--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ঝাঁচীৰ ববীনা থানা অঞ্চলৰ খৈলাৰ গাঁৱৰ বাসিন্দা শৈলেন্দ্ৰ নামৰ এজন যুৱকৰ বিবাহ যোৱা ১৯ ফেব্ৰুৱাৰীত মসীহা গঞ্জৰ এগৰাকী যুৱতীৰ সৈতে সম্পন্ন হৈছিল।

ডিজিটেল ডেস্ক: 'প্ৰেম এজনৰ সৈতে, বিবাহ আন এজনৰ সৈতে'— চিনেমাৰ কাহিনী যেন লগা এই ঘটনা বাস্তৱত ঘটিছে উত্তৰ প্ৰদেশৰ ঝাঁচীত।


মুখ্যমন্ত্ৰী সামূহিক বিবাহ আঁচনিৰ জৰিয়তে বিবাহপাশত আৱদ্ধ হোৱাৰ মাত্ৰ কেইদিনমানৰ পিছতেই চৰকাৰী অনুদানৰ ধন লাভ কৰি এতিয়া এগৰাকী কইনা নিজৰ প্ৰেমিকৰ সৈতে পলায়ন কৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।



ঝাঁচীৰ ববীনা থানা অঞ্চলৰ খৈলাৰ গাঁৱৰ বাসিন্দা শৈলেন্দ্ৰ নামৰ এজন যুৱকৰ বিবাহ যোৱা ১৯ ফেব্ৰুৱাৰীত মসীহা গঞ্জৰ এগৰাকী যুৱতীৰ সৈতে সম্পন্ন হৈছিল। উত্তৰ প্ৰদেশ চৰকাৰৰ 'মুখ্যমন্ত্ৰী সামূহিক বিবাহ আঁচনি'ৰ অধীনত সকলো ধৰ্মীয় নীতি-নিয়ম আৰু চৰকাৰী সাক্ষীৰ উপস্থিতিত তেওঁলোকৰ বিয়া হৈছিল।



বিবাহৰ পিছত কইনা পক্ষই জনাইছিল যে ২৫ এপ্ৰিলত এটা অভ্যৰ্থনা অনুষ্ঠান পাতি কইনাক স্থায়ীভাৱে বিদায় দিয়া হ'ব। সেই অনুসৰি কইনা নিজৰ পিতৃগৃহতে আছিল। কিন্তু অভিযোগ মতে কইনাগৰাকীৰ লক্ষ্য আছিল কেৱল চৰকাৰী অনুদানৰ ধন।


যোৱা ১০ বা ১১ মাৰ্চত সামূহিক বিবাহ আঁচনিৰ অধীনত পোৱা ৬০,০০০ টকা কইনাৰ বেংক একাউণ্টত জমা হোৱাৰ লগে লগেই তেওঁ নিজৰ প্ৰেমিকৰ সৈতে ঘৰৰ পৰা পলায়ন কৰে।


অসহায় স্বামীৰ ন্যায় বিচাৰি হাহাকাৰ


পত্নী নিখোজ হোৱাৰ খবৰ পাই স্বামী শৈলেন্দ্ৰই শহুৰেকৰ ঘৰত যোগাযোগ কৰে যদিও তাত তেওঁক জনোৱা হয় যে যুৱতীগৰাকী ইতিমধ্যে ঘৰৰ পৰা পলাই গৈছে আৰু তেওঁলোকে আৰক্ষীক খবৰ দিছে। 


শৈলেন্দ্ৰৰ অভিযোগ অনুসৰি,পত্নীয়ে তেওঁৰ পৰা মোবাইল আৰু বহু উপহাৰ লৈছিল।বিয়াৰ পৰা পলোৱা লৈকে তেওঁ এবাৰো আন কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ আভাস দিয়া নাছিল। বৰ্তমান শৈলেন্দ্ৰই হাতত বিবাহৰ প্ৰমাণ পত্ৰ (Marriage Certificate) লৈ আৰক্ষীৰ ওচৰত ন্যায় বিচাৰি ঘূৰি ফুৰিছে। চৰকাৰী আঁচনিৰ ধন লৈ এনেদৰে প্ৰতাৰণা কৰা কাৰ্যই এতিয়া চৰকাৰী বিভাগসমূহৰো চকু কপালত তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ