--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অহা ২২ আগষ্টত ৰাজ্যত মুক্তি লাভ কৰিবলগীয়া অসমীয়া চলচ্ছিত্র 'যোদ্ধা'ৰ ট্ৰেইলাৰটো অলপতে মহানগৰীৰ হোটেল সুনীল গ্রেণ্ডত মুকলি কৰা হয়।

ডিজিটেল ডেস্ক : অহা ২২ আগষ্টত ৰাজ্যত মুক্তি লাভ কৰিবলগীয়া অসমীয়া চলচ্ছিত্র 'যোদ্ধা'ৰ ট্ৰেইলাৰটো অলপতে মহানগৰীৰ হোটেল সুনীল গ্রেণ্ডত মুকলি কৰা হয়।


অসমৰ বহুকেইগৰাকী প্রতিষ্ঠিত শিল্পীৰ উপস্থিতিত ট্ৰেইলাৰটো মুকলি কৰে জনপ্রিয় শিল্পী জুবিন গার্গে। ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ছবিখনৰ বিষয়বস্তু সন্দর্ভত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত পৰিচালক তথা ছবিখনৰ চিত্রনাট্যকাৰ ভাস্কৰ জে গোস্বামীয়ে কয়-'আমি প্রত্যেকেই নিজৰ নিজৰ কৰ্মক্ষেত্ৰ, সংসাৰৰূপী কুৰুক্ষেত্ৰত একো-একোজন যোদ্ধা। জয়-পৰাজয় বুকুত সামৰি আমি আগবাঢ়ি যাওঁ আৰু আগবাঢ়ি গৈ থাকিব লাগিব। কাৰণ, ৰৈ গ'লে সময়ে ক্ষমা নকৰিব নিশ্চয়। সময় গতিশীল। এয়াই যোদ্ধাৰ মনৰ দৃঢ়তা। এই পটভূমিত ৰচনা কৰা হৈছে প্রেম, বিষাদ আৰু একচনধর্মী ছবিখনৰ কাহিনীভাগ।'


আনহাতে, পৰিমল এণ্টাৰপ্ৰাইজৰ বেনাৰত পৰিমল বিশ্বাস আৰু ৰিমা বিশ্বাসে প্রযোজনা কৰা 'যোদ্ধা'ৰ কাহিনী-চিত্রনাট্য-সংলাপ তথা পৰিচালনা ভাস্কৰ জে গোস্বামীৰ। সংগীত পৰিচালনা কৰিছে জুবিন গার্গে। ছবিখনত সন্নিৱিষ্ট পাঁচটা গীত ৰচনা কৰিছে ক্রমে- জুবিন গাৰ্গ, শশাংক সমীৰ, ৰাহুল গৌতম শর্মা, পুনম নাথ আৰু ভাস্কৰ গোস্বামীয়ে। কণ্ঠদান কৰিছে জুবিন গাৰ্গ, চায়নিকা ভূঞা, সংগীতা হাজৰিকা আৰু ৰাহুল গৌতম শৰ্মাই।


ৰাজস্থান আৰু গোৱাৰ লগতে অসমৰ বিভিন্ন মনোমোহা লোকেচনত ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে অভিজিৎ গগৈয়ে। সম্পাদনা কৰিছে প্রতীম খাউণ্ডে। আৱহ সংগীত মুম্বাইত প্রতিষ্ঠিত অসম সন্তান তপন দত্তৰ। শব্দ সংযোজনা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দেৱজিৎ চাংমাই আৰু অমৃত প্রীতমৰ।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ