোঁটৰ নাম দিয়ে 'অম্বৰনাথ বিকাশ অঘাড়ী'। অম্বৰনাথৰ নিৰ্বাচনত ৬০জনীয়া পৰিষদত শিৱ সেনাই (সিন্ধে) ২৭খন আসন লাভ কৰিছিল আৰু সংখ্যাগৰিষ্ঠতাৰ বাবে মাত্র চাৰিখন আসনৰ প্ৰয়োজন আছিল। কিন্তু পৰিষদ গঠনৰ বাবে ১৪খন আসন পোৱা বিজেপিয়ে ১২খন আসন পোৱা কংগ্ৰেছকে ধৰি আন দলৰ সৈতে মিত্ৰতা কৰে। 


আনহাতে আকোলা জিলাৰ আকোট পৌৰ পৰিষদ গঠনৰ বাবে বিজেপিয়ে একেধৰণে এ আই এম আই এম আৰু অন্য দলৰ সৈতে মিত্রতা কৰে। আকোটত বিজেপিয়ে এ আই এম আই এম, শিৱ সেনা, উদ্ধৱ থাকৰেৰ শিৱ সেনা, এন চি পি, শাৰদ পাৱাৰৰ এন চি পি আদিৰ সৈতে 'আকোট বিকাশ মঞ্চ' নামৰ মিত্রজোঁট গঠন কৰে। আকোটৰ নির্বাচনত ৩৫জনীয়া পৰিষদত বিজেপিয়ে লাভ কৰে ১১খন আসন। কিন্তু বিৰোধীকে ধৰি মিত্রদলৰ সৈতে এই নতুন মিত্রতা 'আকোট বিকাশ মঞ্চ'ৰ পাৰিষদৰ সংখ্যা ২৫জন হয়গৈ। ইয়াত বিৰোধী পক্ষত থকা কংগ্ৰেছৰ ৬ আৰু বঞ্চিত বহুজন অঘাড়ীৰ পাৰিষদৰ সংখ্যা হৈছে ২।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ