--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অহা ২২ আগষ্টত ৰাজ্যত মুক্তি লাভ কৰিবলগীয়া অসমীয়া চলচ্ছিত্র 'যোদ্ধা'ৰ ট্ৰেইলাৰটো অলপতে মহানগৰীৰ হোটেল সুনীল গ্রেণ্ডত মুকলি কৰা হয়।

ডিজিটেল ডেস্ক : অহা ২২ আগষ্টত ৰাজ্যত মুক্তি লাভ কৰিবলগীয়া অসমীয়া চলচ্ছিত্র 'যোদ্ধা'ৰ ট্ৰেইলাৰটো অলপতে মহানগৰীৰ হোটেল সুনীল গ্রেণ্ডত মুকলি কৰা হয়।


অসমৰ বহুকেইগৰাকী প্রতিষ্ঠিত শিল্পীৰ উপস্থিতিত ট্ৰেইলাৰটো মুকলি কৰে জনপ্রিয় শিল্পী জুবিন গার্গে। ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ছবিখনৰ বিষয়বস্তু সন্দর্ভত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত পৰিচালক তথা ছবিখনৰ চিত্রনাট্যকাৰ ভাস্কৰ জে গোস্বামীয়ে কয়-'আমি প্রত্যেকেই নিজৰ নিজৰ কৰ্মক্ষেত্ৰ, সংসাৰৰূপী কুৰুক্ষেত্ৰত একো-একোজন যোদ্ধা। জয়-পৰাজয় বুকুত সামৰি আমি আগবাঢ়ি যাওঁ আৰু আগবাঢ়ি গৈ থাকিব লাগিব। কাৰণ, ৰৈ গ'লে সময়ে ক্ষমা নকৰিব নিশ্চয়। সময় গতিশীল। এয়াই যোদ্ধাৰ মনৰ দৃঢ়তা। এই পটভূমিত ৰচনা কৰা হৈছে প্রেম, বিষাদ আৰু একচনধর্মী ছবিখনৰ কাহিনীভাগ।'


আনহাতে, পৰিমল এণ্টাৰপ্ৰাইজৰ বেনাৰত পৰিমল বিশ্বাস আৰু ৰিমা বিশ্বাসে প্রযোজনা কৰা 'যোদ্ধা'ৰ কাহিনী-চিত্রনাট্য-সংলাপ তথা পৰিচালনা ভাস্কৰ জে গোস্বামীৰ। সংগীত পৰিচালনা কৰিছে জুবিন গার্গে। ছবিখনত সন্নিৱিষ্ট পাঁচটা গীত ৰচনা কৰিছে ক্রমে- জুবিন গাৰ্গ, শশাংক সমীৰ, ৰাহুল গৌতম শর্মা, পুনম নাথ আৰু ভাস্কৰ গোস্বামীয়ে। কণ্ঠদান কৰিছে জুবিন গাৰ্গ, চায়নিকা ভূঞা, সংগীতা হাজৰিকা আৰু ৰাহুল গৌতম শৰ্মাই।


ৰাজস্থান আৰু গোৱাৰ লগতে অসমৰ বিভিন্ন মনোমোহা লোকেচনত ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে অভিজিৎ গগৈয়ে। সম্পাদনা কৰিছে প্রতীম খাউণ্ডে। আৱহ সংগীত মুম্বাইত প্রতিষ্ঠিত অসম সন্তান তপন দত্তৰ। শব্দ সংযোজনা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দেৱজিৎ চাংমাই আৰু অমৃত প্রীতমৰ।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু