--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • ককাদেউতা নাতি আৰু হাতী ২ৰ পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক বিশ্বজিৎ বৰাই। এখন সংবাদমেলত বুধবাৰে প্রযোজক ৰিণিকি ভূঞা শর্মাই এই ছবিখনত ৮০ৰ দশকৰ পৰা আৰম্ভ কৰি বর্তমানলৈ অসমীয়া চিনেমাৰ কিংবদন্তি আৰু নতুন প্ৰজন্মৰ তাৰকাসকলক একেখন পর্দাত একেলগে প্ৰথমবাৰৰ বাবে দেখা পোৱা যাব বুলি প্রকাশ কৰেঅসমীয়া ছবি উদ্যোগত ৮০ৰ দশকত আলোড়নৰ সৃষ্টি ব্লক বাষ্টাৰ ছবিখনৰ ছিকুৱেল 'ককাদেউতা নাতি আৰু হাতী ২' অহা ২১ নৱেম্বৰত ৰাজ্যৰ ছবিগৃহলৈ আহিব।

ডিজিটেল ডেস্ক : এটা সম্পূৰ্ণ প্ৰজন্মৰ শৈশৱক এক নষ্টালজিক সময় দিয়া 'ককাদেউতা নাতি আৰু হাতী' ছবিখনে এক নতুন গতি আৰু এক নতুন ৰূপ লাভ কৰিছে।


অসমীয়া ছবি উদ্যোগত ৮০ৰ দশকত আলোড়নৰ সৃষ্টি ব্লক বাষ্টাৰ ছবিখনৰ ছিকুৱেল 'ককাদেউতা নাতি আৰু হাতী ২' অহা ২১ নৱেম্বৰত ৰাজ্যৰ ছবিগৃহলৈ আহিব।


সময়ে গৰকা ছবিখনৰ সৈতে সংযুক্ত কাহিনীৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে প্রযোজনা কৰা ছবিখনৰ বুধবাৰে প'ষ্টাৰ, ল'গ' আৰু ছবিগৃহত মুক্তি প্রদানৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰে ছবিখনৰ প্ৰযোজক তথা প্রযোজনা প্রতিষ্ঠানটোৰ চি এম ডি ৰিণিকি ভূঞা শর্মাই।


ককাদেউতা নাতি আৰু হাতী ২ৰ পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক বিশ্বজিৎ বৰাই। এখন সংবাদমেলত বুধবাৰে প্রযোজক ৰিণিকি ভূঞা শর্মাই এই ছবিখনত ৮০ৰ দশকৰ পৰা আৰম্ভ কৰি বর্তমানলৈ অসমীয়া চিনেমাৰ কিংবদন্তি আৰু নতুন প্ৰজন্মৰ তাৰকাসকলক একেখন পর্দাত একেলগে প্ৰথমবাৰৰ বাবে দেখা পোৱা যাব বুলি প্রকাশ কৰে। তেওঁ ছবিখনত প্রাঞ্জল শইকীয়া, তপন দাস, আদিল হুছেইন, যতীন বৰা, উৎপল দাস, প্রস্তুতি পৰাশৰ, প্ৰীতি কংকনা, পংকজ মহন্ত, সিদ্ধান্ত কলিতা, শ্রেয়া বৰঠাকুৰ আৰু দেৱজিত মজুমদাৰৰ দৰে বহু তাৰকা শিল্পীয়ে অভিনয় কৰিছে বুলি প্রকাশ কৰে।


ভাস্কৰ হাজৰিকাৰ কাহিনীৰে নিৰ্মাণ কৰা ছিকুৱেলখনৰ চিত্রনাট্য ৰচনা কৰিছে প্রদীপ দৈমাৰী আৰু শ্বেতা ভেংকটৰ সম্পাদনাই ইয়াক প্রাণৱন্ত ৰূপ দিয়া বুলিও তেওঁ কয়। তেওঁ কয় যে ২০১০ চনৰ এখন বিহু উৎসৱৰ অনুষ্ঠানত অসমৰ একাংশ শিল্পী, কলা-কুশলীৰ সৈতে কৰা আলোচনাৰ পাছত প্রাইড ইষ্ট এণ্টাৰটেইনমেন্টে মৃতপ্রায় অসমীয়া ছবি উদ্যোগটোক পুনৰুজ্জীৱিত কৰাৰ বাবে প্ৰয়াস কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। তাৰ পাছৰ বছৰতে প্রসিদ্ধ পৰিচালক মুনীন বৰুৱাৰ পৰিচালনাৰে ব্লক বাষ্টাৰ ছবি 'ৰামধেনু' নিৰ্মাণ কৰা বুলি তেওঁ কয়।


২০২১ চনত 'পৰিচয়' নামৰ আন এখন কলাত্মক ছবি নিৰ্মাণ কৰাৰ কথা সদৰী কৰি এই ছবিখনে জয়পুৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত শ্রেষ্ঠ মহিলা ছবিৰ সন্মানকে ধৰি একাধিক বঁটা লাভ কৰা বুলি তেওঁ কয়। ৰাজ্যিক বঁটাও লাভ কৰিছিল পৰিচয় ছবিখনে। তাৰ পাছতে এইবছৰ শেহতীয়া শ্রেষ্ঠ প্রযুক্তি আৰু দেশৰ সকলো প্ৰান্তৰ শ্ৰেষ্ঠ কাৰিকৰী দিশৰ মানুহক লগত লৈ নতুন ৰূপত ককাদেউতা নাতি আৰু হাতী ২ ছবিখন নির্মাণ কৰা বুলি ৰিণিকি ভূঞা শৰ্মাই প্রকাশ কৰে। এই ছবিখন পূৰ্বৰ ছবিখনৰ ৰিমেক নহয়, ছিকুৱেল বুলি স্পষ্ট কৰি তেওঁ এই ছিকুৱেলত আৰু এখন ছবি নির্মাণ কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে। ছবিখনক শ্রেষ্ঠ ছবি হিচাপে গঢ়ি তুলিবৰ বাবে চেষ্টাৰ কোনো ত্রুটি ৰখা নাই বুলিও তেওঁ প্রকাশ কৰে। আনহাতে, প্রথম ছবিখনৰ চৰিত্ৰবোৰক নতুন দৃষ্টিভংগীৰে পুনৰ আগুৱাই নিয়াৰ চেষ্টা কৰা বুলিও তেওঁ কয়। কাহিনীটো এনেদৰে উপস্থাপন কৰা হৈছে, যাতে দুয়োখন ছবিৰ মাজত এক সংযোগ থাকে আৰু এই ছবিখন এখন সম্পূর্ণ পেকেজ হ'ব বুলিও তেঁও আশা প্রকাশ কৰে।


প্ৰাইড ইষ্টৰ ভাইচ চেয়াৰমেন ছৈয়দ জাৰিৰ হুছেইনে প্রকাশ কৰে যে অসমীয়া ছবি উদ্যোগলৈ ক্ৰমাৎ ভাল দিন ঘূৰি আহিছে। দর্শকে ছবিগৃহলৈ গৈ অসমীয়া ছবি চাবলৈ লৈছে। এই কার্যই উদ্যোগটোৰ সৈতে জড়িত লোকসকলক উৎসাহিত কৰা বুলিও তেওঁ কয়। তেওঁ ককাদেউতা নাতি আৰু হাতী ২ৰ শ্বুটিং ইতিমধ্যে শেষ হোৱা বুলি উল্লেখ কৰি সম্প্ৰতি প'ষ্ট প্রডাকশ্যনৰ কাম কৰি থকা বুলি সদৰী কৰে। ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰাই এই ছবিখন তেওঁৰ জীৱনলৈ ছাৰপ্ৰাইজ হৈ অহা বুলি প্রকাশ কৰে। ছবিখন অসমৰ এটা সাংস্কৃতিক আন্দোলন হ'ব বুলি তেওঁ আশা প্রকাশ কৰে।


ছবিখনে দৰ্শকৰ সঁহাৰি লাভ কৰাৰ আশা প্রকাশ কৰি তেওঁ কয় যে শুটিঙৰ সময়তো সকলো স্থানতে স্থানীয় জনতাই তেওঁলোকক ব্যাপক সঁহাৰি দিছিল। ছবিখনৰ সংগীত পৰিচালক নথকাৰ কথা সদৰী কৰি প্রতিটো গীতেই বেলেগ বেলেগ লোকে কম্প'জ আৰু পৰিচালনা কৰা বুলি কয়।


উল্লেখযোগ্য যে ছবিখনৰ শব্দগ্রহণ অমৃত প্রীতমৰ আৰু ছাউণ্ড ডিজাইন দেৱজিৎ চাংমাইৰ। আৱহ সংগীত অজয় সিংহৰ। দ্বীপেন বৰুৱা, তৰালি শৰ্মা, জয়, এৰিকা এন, অৰূপজ্যোতি বৰুৱা, নাহিদ আফ্রিন আৰু প্ৰবীণ বৰাই ছবিখনৰ গীতত কণ্ঠদান কৰিছে। নৃত্য পৰিচালনা কৰিছে দাক্ষিণাত্যৰ প্ৰখ্যাত কৰিঅ'গ্ৰাফাৰ শেৰিফ আৰু পংকজ ইংতিয়ে। এক্সন পৰিচালক ৰাজেশ কন্নানৰ। ইয়াত সমন্বয় হৈছে উন্নত প্রযুক্তি আৰু সৃষ্টিশীলতাৰ। অসমীয়া ভাষাত মুক্তি পাবলগীয়া ছবিখন পৰৱৰ্তী পৰ্যায়ত অন্য ভাষাতো নিৰ্মাণৰ চিন্তা-চৰ্চা কৰাৰ লগতে অ' টি টি প্লেটফৰ্মতো প্ৰচাৰৰ চেষ্টা কৰা হ'ব। ছবিখনৰ দৈর্ঘ্য ২ ঘণ্টা ৩০ মিনিটৰ বুলি প্রযোজনা গোষ্ঠীয়ে প্রকাশ কৰে।



উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
ৰঙাপৰাৰ ৰাবাৰবিল গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ,হাতীয়ে ভাঙিলে চাৰিটা বাসগৃহ, আতংকিত স্থানীয় ৰাইজ
৭২ বছৰীয়া দৰা, ২৭ বছৰীয়া কইনা; জোধপুৰত হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ ইউক্ৰেইনৰ বাসিন্দা
১ নৱেম্বৰৰ পৰা দশম শ্ৰেণীৰ শিক্ষার্থীলৈ 'প্ৰেৰণা', মাহে ৩০০ টকাকৈ ছমাহ লাভ কৰিব ধন
গুৱাহাটী বিশ্ববিদ্যালয়ত পোনপ্রথমবাৰৰ বাবে এবিভিপিৰ দাবীত স্নাতক আৰু বি. টেক.ৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিলে ভোটাধিকাৰ
বানৰ কবলত গহপুৰ, বিশ্বনাথ, চাৰিদুৱাৰ, ব্ৰহ্মাজান, ছত্ৰং নৈৰ মথাউৰি ছিগি বিস্তীর্ণ অঞ্চল প্লাৱিত
আগষ্টত আই চি চিৰ শ্ৰেষ্ঠ খেলুৱৈ মহম্মদ ছিৰাজ
চিতাত মুখাগ্নি কৰাৰ পূৰ্বে জী উঠিল মহিলা! পৰিয়ালৰ মাজত হাহাকাৰ
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ ; আজি ফাইনেলত যুঁজিব নীৰজ চোপ্ৰা আৰু আৰ্ছাদ নাদীম
ধিঙত ভয়ংকৰ দুৰ্ঘটনা! স্কুটীত প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাকৰ; ভাতৃ-ভগ্নীৰ অৱস্থা সংকটজনক
দিশা পাটানীৰ ঘৰত গুলীচালনা কৰা দুয়োজন আৰক্ষীৰ এনকাউণ্টাৰত নিহত ; গেংষ্টাৰ ৰোহিত গোদাৰাৰ ভাবুকি