--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • ককাদেউতা নাতি আৰু হাতী ২ৰ পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক বিশ্বজিৎ বৰাই। এখন সংবাদমেলত বুধবাৰে প্রযোজক ৰিণিকি ভূঞা শর্মাই এই ছবিখনত ৮০ৰ দশকৰ পৰা আৰম্ভ কৰি বর্তমানলৈ অসমীয়া চিনেমাৰ কিংবদন্তি আৰু নতুন প্ৰজন্মৰ তাৰকাসকলক একেখন পর্দাত একেলগে প্ৰথমবাৰৰ বাবে দেখা পোৱা যাব বুলি প্রকাশ কৰেঅসমীয়া ছবি উদ্যোগত ৮০ৰ দশকত আলোড়নৰ সৃষ্টি ব্লক বাষ্টাৰ ছবিখনৰ ছিকুৱেল 'ককাদেউতা নাতি আৰু হাতী ২' অহা ২১ নৱেম্বৰত ৰাজ্যৰ ছবিগৃহলৈ আহিব।

ডিজিটেল ডেস্ক : এটা সম্পূৰ্ণ প্ৰজন্মৰ শৈশৱক এক নষ্টালজিক সময় দিয়া 'ককাদেউতা নাতি আৰু হাতী' ছবিখনে এক নতুন গতি আৰু এক নতুন ৰূপ লাভ কৰিছে।


অসমীয়া ছবি উদ্যোগত ৮০ৰ দশকত আলোড়নৰ সৃষ্টি ব্লক বাষ্টাৰ ছবিখনৰ ছিকুৱেল 'ককাদেউতা নাতি আৰু হাতী ২' অহা ২১ নৱেম্বৰত ৰাজ্যৰ ছবিগৃহলৈ আহিব।


সময়ে গৰকা ছবিখনৰ সৈতে সংযুক্ত কাহিনীৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে প্রযোজনা কৰা ছবিখনৰ বুধবাৰে প'ষ্টাৰ, ল'গ' আৰু ছবিগৃহত মুক্তি প্রদানৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰে ছবিখনৰ প্ৰযোজক তথা প্রযোজনা প্রতিষ্ঠানটোৰ চি এম ডি ৰিণিকি ভূঞা শর্মাই।


ককাদেউতা নাতি আৰু হাতী ২ৰ পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক বিশ্বজিৎ বৰাই। এখন সংবাদমেলত বুধবাৰে প্রযোজক ৰিণিকি ভূঞা শর্মাই এই ছবিখনত ৮০ৰ দশকৰ পৰা আৰম্ভ কৰি বর্তমানলৈ অসমীয়া চিনেমাৰ কিংবদন্তি আৰু নতুন প্ৰজন্মৰ তাৰকাসকলক একেখন পর্দাত একেলগে প্ৰথমবাৰৰ বাবে দেখা পোৱা যাব বুলি প্রকাশ কৰে। তেওঁ ছবিখনত প্রাঞ্জল শইকীয়া, তপন দাস, আদিল হুছেইন, যতীন বৰা, উৎপল দাস, প্রস্তুতি পৰাশৰ, প্ৰীতি কংকনা, পংকজ মহন্ত, সিদ্ধান্ত কলিতা, শ্রেয়া বৰঠাকুৰ আৰু দেৱজিত মজুমদাৰৰ দৰে বহু তাৰকা শিল্পীয়ে অভিনয় কৰিছে বুলি প্রকাশ কৰে।


ভাস্কৰ হাজৰিকাৰ কাহিনীৰে নিৰ্মাণ কৰা ছিকুৱেলখনৰ চিত্রনাট্য ৰচনা কৰিছে প্রদীপ দৈমাৰী আৰু শ্বেতা ভেংকটৰ সম্পাদনাই ইয়াক প্রাণৱন্ত ৰূপ দিয়া বুলিও তেওঁ কয়। তেওঁ কয় যে ২০১০ চনৰ এখন বিহু উৎসৱৰ অনুষ্ঠানত অসমৰ একাংশ শিল্পী, কলা-কুশলীৰ সৈতে কৰা আলোচনাৰ পাছত প্রাইড ইষ্ট এণ্টাৰটেইনমেন্টে মৃতপ্রায় অসমীয়া ছবি উদ্যোগটোক পুনৰুজ্জীৱিত কৰাৰ বাবে প্ৰয়াস কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। তাৰ পাছৰ বছৰতে প্রসিদ্ধ পৰিচালক মুনীন বৰুৱাৰ পৰিচালনাৰে ব্লক বাষ্টাৰ ছবি 'ৰামধেনু' নিৰ্মাণ কৰা বুলি তেওঁ কয়।


২০২১ চনত 'পৰিচয়' নামৰ আন এখন কলাত্মক ছবি নিৰ্মাণ কৰাৰ কথা সদৰী কৰি এই ছবিখনে জয়পুৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত শ্রেষ্ঠ মহিলা ছবিৰ সন্মানকে ধৰি একাধিক বঁটা লাভ কৰা বুলি তেওঁ কয়। ৰাজ্যিক বঁটাও লাভ কৰিছিল পৰিচয় ছবিখনে। তাৰ পাছতে এইবছৰ শেহতীয়া শ্রেষ্ঠ প্রযুক্তি আৰু দেশৰ সকলো প্ৰান্তৰ শ্ৰেষ্ঠ কাৰিকৰী দিশৰ মানুহক লগত লৈ নতুন ৰূপত ককাদেউতা নাতি আৰু হাতী ২ ছবিখন নির্মাণ কৰা বুলি ৰিণিকি ভূঞা শৰ্মাই প্রকাশ কৰে। এই ছবিখন পূৰ্বৰ ছবিখনৰ ৰিমেক নহয়, ছিকুৱেল বুলি স্পষ্ট কৰি তেওঁ এই ছিকুৱেলত আৰু এখন ছবি নির্মাণ কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে। ছবিখনক শ্রেষ্ঠ ছবি হিচাপে গঢ়ি তুলিবৰ বাবে চেষ্টাৰ কোনো ত্রুটি ৰখা নাই বুলিও তেওঁ প্রকাশ কৰে। আনহাতে, প্রথম ছবিখনৰ চৰিত্ৰবোৰক নতুন দৃষ্টিভংগীৰে পুনৰ আগুৱাই নিয়াৰ চেষ্টা কৰা বুলিও তেওঁ কয়। কাহিনীটো এনেদৰে উপস্থাপন কৰা হৈছে, যাতে দুয়োখন ছবিৰ মাজত এক সংযোগ থাকে আৰু এই ছবিখন এখন সম্পূর্ণ পেকেজ হ'ব বুলিও তেঁও আশা প্রকাশ কৰে।


প্ৰাইড ইষ্টৰ ভাইচ চেয়াৰমেন ছৈয়দ জাৰিৰ হুছেইনে প্রকাশ কৰে যে অসমীয়া ছবি উদ্যোগলৈ ক্ৰমাৎ ভাল দিন ঘূৰি আহিছে। দর্শকে ছবিগৃহলৈ গৈ অসমীয়া ছবি চাবলৈ লৈছে। এই কার্যই উদ্যোগটোৰ সৈতে জড়িত লোকসকলক উৎসাহিত কৰা বুলিও তেওঁ কয়। তেওঁ ককাদেউতা নাতি আৰু হাতী ২ৰ শ্বুটিং ইতিমধ্যে শেষ হোৱা বুলি উল্লেখ কৰি সম্প্ৰতি প'ষ্ট প্রডাকশ্যনৰ কাম কৰি থকা বুলি সদৰী কৰে। ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰাই এই ছবিখন তেওঁৰ জীৱনলৈ ছাৰপ্ৰাইজ হৈ অহা বুলি প্রকাশ কৰে। ছবিখন অসমৰ এটা সাংস্কৃতিক আন্দোলন হ'ব বুলি তেওঁ আশা প্রকাশ কৰে।


ছবিখনে দৰ্শকৰ সঁহাৰি লাভ কৰাৰ আশা প্রকাশ কৰি তেওঁ কয় যে শুটিঙৰ সময়তো সকলো স্থানতে স্থানীয় জনতাই তেওঁলোকক ব্যাপক সঁহাৰি দিছিল। ছবিখনৰ সংগীত পৰিচালক নথকাৰ কথা সদৰী কৰি প্রতিটো গীতেই বেলেগ বেলেগ লোকে কম্প'জ আৰু পৰিচালনা কৰা বুলি কয়।


উল্লেখযোগ্য যে ছবিখনৰ শব্দগ্রহণ অমৃত প্রীতমৰ আৰু ছাউণ্ড ডিজাইন দেৱজিৎ চাংমাইৰ। আৱহ সংগীত অজয় সিংহৰ। দ্বীপেন বৰুৱা, তৰালি শৰ্মা, জয়, এৰিকা এন, অৰূপজ্যোতি বৰুৱা, নাহিদ আফ্রিন আৰু প্ৰবীণ বৰাই ছবিখনৰ গীতত কণ্ঠদান কৰিছে। নৃত্য পৰিচালনা কৰিছে দাক্ষিণাত্যৰ প্ৰখ্যাত কৰিঅ'গ্ৰাফাৰ শেৰিফ আৰু পংকজ ইংতিয়ে। এক্সন পৰিচালক ৰাজেশ কন্নানৰ। ইয়াত সমন্বয় হৈছে উন্নত প্রযুক্তি আৰু সৃষ্টিশীলতাৰ। অসমীয়া ভাষাত মুক্তি পাবলগীয়া ছবিখন পৰৱৰ্তী পৰ্যায়ত অন্য ভাষাতো নিৰ্মাণৰ চিন্তা-চৰ্চা কৰাৰ লগতে অ' টি টি প্লেটফৰ্মতো প্ৰচাৰৰ চেষ্টা কৰা হ'ব। ছবিখনৰ দৈর্ঘ্য ২ ঘণ্টা ৩০ মিনিটৰ বুলি প্রযোজনা গোষ্ঠীয়ে প্রকাশ কৰে।



উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ