--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মিজোৰামৰ পটভূমিত বেম্ব' নৃত্যৰ কাহিনীৰ আলম লৈ নিৰ্মাণ কৰা 'মাও-দ্য স্পীৰিট ড্রীম্‌ অব্ চেৰ” চলচ্চিত্ৰখনে ৭১সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ নন ফিচাৰ শিতানত শ্রেষ্ঠ নৱাগত পৰিচালক (ডেবিউ) স্বর্ণকমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

ডিজিটেল ডেস্ক : প্ৰকৃতিৰ লগত মানুহৰ সম্পৰ্ক গৱেষণাত্মক দৃষ্টিৰে হৃদয়ংগম কৰি অভিনয় শিল্পৰ জৰিয়তে সাকাৰ ৰূপ প্ৰদান কৰি ৰাষ্ট্ৰীয় বঁটা আঁজুৰি আনিবলৈ সক্ষম হৈছে যোৰহাটৰ বিশিষ্ট নৃত্য পটীয়সী, চলচ্চিত্ৰ পৰিচালক শিল্পীকা বৰদলৈয়ে।


মিজোৰামৰ পটভূমিত বেম্ব' নৃত্যৰ কাহিনীৰ আলম লৈ নিৰ্মাণ কৰা 'মাও-দ্য স্পীৰিট ড্রীম্‌ অব্ চেৰ” চলচ্চিত্ৰখনে ৭১সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ নন ফিচাৰ শিতানত শ্রেষ্ঠ নৱাগত পৰিচালক (ডেবিউ) স্বর্ণকমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। বেম্ব' নৃত্য কিয় কৰে, এই কাহিনীটো সূক্ষ্মভাৱে গৱেষণাত্মক দৃষ্টিভংগীৰে ছবিখন নিৰ্মাণ কৰিছে শিল্পীকা বৰদলৈয়ে।


মিজো ভাষাত মাও শব্দৰ অৰ্থ হৈছে বাঁহ আৰু চেৰ' হৈছে নৃত্য। নৃত্যটোৰ আঁৰত থকা কাহিনীক উপজীব্য হিচাপে লৈ কৰা ছবিখনৰ পৰিচালনা শিল্পীকা বৰদলৈৰ। নতুন কলাত্মক দৃষ্টিৰে নিজা সৃষ্টিৰে অভিনয় কৰা কথাছবিখনত মিজো নৃত্য দলে বেম্ব' নৃত্যটো কৰিছে।


বাঁহ আৰু মানুহৰ সম্পৰ্কক কলাত্মক ৰূপ দি প্ৰকৃতিক অনুধাৱন কৰা ছবিখনে কঢ়িয়াই আনিলে ৰাষ্ট্ৰীয় বঁটা। পৰীক্ষামূলকভাৱে প্ৰথমবাৰ নিৰ্মাণ কৰা ছবিখনে ৰাষ্ট্ৰীয় পর্যায়ত উজলিবলৈ সক্ষম হয়। যোৰহাটৰ কাকতি গাঁও নিৱাসী অভিযন্তা গিৰীশ চন্দ্ৰ বৰদলৈ আৰু সাৱিত্ৰী বৰদলৈৰ কন্যা শিল্পীকা বৰদলৈয়ে তিনি বছৰ বয়সৰে পৰা নৃত্য শিক্ষা গ্রহণ কৰি নৃত্যৰ জৰিয়তে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে।


২০১৫ চনতে সংগীত নাটক অকাদেমিৰ ওস্তাদ বিচমিল্লা খাঁ যুৱ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল শিল্পীকা বৰদলৈয়ে। যোৰহাটৰ এন আই ডি, এন এছ ডি দিল্লীত অতিথি ফেকাল্টি হিচাপে দায়িত্ব পালন কৰি অহা শিল্পীগৰাকীয়ে নৃত্য-অভিনয় ক্ষেত্ৰখনত নিজা দৃষ্টিভংগীৰে দীর্ঘদিনৰ পৰা কাম কৰি দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে।


ব্রহ্মপুত্র কালচাৰেল ফাউণ্ডেশ্যনৰ জন্ম দি যোৰহাট, মাজুলী, গোলাঘাট, গুৱাহাটীত চাৰিটাকৈ শাখা খুলি নৃত্য শিল্পীগৰাকীয়ে পৰীক্ষামূলকভাৱে বিভিন্ন কাম কৰি আহিছে। ইফালে শনিবাৰে দৈনিক জনমভূমিৰ হৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰীয় বঁটা লাভ কৰাত মনৰ অনুভৱ সম্পৰ্কে সোধাত তেওঁ কয় যে প্রথমতে বিশ্বাসেই হোৱা নাই। এই বঁটা লাভে আৰু দায়িত্ব বৃদ্ধি কৰিলে। সকলো পক্ষলৈ মই কৃতজ্ঞতা জনালোঁ।


শিল্পীগৰাকীয়ে কয় যে মানুহ আৰু প্ৰকৃতিৰ সম্পর্কক লৈ অসমীয়া চিনেমা নিৰ্মাণ কৰাৰ সপোন পুহি ৰাখিছোঁ। শিল্পীগৰাকীৰ সপোন সাকাৰ হোৱাৰ আশা প্রকাশ কৰিলোঁ। লক্ষণীয় যে সাংস্কৃতিক ৰাজধানী যোৰহাটত নৃত্য পটীয়সীগৰাকীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সফলতাত সকলোৱে অভিনন্দন জ্ঞাপন কৰিছে।



উৎসঃ দৈনিক জনমভূমি









FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ