--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ঝাঁচীৰ ববীনা থানা অঞ্চলৰ খৈলাৰ গাঁৱৰ বাসিন্দা শৈলেন্দ্ৰ নামৰ এজন যুৱকৰ বিবাহ যোৱা ১৯ ফেব্ৰুৱাৰীত মসীহা গঞ্জৰ এগৰাকী যুৱতীৰ সৈতে সম্পন্ন হৈছিল।

ডিজিটেল ডেস্ক: 'প্ৰেম এজনৰ সৈতে, বিবাহ আন এজনৰ সৈতে'— চিনেমাৰ কাহিনী যেন লগা এই ঘটনা বাস্তৱত ঘটিছে উত্তৰ প্ৰদেশৰ ঝাঁচীত।


মুখ্যমন্ত্ৰী সামূহিক বিবাহ আঁচনিৰ জৰিয়তে বিবাহপাশত আৱদ্ধ হোৱাৰ মাত্ৰ কেইদিনমানৰ পিছতেই চৰকাৰী অনুদানৰ ধন লাভ কৰি এতিয়া এগৰাকী কইনা নিজৰ প্ৰেমিকৰ সৈতে পলায়ন কৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।



ঝাঁচীৰ ববীনা থানা অঞ্চলৰ খৈলাৰ গাঁৱৰ বাসিন্দা শৈলেন্দ্ৰ নামৰ এজন যুৱকৰ বিবাহ যোৱা ১৯ ফেব্ৰুৱাৰীত মসীহা গঞ্জৰ এগৰাকী যুৱতীৰ সৈতে সম্পন্ন হৈছিল। উত্তৰ প্ৰদেশ চৰকাৰৰ 'মুখ্যমন্ত্ৰী সামূহিক বিবাহ আঁচনি'ৰ অধীনত সকলো ধৰ্মীয় নীতি-নিয়ম আৰু চৰকাৰী সাক্ষীৰ উপস্থিতিত তেওঁলোকৰ বিয়া হৈছিল।



বিবাহৰ পিছত কইনা পক্ষই জনাইছিল যে ২৫ এপ্ৰিলত এটা অভ্যৰ্থনা অনুষ্ঠান পাতি কইনাক স্থায়ীভাৱে বিদায় দিয়া হ'ব। সেই অনুসৰি কইনা নিজৰ পিতৃগৃহতে আছিল। কিন্তু অভিযোগ মতে কইনাগৰাকীৰ লক্ষ্য আছিল কেৱল চৰকাৰী অনুদানৰ ধন।


যোৱা ১০ বা ১১ মাৰ্চত সামূহিক বিবাহ আঁচনিৰ অধীনত পোৱা ৬০,০০০ টকা কইনাৰ বেংক একাউণ্টত জমা হোৱাৰ লগে লগেই তেওঁ নিজৰ প্ৰেমিকৰ সৈতে ঘৰৰ পৰা পলায়ন কৰে।


অসহায় স্বামীৰ ন্যায় বিচাৰি হাহাকাৰ


পত্নী নিখোজ হোৱাৰ খবৰ পাই স্বামী শৈলেন্দ্ৰই শহুৰেকৰ ঘৰত যোগাযোগ কৰে যদিও তাত তেওঁক জনোৱা হয় যে যুৱতীগৰাকী ইতিমধ্যে ঘৰৰ পৰা পলাই গৈছে আৰু তেওঁলোকে আৰক্ষীক খবৰ দিছে। 


শৈলেন্দ্ৰৰ অভিযোগ অনুসৰি,পত্নীয়ে তেওঁৰ পৰা মোবাইল আৰু বহু উপহাৰ লৈছিল।বিয়াৰ পৰা পলোৱা লৈকে তেওঁ এবাৰো আন কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ আভাস দিয়া নাছিল। বৰ্তমান শৈলেন্দ্ৰই হাতত বিবাহৰ প্ৰমাণ পত্ৰ (Marriage Certificate) লৈ আৰক্ষীৰ ওচৰত ন্যায় বিচাৰি ঘূৰি ফুৰিছে। চৰকাৰী আঁচনিৰ ধন লৈ এনেদৰে প্ৰতাৰণা কৰা কাৰ্যই এতিয়া চৰকাৰী বিভাগসমূহৰো চকু কপালত তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু